অসমৰ বাহিৰে বাকী ৰাজ্যত বিজেপিৰ বিজয় ৰথ ৰুদ্ধপ্ৰায়! : পশ্চিমবংগত তৃণমূলৰ বৃহৎ অগ্ৰগতি

Assembly-elections-2021-1-750x375

আজি ভোট গণনা হৈ আছে পডুচেৰীসহ দেশৰ চাৰি ৰাজ্য বিধানসভা নিৰ্বাচনৰ। অসম, পশ্চিমবংগ, কেৰলা, তামলিনাডু আৰু পডুচেৰীত অব্যাহত আছে ভোট গণনা।

অসমত বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে অন্য ৰাজ্যসমূহত বিজেপি দল পিছ পৰি থকা পৰিলক্ষিত হৈছে।

বৰ্তমানলৈকে ২৯২ খন বিধানসভা আসনবিশিষ্ট পশ্চিমবংগত শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছে ২০১ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৮৮ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

এই মুহূৰ্তত কংগ্ৰেছ আৰু বাওঁদলসমূহে এখনো আসনতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে নন্দীগ্ৰাম বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী পিছ পৰি থকা বুলি জানিব পৰা গৈছে।

কেৰলাত শাসনাধিষ্ঠ বাওঁ শিবিৰে অগ্ৰগতি লাভ কৰি আছে। ৰাজ্যখনৰ ১৪০ খন বিধানসভা আসনবিশিষ্ট লেফ্ট ডেম’ক্ৰেটিক ফ্ৰ’ণ্টে ৯১ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

ইফালে ইউডিএফে ৪৫ খন আৰু বিজেপিয়ে মাত্ৰ ৩ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

২৩৪ খন বিধানসভা আসনবিশিষ্ট তামিলনাডুত ডিএমকে মিত্ৰজোঁটে ১৩৭ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে এআইএডিএমকে ৯৬ খন আৰু বিজেপিয়ে মাত্ৰ ৪ খন আসনত আগ্ৰগতি লাভ কৰি আছে।

অৱশ্যে ৩০ খন বিধানসভা আসন বিশিষ্ট কেন্দ্ৰীয় শাসিত অঞ্চল পডুচেৰীত বিজেপিৰ মিত্ৰজোঁটে ১১খন আৰু কংগ্ৰেছ মিত্ৰজোঁটে ৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

ইফালে অসমত এই মুহূৰ্তত বিজেপিৰ মিত্ৰজোঁটে ৮০ খন আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে ৪৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে।