আৰ্ছেনিক আৰু ফ্লৰাইডযুক্ত পানী সেৱনযোগ্য কৰিব পৰা প্ৰযুক্তি উদ্ভাৱন অসমীয়া উদ্যোগীৰ

অসমৰ বাবে এক ডাঙৰ সমস্যা হৈছে খোৱা পানীৰ সমস্যা। দীৰ্ঘদিন ধৰি ফ্লৰাইড আৰু আৰ্ছেনিকযুক্ত ভূগৰ্ভৰ পানী অসমৰ লোকৰ বাবে এক গভীৰ চিন্তাৰ কাৰণ হৈ আহিছে।

শেহতীয়াভাৱে ৰাজীৱ শইকীয়া নামৰ এগৰাকী অসমীয়া যুৱ উদ্যোগীয়ে এইক্ষেত্ৰত লৈ আনিছে এক সুখবৰ।

তেওঁ এক বিশেষ প্ৰযুক্তি লৈ আহিছে যাৰ দ্বাৰা ভূগৰ্ভৰ পানীৰ পৰা ফ্লৰাইড আৰু আৰ্ছেনিক আঁতৰ কৰাৰ লগতে ভূপৃষ্ঠজলত মিহলি হৈ থকা অপকাৰী ধাতু আঁতৰ কৰিব পাৰি।

‘মই ফৰিদাবাদত থাকো, কিন্তু খোৱা পানীৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবৰ বাবে যোৱা আঢ়ৈ বছৰে মই অসমত আছোহি। এইদৰে কয় আৰ ডি গ্ৰ’ গ্ৰীন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক ৰাজীৱ শইকীয়াই।

ইতিমধ্যে এক পাইলট প্ৰজেক্ট হিচাপে গুৱাহাটীৰ হাতীগাঁৱত স্থাপন কৰা প্ৰকল্পত বিদ্যুৎ বিশ্লেষণৰ জৰিয়তে তেওঁ সফলতাৰে প্ৰদূষিত পানী পৰিষ্কাৰ কৰিছে বুলি উল্লেখ কৰি কয়, ‘আমাৰ লক্ষ্য হৈছে কম-খৰছি অথচ ফলপ্ৰসূ জল-শোধন প্ৰযুক্তি যোগান ধৰা যাক খোৱা পানী তথা ঔদ্যোগিক বৰ্জিত পানী উভয় ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰি’।

‘এই প্ৰযুক্তিৰ আটাইতকৈ ভাল কথাটো হৈছে যে ইয়াত ৰাসায়নিক দ্ৰব্যৰ একেবাৰে ব্যৱহাৰ নহয়। মই হাতীগাঁৱৰ প্ৰকল্পত প্ৰতি ঘণ্টাত ১৫০ লিটাৰ পানী পৰিষ্কাৰ কৰিছো। এতিয়া মই প্ৰতি ঘণ্টাত কমেও ৩০০ লিটাৰ পানী পৰিষ্কাৰ কৰিব পৰা এটা প্ৰকল্প স্থাপনৰ কামত লাগি আছো।‘ শইকীয়াই কয়।

এই পৰ্যন্ত ৰাজ্য চৰকাৰৰ পৰা আশানুৰূপ সঁহাৰি পাই থকা বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আজিৰ দিনত অসমৰ কমেও ২৪খন জিলাৰ ভূগৰ্ভৰ পানীত হয় আৰ্ছেনিক বা ফ্লৰাইডৰ সমস্যা আছে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে যোৱা বছৰ অসম বিধানসভাত প্ৰকাশ কৰিছিল যে অসমৰ ২৪খন জিলাৰ ভূগৰ্ভৰ পানী আৰ্ছেনিক আৰু ফ্লৰাইডযুক্ত।

দৈমাৰীয়ে সদৰী কৰা মতে অসমৰ কমেও ৬,৮৮১টা অঞ্চলত ভূগৰ্ভৰ পানীত আৰ্ছেনিক থকাৰ বিপৰীতে ৯৩০ টা অঞ্চলত ফ্লৰাইডৰ উপস্থিতি আছে।

অসম চৰকাৰে বিগত সময়ত আৰ্ছেনিক আৰু ফ্লৰাইড মুক্ত খোৱা পানীৰ বাবে ক্ৰমে ২২৭ আৰু ৪০ খন আঁচনি ঘোষণা কৰিছিল যদিও ইয়াৰ কোনো এখনো ফলপ্ৰসূ হৈ উঠা নাই।

এনে পৰিপ্ৰেক্ষিতত যদি যুৱ উদ্যোগী ৰাজীৱ শইকীয়াৰ প্ৰচেষ্টা সফল হয় তেন্তে এই দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি আশা কৰিব পাৰি।