এক অতি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে ৰাজ্যখনত। অসমৰ প্ৰথম কংগ্ৰেছ সভাপতি চবিলাল উপাধ্যায়ৰ নাতিনীক সজোৱা হৈছে ‘ডি’ (সন্দেহজনক)ভোটাৰ।
শোণিতপুৰ জিলাৰ তেজপুৰৰ চান্দমাৰি অঞ্চলত বাস কৰে ৫৫ বছৰীয়া মঞ্জু দেৱীয়ে। বৰ্তমান দুগৰাকী সন্তানৰ মাতৃ মঞ্জু দেৱী হৈছে ১৯২১ চনত অসমৰ প্ৰথম কংগ্ৰেছ সভাপতি নিৰ্বাচিত হোৱা মুক্তিযোদ্ধা চবিলাল উপাধ্যায়ৰ নাতিনী।
কিন্তু এগৰাকী মুক্তিযোদ্ধাৰ নাতিনী হোৱাৰ পাছতো মঞ্জু দেৱীক ২০০৫ চনত ‘ডি’ (সন্দেহজনক) ভোটাৰ সজোৱা হয়। আনহাতে, তেওঁ এতিয়াও এই অপযশৰ পৰা মুক্ত হ’ব পৰা নাই।
ৰাষ্ট্ৰীয় কাকত টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা বাতৰি অনুসৰি মঞ্জু দেৱীক কিয় ‘ডি’ভোটাৰ বিবেচনা কৰা হ’ল সেই সম্পৰ্কত বিদেশী ন্যায়াধীকৰণ কিম্বা তথ্য জনাৰ অধিকাৰ আইনেও কোনো তথ্য আগবঢ়াব পৰা নাই।
মঞ্জু দেৱীয়ে কয় যে তেওঁ নিজকে ভাৰতীয় নাগৰিক হিচাপে প্ৰমান কৰিবলগীয়া হোৱাটো অত্যন্ত বেদনাদায়ক।
বাতৰিটোত মঞ্জু দেৱীৰ উদ্ধৃতি দি কোৱা হৈছে : ‘’আপুনি যেতিয়া নাজানে যে আপোনাক কিয় ‘ডি’ ভোটাৰ সজোৱা হৈছে, তেতিয়া মানসিক নিৰ্যাতন বৃদ্ধি পায়। ‘ডি’ ভোটাৰৰ অপযশৰ বাবেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰাত মোৰ পুত্ৰ আৰু কন্যাৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল। মই এই সিদ্ধান্তলৈ আহিছো যে কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবেই আজিও সমস্যাটো মীমাংসা নোহোৱাকৈ ৰৈছে।‘’
উল্লেখযোগ্য যে গোৰ্খা সম্প্ৰদায়ৰ এক গৰিষ্ঠ সংখ্যক লোক ‘ডি’ ভোটাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।
বিধানসভাৰ তথ্য অনুসৰি ২০১৮ চনৰ ১৫ ছেপ্টেম্বৰত প্ৰকাশ পোৱা ভোটাৰ তালিকাৰ খচৰাত ১,১৯,৫৫৯ গৰাকী লোকক ‘ডি’ ভোটাৰ হিচাপে চিহ্নিত কৰা হৈছিল। এই সংখ্যা ২০০৫ চনত ১,৬০,০৫১ গৰাকী আৰু ১৯৯৭ চনত ২,০২,০৯২ গৰাকী আছিল।
যদিওবা এই ‘ডি’ ভোটাৰ হিচাপে চিহ্নিত লোকৰ অধিকাংশই বাংলাভাষী মুছলমান আৰু বঙালী হিন্দু, আন বহুতো গোৰ্খা, কোচ ৰাজবংশী আৰু আন জনগোষ্ঠীৰ লোকেও দীৰ্ঘদিন ধৰি এই কালিমা কঢ়িয়াব লগা হৈছে।
‘ডি’ ভোটাৰৰ এই ঘোষণাৰ বাবেই এইলোকসকলে লগতে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত উন্নীতকৰণৰ কাম চলি থকা এনআৰচিতো তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাত বিফল হৈছে।
বাতৰি অনুসৰি ৭খন লোকসভা আসনৰ ভিতৰত অধিক গোৰ্খা জনসংখ্যা থকা তেজপুৰ সমষ্টিত সৰ্বাধিক প্ৰায় ৩ লাখ ভোটাৰ থকাৰ বিপৰীতে বাকী ৬টা লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা ৬০,০০০ ৰ পৰা দুই লাখ হ’ব।
বাতৰিত লগতে অসম গোৰ্খা সন্মিলনৰ সম্পাদক দীপক নিৰ’লাৰ উদ্ধৃতিৰে কোৱা হৈছে যে যোৱা বছৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশনা ৰাজ্য চৰকাৰে ৰূপায়নৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ বাবে গোৰ্খা জনসাধাৰণৰ মাজত বিভিন্ন ধৰণে হতাশা বৃদ্ধি পাইছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাত কোৱা হৈছে : ‘’গোৰ্খা সম্প্ৰদায় (সদস্যসকল) যিসকল সংবিধান প্ৰতিষ্ঠাৰ সময়তে ভাৰতীয় নাগৰিক আছিল, বা যিসকল জন্মসূত্ৰে ভাৰতীয়, অথবা যিসকলে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত স্বাভাৱিকভাৱে বা পঞ্জীয়নৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিছে তেওঁলোক ‘বিদেশী’ নহয় আৰু ১৯৪৬ চনৰ বিদেশী আইনৰ ধাৰা ২(এ) তথা ১৯৩৯ চনৰ বিদেশী পঞ্জীয়ন আইন অনুসৰি তেওঁলোকক বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰা নহ’ব।‘’
বাতৰিটোত লগতে নিৰ’লাৰ উদ্ধৃতিৰে কোৱা হৈছে : ‘’ প্ৰায় ২০,০০০ গোৰ্খা লোকে এতিয়াও ‘ডি’ ভোটাৰৰ কালিমা কঢ়িয়াই লৈ ফুৰিছে। ২০১৬ চনত যেতিয়া বিজেপি শাসনলৈ আহিছিল তেতিয়া সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিজেপিক সমস্যাটো সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা যোৱা নাই। নহ’লে চৰকাৰে গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা ৰূপায়ন কৰিলেহেঁতেন।‘’