কেইলাখ মান টকাৰ লোভতে জন্মৰ পিছতে নিজৰ যমজ সন্তানক বিক্ৰী কৰি দিয়া নিদাৰুণ পিতৃ কুশল তালুকদাৰ আৰু মধ্যভোগী হিচাপে কাম কৰা মধ্যাহ্ন ভোজনৰ ৰান্ধনী ৰুণুকা কলিতাক গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে জনোৱামতে তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত 371/373/211 ধাৰাত এটা গোচৰ ৰুজু হৈছিল।
গ্ৰেপ্তাৰৰ পিছত দুয়োজনক গোৱালপাৰা আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে দুয়োকে আৰক্ষীৰ জিম্মাত দিয়ে।
অভিযোগ মতে, কুশলে (সন্তানকেইটাৰ পিতৃ) দুয়োটা সন্তানকে চিকিৎসালয়ত জন্মৰ পিছ মুহূৰ্তটোতে প্ৰতিটো ১০ লাখ টকাৰ বিনিময়ত দুটা ভিন্ন পৰিয়ালক বিক্ৰী কৰে।
খবৰটো গম পাই এজন লোকে গোৱালপাৰাৰ শিশু সুৰক্ষা সমিতিক অভিযোগ দাখিল কৰে।
শিশু সুৰক্ষা সমিতিয়ে তদন্ত কৰি যোৱা সোমবাৰে শিশু দুটাক উদ্ধাৰ কৰি বঙাইগাঁৱত থকা স্পেচিয়েল এডপশ্যন এজেন্সিত থোৱাৰ ব্যৱস্থা কৰে।
আনহাতে শিশু দুটাক বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হোৱা আৰু খবৰটো চাৰিওফালে বিয়পি পৰাত পিতৃ- কুশল তালুকদাৰ আৰু মধ্যভোগী ৰুণুকা কলিতাই বিক্ৰী কৰাৰ কথা অস্বীকাৰ কৰে।
কুশল তালুকদাৰে পত্নীৰ অসুস্থতাৰ বাবেহে আনক লালন-পালন কৰিবলৈ দিয়া বুলি জানিবলৈ দিয়ে।
কিন্তু স্থানীয় লোক আৰু পৰিয়ালৰ লোকে জনোৱামতে, পত্নী গৰ্ভৱতী হোৱাৰ কথাও লুকুৱাই ৰাখিছিল কুশল তালুকদাৰে। লোকচক্ষুক ফাঁকি দিবলৈ কুশলে পত্নীৰ টিউমাৰ হোৱা বুলিহে জনাইছিল পিতৃ-মাতৃ আৰু গাঁওবাসীক।