NORTHEAST NOW (Assamese)

ব্ৰেণ্ড এম্বেছাডৰ হিচাপে চুক্তিবদ্ধ প্ৰস্তুতি পৰাশৰ

February 27, 2019 10:26 am · এন ই নাও নিউজ
প্ৰস্তুতি পৰাশৰৰ ফাইল ফটো

ৰূপালী পৰ্দা আৰু ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত অভিনয়েৰে সকলোকে মুগ্ধ কৰা মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আগশাৰীৰ গ্ৰহৰত্ন প্ৰতিষ্ঠান জিঅ’ জেমছ জেনুইন প্ৰাইভেট লিমিটেডৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে চুক্তিবদ্ধ হৈছে।

মঙলবাৰে প্ৰতিষ্ঠানটোৰ পান বজাৰস্থিত কাৰ্য্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত দায়িত্ব গ্ৰহণ কৰে অভিনেত্ৰী গৰাকীয়ে। ব্ৰেণ্ড এম্বেছাডৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি প্ৰস্তুতি পৰাশৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিষ্ঠানটোৰ সামগ্ৰী সমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ পাৰ্য্যমানে চেষ্টা কৰিব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, অনুষ্ঠানত জিঅ’ জেমছৰ পৰিচালন সঞ্চালক গোপাল কৰ্মকাৰ, সঞ্চালিকা চিত্ৰ কৰ্মকাৰ, পৰিচালক কৌশিক মড়লকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

জিঅ’ জেমছৰ ফালৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে চুক্তিবদ্ধ কৰিবলৈ পাই অতিশয় সুখী বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে  প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰীয়ে।

Related News