অসম পৰ্যটনৰ ফোঁপোলা স্বৰূপ; ১৮ মাহ ধৰি পেলাই ৰাখিছে কাজিৰঙাৰ ৰিজ’ৰ্ট

WhatsApp-Image-2019-12-08-at-9.50.46-AM-1140x570

অসম পৰ্যটন নিগম যে কেবল প্ৰদৰ্শনমুখী সেয়া আকৌ এবাৰ প্ৰমাণ হৈছে।

প্ৰকৃততে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা এখন ট্যুৰিষ্ট ৰিজ’ৰ্ট জৰাজীৰ্ণ হৈ পৰি থকাৰ পাছতো তাৰ আন্ত:গাঁথনিৰ বিকাশ আৰু আন পৰ্যটনৰ সা-সুবিধাৰে গঢ়ি তোলাৰ প্ৰতি কোনো কাণসাৰ দিয়া নাই।

অসম পৰ্যটন নিগমৰ (এ টি ডি চি) দ্বাৰা পৰিচালিত কোহৰা পৰ্যটক চৌহদত অৱস্থিত ইয়াৰ ৰিজ’ৰ্টটো হৈছে জুপুৰি। নেটৱৰ্কে এইটো লীজত লৈছিল।

আনহাতে, বিগত ১৮মাহ ধৰি এইটো অৱহেলিত হৈ পৰি আছে।

নেটৱৰ্কৰ সৈতে থকা ইয়াৰ লীজৰ ম্যাদ সমাপ্ত হৈছে যদিও সেয়া নবীকৰণ কৰা হোৱা নাই বা ইয়াৰ পৰিচালনাৰ বাবে কোনো নতুন পক্ষ জড়িত হোৱা নাই।

বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখনলৈ ভ্ৰমণৰ বাবে অহা পৰ্যটকৰ বাবে স্থানটুকুৰা উপযোগী কৰি তোলা উচিত যদিও সেয়া এতিয়া ভূতৰ বাহলৈ পৰিৱৰ্তিত হৈ পৰিছে।

ফটো: সংগ্ৰহীত

সৰু যদিও ঠাইখিনি ক্ষুদ্ৰ জুপুৰি আৰু এখন মুকলি ৰেষ্টুৰেন্টৰ সৈতে এক আমোদজনক স্থান।

বাতানুকুল ব্যৱস্থা, পাৱাৰ বেক আপকে ধৰি সকলো সা-সুবিধা থকা এইটো থকাৰ লগতে চৌপাশৰ অঞ্চলসমূহ ভ্ৰমণৰ বাবে এইখন এক আদৰ্শ স্থান।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে লাগি থকা তথা প্ৰৱেশৰ গাতে লাগি থকাটো ইয়াৰ এক অন্যতম বিশেষত্ব বুলি ধৰিব পাৰি।

এই সম্পদটো সৰু যদিও ৰুচিসন্মত পৰিৱেশৰ লগতে ইয়াৰ কম খৰচী ব্যৱস্থাটোৱে ভাৰতীয়ৰ লগতে বিদেশী পৰ্যটকৰো দৃষ্টি আকৰ্ষণ কৰিছিল।

কিন্তু ইয়াৰ পাছতো এই ৰিজ’ৰ্টখনৰ জৰিয়তে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে পৰ্যটন বিভাগে কোনো তাগিদা অনুভৱ কৰা নাই।

ইয়াৰ ফলত ৰাজ্যখনে এই ১৮ মাহত বহুখিনি ৰাজহ হেৰুৱাব লগা হ’ল।

ৰিজ’ৰ্টটোৰ মেৰামতিৰ কাম তথা ইয়াক পুনৰ আৰম্ভ কৰাৰ বাবেও এক বুজন সংখ্যক ধনৰ প্ৰয়োজন হ’ব।

এতিয়া প্ৰশ্ন হৈছে কাৰ ভুলৰ বাবে এনে এটা সম্পদ পেলাই ৰখা ৰখা হৈছে?