আজি জন্মদিন : ভায়া মামাৰ পৰা আন্তৰ্জাতিক খ্যাতিলৈ স্বৰ্ণিল যাত্ৰা আদিল হুছেইনৰ

8-1-1140x570

চলচ্চিত্ৰ জগতৰ এগৰাকী খ্যাতনাম অভিনেতা হিচাপে ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত অসম সন্তান আদিল হুছেইনৰ আজি ৫৬ সংখ্যক জন্মদিন।

ৰাজ্যখনৰ গৌৰৱ আদিল হুছেইনে তেওঁৰ এই জন্মদিনৰ শ্ৰেষ্ঠতম উপহাৰটো বুচানত লাভ কৰাৰ বাবে সকলো প্ৰস্তুতি সাজু হৈ উঠিছে।

আদিলে শনিবাৰে ৫৬ বছৰত ভৰি দিয়াৰ সময়তে তেওঁৰ দুখন চলচ্চিত্ৰ ‘ৰাহগীৰ’ আৰু ‘নিৰ্বাণ ইন’ৰ বুচান আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৯’ত ৱৰ্ল্ড প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব।

তেওঁৰ দুয়োখন চলচ্চিত্ৰ ‘এছিয়ান চিনেমাৰ জলঙাইদি’ শাখাৰ অধীনত প্ৰদৰ্সিত হ’ব। ‘নিৰ্বাণ ইন’ অহা ৬ অক্টোবৰত আৰু ‘ৰাহগীৰ’ অহা ৭ অক্টোবৰ প্ৰদৰ্শিত হ’ব।

দুয়োখন চলচ্চিত্ৰতে আদিলে পুৰুষৰ মূল ভূমিকাত অভিনয় কৰিছে। ‘ৰাহগীৰ’ৰ পৰিচালনা গৌতম ঘোষৰ আৰু ছবিখন প্ৰযোজনা কৰিছে অমিত আগৰৱালাই। আনহাতে, ‘নিৰ্বাণ ইন’ৰ পৰিচলনা বিজয় জয়পালৰ।

বুচান আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৯’ ৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে আৰু অহা ১২ অক্টোবৰ ইয়াৰ সামৰণি পৰিব।

সহ অভিনেতা, পৰিচালক তথা প্ৰযোজকৰ সৈতে আদিল হুছেইনো ৫ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈকে ছবিৰ প্ৰদৰ্শন তথা প্ৰশ্নোত্তৰ পৰ্বৰ অনুষ্ঠানত উপস্থিত থাকিব।

অসমৰ ‘ভাৰ্ছেটাইল’ অভিনেতাগৰাকীয়ে একাধাৰে ইংৰাজী, হিন্দী, অসমীয়া, বাংলা,তামিল, মাৰাঠী, মালয়ালাম, নৰৱেয়ান আৰু ফৰাচী ছলচ্চিত্ৰত অভিনয় কৰিছে।

গোৱালপাৰা জিলাৰ এটা মুছলমান পৰিয়ালৰ সন্তান আদিলে তেওঁৰ অভিনয়জীৱন স্কুলীয়া জীৱনতে আৰম্ভ কৰিছিল।

তেওঁ কলেজৰ নাটকত অভিনয় কৰিছিল আৰু এগৰাকী ‘ষ্টেণ্ড আপ কমেডিয়ান’ হিচাপে প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ এসময়ৰ ভায়া মামা গ্ৰুপৰ এগৰাকী অতি জনপ্ৰিয় সদস্য আছিল।

আদিল হুছেইনৰ অভিনয়ৰ প্ৰকৃত পাঠ আৰম্ভ হৈছিল ১৯৯০ চনত তেওঁ যেতিয়া ‘নেশ্যনেল স্কুল অফ ড্ৰামা’ত যোগদান কৰিছিল। তেওঁ চাৰ্লছ ৱালেচ ইণ্ডিয়া ট্ৰাষ্ট স্ক’ৰাৰশ্বিপ লৈ ড্ৰামা ষ্টুডিঅ’ লণ্ডনতো অধ্যয়ন কৰিছিল।

ভাৰতলৈ উভতি অহাৰ পাছত ১৯৯৪ চনত আদিলে ভ্ৰাম্যমান থিয়েটাৰ হেঙুলত যোগদান কৰি নতুন দিল্লীলৈ যোৱাৰ পূৰ্বে তিনিবছৰ তাত কাম কৰে।

অভিনেতা হিচাপে তেওঁ প্ৰথম ‘অথেলো’ত কৰা অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰে।

২০১৪ চনত তেওঁ চোহা আলী খানৰ সৈতে ‘ইতি শ্ৰীকান্ত’ নামৰ ছবিৰে বাংলা চলচ্চিত্ৰ জগতত ভূমুকি মাৰে। ছবিখনৰ মুখ্য ভূমিকাত আদিলে অভিনয় কৰিছিল।

বিবিচি ৱৰ্ল্ড চাৰ্ভিছ ট্ৰাষ্টে প্ৰযোজনা কৰা এখন ৰহস্যভিত্তিক ধাৰাবাহিক ‘জাছুছ বিজয়’ত মুখ্য চৰিত্ৰ ৰূপায়নৰ জৰিয়তে তেওঁ টেলিভিশ্বনৰ পৰ্দাত ভূমুকি মাৰিছিল।

২০১০ চনত অভিষেক চৌবেৰ ‘ইছকিয়া’ত কৰা তেওঁৰ অভিনয়ে বলীউদৰ দৃষ্টি আকৰ্ষণ কৰে। অৱশ্যে, তেওঁ ছইফ আলী খান-কৰীমা কাপুৰ অভিনীত এজেন্ট বিনোদতহে প্ৰধান চৰিত্ৰ এটাত অভিনয় কৰিছিল।

ইয়াৰ পাছত আদিলে আৰু উভতি চাবলগীয়া হোৱা নাই। আজি তেওঁ বলীউদৰ এগৰাকী অতি বলিষ্ঠ অভিনেতা হিচাপে প্ৰতিষ্ঠিত।

তেওঁৰ বিশ্বৰ এক সংখ্যক অতি প্ৰসিদ্ধ পৰিচালকৰ সৈতে কাম কৰিছে আৰু কেইবাখনো আন্তৰ্জাতিক বঁটা প্ৰাপ্ত চলচ্চিত্ৰৰ সৈতে জড়িত হৈছে।

তেওঁৰ ৫৬ সংখ্যক জন্মদিনত অসমবাসীয়ে তেওঁক শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতে এক উজ্জ্বল অভিনয় জীৱনৰ কামনা কৰিছে।