নতুন অভিলেখ গঢ়ি হিমা ৪০০ মিটাৰৰ ফাইনেলত; স্বৰ্ণৰ আশা অধিক উজলিল

hima das assam

ফাইল ফটো

ইণ্ডোনেছিয়াত চলি থকা এছিয়ান গেইমছৰ মহিলাৰ ৪০০ মিটাৰৰ ছেমিত আজি অসমৰ হিমা দাসে ভাৰতৰ হৈ অৱতীৰ্ণ হৈ দ্বিতীয় স্থান দখল কৰি ফাইনেলত প্ৰৱেশ কৰিছে।

প্ৰতিভাময়ী, উদীয়মান খেলুৱৈগৰাকীয়ে আজিৰ দৌৰত পূৰ্বৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় কিছু উন্নত কৰে আৰু ৫১ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে। তেওঁৰ পূৰ্বে ব্যক্তিগত শ্ৰেষ্ঠ সময় আছিল ৫১.১৩ ছেকেণ্ড। ছেমিত হিমাতকৈ সামান্য ব্যৱধানেৰে আগত থাক বাহৰেইনৰ ছালৱা ইদ নাছীৰ । ছালৱা ইদ নাছীৰে সময় লয় ৫০.৮৬ ছেকেণ্ড।

আজিৰ প্ৰদৰ্শনেৰে হিমাই পদকৰ আশা উজলাই তুলিছে। হিমাৰ লগতে ছেমিত চতুৰ্থ স্থান দখলেৰে ভাৰতৰ নিৰ্মলা শ্বেওৰেনেও ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে তৃতীয় স্থানত আছে কাজাখাস্তানৰ এলিনা মিখিনা। তেওঁ সময় লয় ৫৩.৭৫ ছেকেণ্ড।

ফাইনেলত পদকৰ বাবে মুঠ ৮ গৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আঠ গৰাকীৰ ভিতৰত বাহৰেইনৰ দুগৰাকী, ভাৰতৰ দুগৰাকী, চীনৰ দুগৰাকী আৰু কাজাখাস্তান আৰু ভিয়েটনামৰ এগৰাকীকৈ খেলুৱৈ আছে। স্বৰ্ণ পদকৰ বাবে বাহৰেইনৰ ছালৱা ইদ নাছীৰেই হিমাৰ মূল প্ৰতিদ্বন্দ্বী হোৱাটো স্পষ্টা হৈ পৰিছে।

অৱশ্যে অসমৰ উদীয়মান খেলুৱৈগৰাকীয়ে তেওঁক অতিক্ৰম কৰি যোৱাটোত একো অভাৱনীয় কথা নহ’ব, কাৰণ হিমাই বিগত দিনবোৰত ধাৰাবাহিকভাৱে ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন অধিক উন্নত কৰি আহিছে।

আনহাতে বাকী প্ৰতিদ্বন্দ্বীসকল হিমাতকৈ ভালেখিনি ব্যৱধানত পিছ পৰি আছে। হিমাৰ আজিৰ প্ৰদৰ্শনে স্বাভাৱিকতে ভাৰতীয় শিবিৰত আনন্দৰ জোৱাৰ তুলিছে। ১৯৭০ চনতে বেংকক এছিয়ান গেইমছত ভাৰতে মহিলাৰ ৪০০ মিটাৰত স্বৰ্ণ দখল কৰিছিল। হিমাই এই দীৰ্ঘ বিৰতিত এটা পৰিৱৰ্তন আনিব পাৰে।