NORTHEAST NOW (Assamese)

দিল্লীত সুৰাৰ ৰাগীত ৰুমমেটক হত্যাৰ অভিযোগত অসমৰ যুৱকক গ্ৰেপ্তাৰ

December 26, 2022 9:57 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ ৰাজধানী চহৰ দিল্লীত ৰুমমেটক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অসমৰ এগৰাকী যুৱক। অভিযুক্ত যুৱকগৰাকীক তিনিচুকীয়া জিলাৰ বিনয় লামা বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভাষ্য মতে যোৱা ১২ ডিচেম্বৰত ৰেশম কুমাৰ নামৰ এগৰাকী ২২ বৰ্ষীয় যুৱকক হত্যাৰ অভিযোগত লামাক গ্ৰেপ্তাৰ কৰা হৈছে। দক্ষিণ-পশ্চিম দিল্লীত নিহত কুমাৰৰ সৈতে একেলগে বাস কৰিছিল লামাই।

মুখ আৰু ডিঙিত আঘাতপ্ৰাপ্ত কুমাৰ স্থানীয় ছফদাৰজং হাস্পতালত চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰিছিল। ইয়াৰ পিছতে কিচনগড় আৰক্ষী থানাত হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল।

এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়া চিচিটিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে বিনয় লামা হত্যাত অভিযুক্ত বুলি সন্দেহ কৰা হয় আৰু লামাৰ সন্ধানৰ বাবে তিনিচুকীয়ালৈ আৰক্ষীৰ এটা দল প্ৰেৰণ কৰা হয়।

দিল্লী আৰক্ষীৰ দলটোৱে অসম আৰক্ষীৰ সহযোগত তিনিচুকীয়াৰ লেখাপানীৰ হাৱাই পাথেৰৰ পৰা লামাক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী বিষয়াগৰাকীৰ ভাষ্য মতে, ঘটনাৰ তদন্তত মৃত কুমাৰৰ সৈতে অভিযুক্ত লামা কিচনগড়ৰ এটা ভাড়াঘৰত একেলগে বাস কৰাৰ কথা জানিব পাৰে। এই সন্দৰ্ভত তেওঁ কয়, “লামাই পূৰ্বে চেন্নাইত গৃহ পৰিচালনাৰ কাম কৰিছিল। চাকৰিৰ সন্ধানত ৬ ডিচেম্বৰত তেওঁ দিল্লীলৈ আহিছিল।”

“দিল্লীত লামাই ৰেশম কুমাৰৰ সৈতে পৰিচয় হয় আৰু যোৱা তিনি-চাৰি দিন ধৰি তেওঁৰ সৈতে একেলগে বাস কৰিছিল। ঘটনাৰ দিনা তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হয় আৰু লামাই সুৰাৰ নিচাত কুমাৰক হত্যা কৰে।”- তেওঁ লগতে কয়।

হত্যাৰ পাছতে লামা দিল্লী এৰি অসমলৈ পলায়ন কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হত্যাকাণ্ডৰ সময়ত লামাই পৰিধান কৰা কাপোৰ আৰু অন্যান্য কিছু সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

Related News