ধাৰাসাৰ বৰষুণৰ ফলত বিপৰ্যস্ত হৈ পৰিছে মহাৰাষ্ট্ৰ। বিগত ২৪ ঘণ্টাত ঘৰ ভাঙি পৰাৰ লগতে অন্যান্য কাৰণত কমেও ১০ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১১,৮০০ লোকক উদ্ধাৰ কৰা হৈছে।
আগন্তুক ৪৮ ঘন্টাত মুম্বাই, থানে, পালঘৰ, ৰায়গদ, নাচিক ঘাট আৰু পুনে ঘাট অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ৰেড এলাৰ্ট।
গোদাৱৰী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। নাচিক জিলাত ঘৰ ভাঙি মৃত্যু হৈছে তিনিজন লোকৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰৰ কাম আৰম্ভ কৰা হৈছে।
জয়াকৱাড়ী মথাউৰিৰ জলপৃষ্ঠ বিপজ্জনকভাৱে বৃদ্ধি পোৱাত পাইথানৰ শম্ভাজিনগৰৰ প্ৰায় ৭ হাজাৰ বাসিন্দাক উলিয়াই আনিব লগা হৈছে। সমগ্ৰ মহাৰাষ্ট্ৰত উদ্ধাৰৰ কাম চলি আছে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছে প্ৰশাসনক সক্ৰিয় হ’বলৈ নিৰ্দেশ দিছে। তেওঁ সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। মুখ্যমন্ত্ৰীয়ে কেইবাখনো উচ্চ পৰ্যায়ৰ প্ৰশাসনিক বৈঠক অনুষ্ঠিত কৰিছে।
বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, আগন্তুক দিনত মহাৰাষ্ট্ৰত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰষুণ বৃদ্ধি পালে পৰিস্থিতি অধিক জটিল হৈ পৰিব পাৰে বুলি আশংকা কৰা হৈছে।
মহাৰাষ্ট্ৰৰ পৰিস্থিতিয়ে ২০০৫ চনৰ পৰিস্থিতিটোৰ কথা মনত পেলাই দিয়ে। দুই দশকৰ আগতে তাত হোৱা বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লৈছিল। ২০০৫ চনৰ জুলাই মাহত মহাৰাষ্ট্ৰত প্ৰবল বৰষুণ হৈছিল। কিছুদিনৰ বাবে স্থবিৰ হৈ পৰিছিল ৰাজ্যখন।





