• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাটকৰ যৱনিকা পৰিল! : বিবেকেৰে কথা পাতি আছু নেৰে ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই

মই আছুতে উপদেষ্টা হৈ কাৰ্যনিৰ্বাহ কৰি যাম : সমুজ্জ্বল ভট্টাচাৰ্য্য

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 30, 2020 4:26 pm

2 min read

WhatsApp-Image-2020-04-01-at-1.09.00-PM
700
VIEWS
Share on FacebookShare on Twitter

আছুত থাকিবনে নাথাকে আছুৰ পিতামহ? সঁচাকৈয়ে দুলীয়াজান অধিৱেশন অনুষ্ঠিত হোৱাৰ পূৰ্বে ঘোষণা কৰাৰ মতেই আছু ত্যাগ কৰিব নে? নে পুনৰ মৰাণ আৰু দুধনৈৰ অধিৱেশনত ঘোষণা কৰাৰ পাছতো আছুত থাকি যোৱাৰ দৰে এইবাৰো থাকি যাব নেকি তেওঁ? সামাজিক মাধ্যমত বহুলভাৱে চলা এনে বহু চৰ্চাৰ অন্ত পেলালে ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই নিজেই।

নিজৰ বিবেকেৰে কথা পাছত, সদৌ অসম ছাত্ৰ সন্থা এৰিব নোখোজে আছুৰ পিতামহ ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

সদৌ অসম ছাত্ৰ সন্থাতে থাকিব আছুৰ মুখ্য উপদেষ্টাগৰাকী।

আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা নতুন কেন্দ্ৰীয় বিষয়ববীয়াৰ শপতগ্ৰহণ অনুষ্ঠানত এই কথা ঘোষণা কৰে ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

ছাত্ৰ সংগঠনটোৰ সতীৰ্থসকলৰ আহ্বানক সন্মান জনাইহে তেওঁ আছুতে থকাৰ সিদ্ধান্ত লোৱা বুলি ভাষণত উল্লেখ কৰে। আনকি আছুত থাকিয়ে দলীয় কাম-কাজ চলাই যোৱাৰ কথা ঘোষণা কৰে ভট্টাচাৰ্য্যই।

‘সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলৰ অনুৰোধৰ প্ৰতি সন্মান জনাই বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব আৰু বিশিষ্ট নাগৰিকৰ পৰামৰ্শৰ প্ৰতি সন্মান জনাই সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা হিচাপে কাৰ্য্যনিৰ্বাহ কৰাত সন্মতি প্ৰকাশ কৰিলো।‘ এইদৰে কয় সমুজ্জ্বলে।

উল্লেখযোগ্য যে, আছুৰ দুলীয়াজানৰ সপ্তদশ অধিৱেশনৰ প্ৰাক মুহূৰ্তত আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল ড০ সমুজ্জ্বল ভট্টাচাৰ্য্যই। কিন্তু পূৰ্বতে সজাই থোৱা চিত্ৰনাট্য অনুসৰিয়েই তেওঁ আছু ত্যাগ কৰিম বুলি সভাত ঘোষণা কৰাৰ পাছতে প্ৰতিনিধিসকলে আছু ত্যাগ নকৰিবলৈ ভট্টাচাৰ্য্যক আহ্বান জনোৱাৰ লগতে সমুজ্জ্বল ভট্টাচাৰ্য্য জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছিল।

তাৰ পাছতে সুৰ সলাইছিল আছুৰ উপদেষ্টাগৰাকীয়ে। পূৰ্বতে তেওঁ আছু ত্যাগ কৰিম বুলি কৰা ঘোষণা পুনৰ বিবেচনা কৰি ‘বিবেকক সুধি চাম’ বুলি মন্তব্য কৰিছিল।

তাৰ পাছতে আজি পুনৰ আছুতেই উপদেষ্টা হৈ কাৰ্যনিৰ্বাহ কৰি যাব বুলি ঘোষণা কৰাটোৱে প্ৰায়সংখ্যকেই আশ্চৰ্য্য কৰি তুলিছে।

উল্লেখযোগ্য যে, আছুৰ মৰাণ আৰু দুধনৈ অধিৱেশনৰ পূৰ্বেও আছু ত্যাগ কৰিম বুলি ঘোষণা কৰি উপদেষ্টা হিচাপে দুটাকৈকৈ কাৰ্যকাল আছুৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্য্নিৰ্বাহ কৰিছিল ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd