NORTHEAST NOW (Assamese)

অসমত ১ নৱেম্বৰৰ পৰা খোলা হ’ব বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ

October 2, 2020 4:09 pm · এন ই নাও নিউজ

অসমত বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ ১ নৱেম্বৰৰ পৰা খোলা হ’ব বুলি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে।

‘‘আমি অক্টোবৰৰ ১৫ তাৰিখৰ পৰা নোখোলো। বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ ১ নৱেম্বৰৰ পৰা খোলা হ’ব,’’ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয়।

কেন্দ্ৰ চৰকাৰে আনল’ক-৫ৰ নিৰ্দেশনা অনুসৰি বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ ১৫ অক্টোবৰৰ পৰা খোলাৰ নিৰ্দেশ দিছে যদিও অসম চৰকাৰে অক্টোবৰৰ মাহত বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি শিক্ষা মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পাঠদান সমূহ কোভিড প্ৰট’কল মানি আৰম্ভ কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে আনল’ক-৫ৰ নিৰ্দেশনা অনুসৰি বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ ১৫ অক্টোবৰৰ পৰা খোলাৰ নিৰ্দেশ দিছে যদিও এইক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতি আৰু পৰিস্থিতি অধ্যয়ন কৰি নিৰ্ণয় লোৱাৰ বাবে উপদেশ দিছে।

তদুপৰি, বিদ্যালয়, মহাবিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিও বাধ্যতামূলক নহয়।

উল্লেখযোগ্য যে, শিক্ষা বিভাগে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহ পুনৰ খোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা বিভাগক সিদ্ধান্ত গ্ৰহণৰ বাবে কৈছে।

শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰাৰ পাছতহে মহাবিদ্যালয় খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

Related News