মুম্বাইৰ পৰা গুৱাহাটীত উপস্থিত ৰাজ্যৰ ১৩৭ গৰাকী কৰ্কট ৰোগী

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে দেশজুৰি ঘোষিত তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সময়তে মুম্বাইত চিকিৎসাৰ বাবে গৈ আৱদ্ধ হৈ থকা ১৩৭ গৰাকী কেন্সাৰ ৰোগী মঙলবাৰে নিশা গুৱাহাটীত উপস্থিত হয়।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰী পিযুষ হাজৰিকাই সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ ৰোগী সকলক আদৰণি জনায়।

মঙলবাৰে নিশা সৰুসজাইত যাত্ৰী সকলক লগত লৈ উপস্থিত হোৱা বাছৰ আলোকচিত্ৰ নিজৰ টুইটাৰত আপলোড কৰি হিমন্ত বিশ্ব শৰ্মাই এই কথা নিশ্চিত কৰে।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই সকল লোক মুম্বাইত কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে গৈ আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল।

মুম্বাইত ল’কডাউনৰ সময়ত আৱদ্ধ হৈ থাকিবলগীয়াএই সকল ৰোগীক ঘৰলৈ ঘুৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই কেন্সাৰ ৰোগী সকলক সৰুসজাই ষ্টেডিয়ামত উপস্থিত হোৱাৰ পাছতে প্ৰয়োজনীয় পৰীক্ষা কৰাৰ লগতে ১৪ দিনীয়া বাধ্যতামূলক কোৱাৰেণ্টাইনলৈ তেওঁলোকৰ ইচ্ছা অনুসাৰে পঠোৱা হ’ব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, অসম চৰকাৰে ইয়াৰ পূৰ্বে ল’কডাউনৰ বাবে দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী সকলকো ঘৰলৈ ওভটাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল।