• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উপঢৌকন লোৱাৰ অভিযোগত শীৰ্ষ বন বিষয়াক গ্ৰেপ্তাৰ চিবিআইৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 18, 2019 10:15 am

2 min read

CBI raids Northeast Frontier Railway headquarters

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

649
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ই পৰিৱেশ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াক উপঢৌকন দিয়াৰ অভিযোগত ভাৰতীয় বন সেৱাৰ বিষয়া অসমৰ দিগন্ত গগৈৰ লগতে আন এগৰাকী শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ কৰিছে।

ভাৰতীয় বন সেৱাৰ বিষয়া দিগন্ত গগৈ অৰুণাচল প্ৰদেশৰ বন বিভাগৰ মুখ্য বন সংৰক্ষক হিচাপে নিযুক্ত হোৱাৰ বিপৰীতে গ্ৰেপ্তাৰ হোৱা আনগৰাকী বন বিষয়া তৰুণ জোহৰী প’ষ্ট ব্লেয়াৰত নিযুক্ত হৈছিল।

চিবিআইৰ বিষয়াই জানিবলৈ দিয়া মতে মন্ত্ৰালয়ৰ বিষয়াৰ এক অভিযোগৰ ভিত্তিত ২০০১ বৰ্ষৰ বনসেৱাৰ বিষয়া দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

সংশ্লিষ্ট মন্ত্ৰালয়ৰ আমোলাগৰাকীয়ে চিবিআইৰ আগত অভিযোগ দিছিল যে গগৈৰ চাকৰিৰ তথ্য জালিয়াতিত সহায় কৰাৰ বাবে তেওঁক ২০,০০০ টকা উপঢৌকন আগবঢ়াইছিল। সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত এই কথা প্ৰকাশ পাইছে।

এগৰাকী চিবিআইৰ বিষয়াই কয় যে জোহৰীয়ে পৰিৱেশ মন্ত্ৰালয়ৰ বিষয়াগৰাকীক যোগযোগ কৰি এগৰাকী মুখ্য বন সংৰক্ষক হিচাপে গগৈৰ চাকৰিৰ তথ্যত তাৰিখ সলনিত পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ অনুমোদনৰ বাবে অনুৰোধ কৰিছিল।

‘’আমি পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ বিষয়াগৰাকীৰয়ে উপঢৌকন গ্ৰহণ কৰাৰ  পাছত এক অভিযোগ পাইছিলো। চিবিআইৰ বিষয়াই জোহৰীক দিল্লীৰ পৰা আৰু গগৈক প’ৰ্ট ব্লেয়াৰৰ পৰা গ্ৰেপ্তাৰ কৰে। জোহৰীৰ দিল্লীৰ বাসগৃহত তালাচী চলাই থকা হৈছে। চিবিআইৰ আন এটা দলে গগৈৰ গুৱাহাটী আৰু পৰ্ট ব্লেয়াৰৰ বাসগৃহত তালাচী চলাইছে। আমি এটা গোচৰ ৰুজু কৰিছো আৰু তদন্ত অব্যাহত আছে,’’-চিবিআইৰ মুখপাত্ৰৰ উদ্ধৃতি দি হিন্দুস্তান টাইমছে এই কথা প্ৰকাশ কৰিছে।

শনিবাৰে শেষ নিশা গ্ৰেপ্তাৰ কৰা জোহৰীক দেওবাৰে মহানগৰীৰ এখন আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক ১৯ মাৰ্চলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আনহাতে, গগৈক দেওবাৰে প’ৰ্ট ব্লেয়াৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁক সোমবাৰে দিল্লীলৈ দুদিনৰ বাবে সোধাপোছাৰ বাবে অনা হ’ব।

জোহৰী দিল্লীৰ বন বিভাগৰ বন সংৰক্ষক আছিল। চিবিআইৰ বিষয়াই জানিব দিয়া মতে জোহৰীয়ে তেওঁৰ বন্ধু তথা একে বৰ্ষৰ বিষয়া গগৈক সহায় কৰিবলৈ মন্ত্ৰালয়ৰ বিষয়াক উপঢৌকন আগবঢ়াইছিল।

Recent News

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd