অসমৰ ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াত ব্যাপক জালিয়াতি আৰু ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এক জনস্বার্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে । অধিবক্তা এফ.জেড. মজুমদাৰে সংবিধানৰ ২২৬ নং অনুচ্ছেদৰ অধীনত দাখিল কৰা এই আবেদনখনত অভিযোগ কৰা হৈছে যে ভোটাৰ তালিকা সংশোধনৰ শেহতীয়া প্ৰক্ৰিয়াত ‘ফৰ্ম-৭‘ৰ (Form-7) অপব্যৱহাৰ কৰি আইনসংগত ভোটাৰৰ বিৰুদ্ধে ভুৱা আপত্তি দৰ্শাই তেওঁলোকৰ নাম কৰ্তনৰ অপচেষ্টা চলোৱা হৈছে।
আবেদনখনত উল্লেখ কৰা অনুসৰি, এই সংশোধন প্ৰক্ৰিয়াত ভুৱা পৰিচয় আৰু প্ৰশাসনিক নিষ্ক্ৰিয়তাৰ আশ্ৰয় লোৱা হৈছে, যাৰ ফলত নিৰ্বাচনী স্বচ্ছতা আৰু ভোটাৰৰ আইনী অধিকাৰ ক্ষুণ্ণ হৈছে। আবেদনকাৰী মজুমদাৰে এজন কৰ্তব্যৰত বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এক স্বতন্ত্ৰ ন্যায়িক তদন্তৰ দাবী জনাইছে, যাতে কোনো এজন যোগ্য ভোটাৰৰ নাম তালিকাৰ পৰা অন্যায়ভাৱে কৰ্তন নহয়। আবেদনখনত যুক্তি দিয়া হৈছে যে নিৰ্বাচনী কৰ্তৃপক্ষৰ বিফলতাৰ বাবেই বহু ভোটাৰে নিজৰ ভোটাধিকাৰ সুৰক্ষিত কৰিবলৈ আইনী যুঁজ দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে।
বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ উদ্ধৃতি দি এই আবেদনত উল্লেখ কৰা হৈছে যে বহু জীৱিত ভোটাৰক “মৃত” বা “স্থানান্তৰিত” (Shifted) হিচাপে ভুলকৈ চিহ্নিত কৰা হৈছে। আনকি বহুক্ষেত্ৰত অভিযোগকাৰী বুলি নাম থকা ব্যক্তিসকলেই স্বীকাৰ কৰিছে যে তেওঁলোকে কোনো ধৰণৰ আপত্তি দাখিল কৰা নাছিল। আদালতে এই গুৰুতৰ অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, ভাৰতীয় নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচনী বিষয়াক ২৪ ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
আদালতৰ শুনানিৰ সমান্তৰালভাৱে অসম তৃণমূল কংগ্ৰেছেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ “ভোট চুৰি” সম্পৰ্কীয় মন্তব্যক তীব্ৰ সমালোচনা কৰিছে। দলটোৰ ৰাজ্যিক উপ-সভাপতি দুলু আহমেদে উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা এক পত্ৰত অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে বিসংগতিৰ কথা স্বীকাৰ কৰিছে যদিও দোষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ উপৰিও, চৰকাৰী পক্ষৰ পৰা ব্যৱহাৰ কৰা “মিয়াঁ” শব্দটোৱে সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিব পাৰে বুলিও দলটোৱে উদ্বেগ প্ৰকাশ কৰিছে।
উল্লেখ্য যে ২০২৫ চনৰ ২৭ ডিচেম্বৰত প্ৰকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি অসমত বৰ্তমান ২.৫১ কোটি ভোটাৰ আছে। এই বিশেষ সংশোধন কালত ৪.৭৮ লাখ ভোটাৰক মৃত, ৫.২৩ লাখক স্থানান্তৰিত আৰু ৫৩,৬১৯ গৰাকী ডুপ্লিকেট ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। উল্লেখ্য যে যোৱা ২৫ জানুৱাৰীত ছয়টাকৈ বিৰোধী দলে ভোটাৰ তালিকা সংশোধনত ৰাজনৈতিক হস্তক্ষেপ আৰু আইনী উলংঘনৰ অভিযোগ তুলি এক স্মাৰকপত্ৰ দাখিল কৰিছিল।





