• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ প্ৰথম গৰাকী কংগ্ৰেছ সভাপতিৰ নাতিনী হ’ল ‘ডি’ ভোটাৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2019 12:07 pm
3455-750x375

মঞ্জু দেৱী (বাওফালে) আৰু তেওঁৰ ককাক চবিলাল উপাধ্যায়(সোঁফালে)। ফটো : টাইমছ অৱ ইণ্ডিয়াৰ সৌজন্যত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক অতি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে ৰাজ্যখনত। অসমৰ প্ৰথম কংগ্ৰেছ সভাপতি চবিলাল উপাধ্যায়ৰ নাতিনীক সজোৱা হৈছে ‘ডি’ (সন্দেহজনক)ভোটাৰ।

শোণিতপুৰ জিলাৰ তেজপুৰৰ চান্দমাৰি অঞ্চলত বাস কৰে ৫৫ বছৰীয়া মঞ্জু দেৱীয়ে। বৰ্তমান দুগৰাকী সন্তানৰ মাতৃ মঞ্জু দেৱী হৈছে ১৯২১ চনত অসমৰ প্ৰথম কংগ্ৰেছ সভাপতি নিৰ্বাচিত হোৱা মুক্তিযোদ্ধা চবিলাল উপাধ্যায়ৰ নাতিনী।

Apply Now

কিন্তু এগৰাকী মুক্তিযোদ্ধাৰ নাতিনী হোৱাৰ পাছতো মঞ্জু দেৱীক ২০০৫ চনত ‘ডি’ (সন্দেহজনক) ভোটাৰ সজোৱা হয়। আনহাতে, তেওঁ এতিয়াও এই অপযশৰ পৰা মুক্ত হ’ব পৰা নাই।

ৰাষ্ট্ৰীয় কাকত টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা বাতৰি অনুসৰি মঞ্জু দেৱীক কিয় ‘ডি’ভোটাৰ বিবেচনা কৰা হ’ল সেই সম্পৰ্কত বিদেশী ন্যায়াধীকৰণ কিম্বা তথ্য জনাৰ অধিকাৰ আইনেও কোনো তথ্য আগবঢ়াব পৰা নাই।

মঞ্জু দেৱীয়ে কয় যে তেওঁ নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰমান কৰিবলগীয়া হোৱাটো অত্যন্ত বেদনাদায়ক।

বাতৰিটোত মঞ্জু দেৱীৰ উদ্ধৃতি দি কোৱা হৈছে : ‘’আপুনি যেতিয়া নাজানে যে আপোনাক কিয় ‘ডি’ ভোটাৰ সজোৱা হৈছে, তেতিয়া মানসিক নিৰ্যাতন বৃদ্ধি পায়। ‘ডি’ ভোটাৰৰ অপযশৰ বাবেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰাত মোৰ পুত্ৰ আৰু কন্যাৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল। মই এই সিদ্ধান্তলৈ আহিছো যে কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবেই আজিও সমস্যাটো মীমাংসা নোহোৱাকৈ ৰৈছে।‘’

উল্লেখযোগ্য যে গোৰ্খা সম্প্ৰদায়ৰ এক গৰিষ্ঠ সংখ্যক লোক ‘ডি’ ভোটাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

বিধানসভাৰ তথ্য অনুসৰি ২০১৮ চনৰ ১৫ ছেপ্টেম্বৰত প্ৰকাশ পোৱা ভোটাৰ তালিকাৰ খচৰাত ১,১৯,৫৫৯ গৰাকী লোকক ‘ডি’ ভোটাৰ হিচাপে চিহ্নিত কৰা হৈছিল। এই সংখ্যা ২০০৫ চনত ১,৬০,০৫১ গৰাকী আৰু ১৯৯৭ চনত ২,০২,০৯২ গৰাকী আছিল।

যদিওবা এই ‘ডি’ ভোটাৰ হিচাপে চিহ্নিত লোকৰ অধিকাংশই বাংলাভাষী মুছলমান আৰু বঙালী হিন্দু, আন বহুতো গোৰ্খা, কোচ ৰাজবংশী আৰু আন জনগোষ্ঠীৰ লোকেও দীৰ্ঘদিন ধৰি এই কালিমা কঢ়িয়াব লগা হৈছে।

‘ডি’ ভোটাৰৰ এই ঘোষণাৰ বাবেই এইলোকসকলে লগতে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত উন্নীতকৰণৰ কাম চলি থকা এনআৰচিতো তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাত বিফল হৈছে।

বাতৰি অনুসৰি ৭খন লোকসভা আসনৰ ভিতৰত অধিক গোৰ্খা জনসংখ্যা থকা তেজপুৰ সমষ্টিত সৰ্বাধিক প্ৰায় ৩ লাখ ভোটাৰ থকাৰ বিপৰীতে বাকী ৬টা লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা ৬০,০০০ ৰ পৰা দুই লাখ হ’ব।

বাতৰিত লগতে অসম গোৰ্খা সন্মিলনৰ সম্পাদক দীপক নিৰ’লাৰ উদ্ধৃতিৰে কোৱা হৈছে যে যোৱা বছৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশনা ৰাজ্য চৰকাৰে ৰূপায়নৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ বাবে গোৰ্খা জনসাধাৰণৰ মাজত বিভিন্ন ধৰণে হতাশা বৃদ্ধি পাইছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাত কোৱা হৈছে : ‘’গোৰ্খা সম্প্ৰদায় (সদস্যসকল) যিসকল সংবিধান প্ৰতিষ্ঠাৰ সময়তে ভাৰতীয় নাগৰিক আছিল, বা যিসকল জন্মসূত্ৰে ভাৰতীয়, অথবা যিসকলে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত স্বাভাৱিকভাৱে বা পঞ্জীয়নৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিছে তেওঁলোক ‘বিদেশী’ নহয় আৰু ১৯৪৬ চনৰ বিদেশী আইনৰ ধাৰা ২(এ) তথা ১৯৩৯ চনৰ বিদেশী পঞ্জীয়ন আইন অনুসৰি তেওঁলোকক বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰা নহ’ব।‘’

বাতৰিটোত লগতে নিৰ’লাৰ উদ্ধৃতিৰে কোৱা হৈছে : ‘’ প্ৰায় ২০,০০০ গোৰ্খা লোকে এতিয়াও ‘ডি’ ভোটাৰৰ কালিমা কঢ়িয়াই লৈ ফুৰিছে। ২০১৬ চনত যেতিয়া বিজেপি শাসনলৈ আহিছিল তেতিয়া সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিজেপিক সমস্যাটো সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা যোৱা নাই। নহ’লে চৰকাৰে গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা ৰূপায়ন কৰিলেহেঁতেন।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd