• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

‘অচ্ছি’: প্ৰতি ২০ মিনিটত এক চিৎকাৰ, নীৰৱে বৈ যোৱা তেজৰ এক কৰুণ গাথা

‎ৰিমলী বৰকটকী by ‎ৰিমলী বৰকটকী
February 28, 2026 2:40 pm
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অচ্ছি-অৰ্থাৎ আশী। প্ৰতিদিনে ভাৰতত গড় হিচাপত ৮০ টাকৈ বলাৎকাৰৰ গোচৰ পঞ্জীয়ন হয়। অৰ্থাৎ প্ৰতি ২০ মিনিটত এটাকৈ বলাৎকাৰ ঘটে। কোৱা বাহুল্য যে,এইয়া মাথোঁ দষ্টিলৈ অহা বা তৰা গোচৰৰ এক পৰিসংখ্যা হে। বিনা গোচৰে আৰু কিমান এনে ঘটনা ঘটি আছে,তাৰ সীমা-সংখ্যাই নাই। অচ্ছি হৈছে এখন হিন্দী ভাষাৰ চলচ্চিত্ৰ। অচ্ছি ছবিখনৰ পৰিচালনা কৰিছে অনুভৱ সিনহাই। ছবিখনৰ চিত্ৰনাট্য লিখিছে গৌৰৱ চ’লাংকি আৰু অনুভৱ সিনহাই। গত ২০ ফেব্ৰুৱাৰীত মুক্তিপ্ৰাপ্ত এই ছবিখন বৰ্তমানেও ছবিগৃহত চলি আছে।

ছবিৰ আৰম্ভণি হয় মহানগৰীৰ মাজৰ দুই ৰেলৱে’ ট্ৰেকৰ মাজৰ অংশত মুমুৰ্ষু অৱস্থাত পৰি থকা এটি নাৰীদেহৰ দৃশ্যায়নেৰে। এজন সদাশয় ব্যক্তিয়ে দেহটি দাংকোলা কৰি তুলি নি পৰ্যায়ক্ৰমে চিকিৎসালয়লৈ লৈ যায়। এইখিনিৰে পৰা কাহিনী আগদিনাৰ ফ্লেছবেকলৈ যায়। এটা সৰু আৰু সুখী পৰিয়ালৰ দৃশ্যায়ন কৰা হৈছে। কানি কুশ্ৰুতি আৰু মহম্মদ জিছান আয়ুবৰ এই পৰিয়ালটিত এটি শিশু সন্তানো আছে। দুয়ো নিজ নিজ কৰ্মক্ষেত্ৰলৈ যায়,শিশুটি স্কুললৈ। গধূলি কামৰ পৰা উভতি আহি স্বামীয়ে স্ত্ৰীক ঘৰলৈ নিবলৈ আহে যদিও,তাত এটা পাৰ্টিৰ আনন্দময় পৰিবেশ চলি থকা দেখি পত্নীক আজৰি হ’লে আহিবলৈ কৈ স্বামী ঘৰলৈ যায়। নিশা মেট্ৰ’ৰ পৰা নামি খোজকাঢ়ি আহি থকা কানি কুশ্ৰুতিক এখন গাড়ীত অহা ৫ জন যুৱকে বলপূৰ্বকভাৱে গাড়ীত উঠাই আৰু পথত চলন্ত অৱস্থাতে ধৰ্ষণ আৰম্ভ কৰে। ইমানেই বিভৎসভাৱে ধৰ্ষণৰ অংশৰ দৃশ্যায়ন কৰা হৈছে যে প্ৰতি মানুহৰে বুকু কঁ‌পি যাব। ধৰ্ষণৰ পিছত আধামৰা অৱস্থাত ৰেলৱে’ ট্ৰেকৰ কাষৰ শিলত পেলাই থৈ পলায়ন কৰে দুৰ্বৃত্তকেইটাই। এইখিনিতে ক’ব লাগিব যে সমগ্ৰ ছবিখনতেই প্ৰতি ২০ মিনিটৰ মুৰে মুৰে ছবিগৃহৰ পৰ্দা সম্পূৰ্ণকৈ ৰঙা কৰি দি,তাত ২০ মিনিট বুলি লিখি দিয়ে-অৰ্থাৎ সেই একেই ২০ মিনিটত এটাকৈ বলাৎকাৰ। সমগ্ৰ ছবিখনতেই আপুনি শিহৰিত হৈ থাকিব। তাপসী পান্নু(ৰাভি)এগৰাকী উকীল আৰু তাপসীৰ হাতলৈ আহে কানি কুশ্ৰুতিৰ গোচৰটোও। এইখিনিতে তাপসী বা ৰাভিয়ে হঠাৎ লগ পাই তাইৰ ককায়েকক। তাইৰ ককায়েক(কুমুদ মিশ্ৰ)এজন ছিক্ৰেট এজেন্ট। যিটো কুমুদ মিশ্ৰই খুলি প্ৰকাশ নকৰে। এই চৰিত্ৰটোৰ পত্নীকো কিছুদিন পূৰ্বে পথত উন্মত্ত চালকৰ গাড়ীয়ে খুন্দিয়াই হত্যা কৰিছিলে। চিনেমাৰ পৰৱৰ্তী অংশত “চ্ছত্ৰিমেন”(umbrella man)ৰ ৰূপ লৈ অপৰাধীবোৰৰ তিনিজনক হত্যা কৰে। যদিওবা চাবলৈ গ’লে কুমুদ মিশ্ৰৰ চৰিত্ৰটোৰ উপস্থাপন জৰুৰী নাছিলে। ছবিখনৰ কাহিনীভাগ আৰম্ভণিৰে পৰাই গতিশীল। যদিওবা বৰ্বৰ,জটিল বাস্তৱৰ চিত্ৰায়ন হয়,তথাপিও ছবিখনৰ পৰৱৰ্তী অংশত কি হ’ব জানিবলৈ ব্যগ্ৰ হৈ পৰা যায়। ইৱান মুল্লিগানৰ চিনেমেট’গ্ৰাফীৰ কাম সুন্দৰ। আৱহ-সংগীত পৰিস্থিতি সাপেক্ষ। আদালত কক্ষৰ বাদানুবাদৰ অংশ মনোগ্ৰাহী। মূলতঃ গোচৰটোৱে কি ৰূপ লয়গৈ,দোষীৰ শাস্তি হয় নে নহয় তাক লৈয়েই কাহিনীভাগ আগবাঢ়ে। সংলাপ আৰু শক্তিশালী হোৱাৰ থল আছিলে।

Apply Now

অচ্ছিত অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব কানি কুশ্ৰুতিৰ। তাপসী পান্নুৰ অভিনয়ো সমানেই শলাগনীয়। মহম্মদ জিছান আয়ুবৰ অভিনয়ো সুন্দৰ। মুঠতে ২ ঘন্টা ১৩ মিনিটৰ এই ছবিখন চাই আপুনি অলপো নিৰাশ নহয়।

‎ৰিমলী বৰকটকী

‎ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd