NORTHEAST NOW (Assamese)

পুনৰ ছত্তীশগড়ত যৌথ বাহিনীৰ অভিযানত নিহত ১০ মাওবাদী; উদ্ধাৰ স্বয়ংক্ৰিয় অস্ত্ৰ, বিস্ফোৰক

November 22, 2024 1:33 pm · এন ই নাও নিউজ, নতুন দিল্লী
প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

ছত্তীশগড়ত যৌথ বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ১০জন মাওবাদী নিহত হৈছে। শুকুৰবাৰে পুৱা ৰাজ্যৰ কোন্টাৰ ভেজ্জী অঞ্চলত সংঘটিত হয় এই সংঘৰ্ষ।

এক গোপন সূত্ৰৰ পৰা কোন্টা থানাৰ আৰক্ষীয়ে ওড়িশাৰ মাজেৰে কোণ্টাৰ পাৰ হৈ মাওবাদীৰ এটা দলে ছত্তীশগড়ত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰে। সেই তথ্য লাভ কৰাৰ পিছতেই এই খবৰ দিয়া হয় কোন্টা থানা জিলা সংৰক্ষিত বাহিনীক। ইয়াৰ পিছত দুটা বাহিনী ভেজ্জী অঞ্চলত তালাচী অভিযানত নামি পৰে।

কোন্টাৰৰ আৰক্ষী অধীক্ষক কিৰণ চাভানে জানিবলৈ দিয়া মতে, শুকুৰবাৰে পুৱা ভেজ্জী অঞ্চলত তালাচী অভিযান চলাই থকাৰ সময়ত মাওবাদীয়ে বাহিনীটোৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। সেনাইও তাৰ প্ৰত্যুত্তৰ দিয়ে।

দুয়োপক্ষৰ মাজত ব্যাপক গুলীয়াগুলি সংঘটিত হয়। প্ৰথম অৱস্থাত আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে এই সংঘৰ্ষত ১০জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাকীবোৰৰ সন্ধানত তালাচী চলি আছে। নিহত মাওবাদীসকলৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু কেইবাটাও নথি-পত্ৰ উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে যোৱা শনিবাৰে বষ্টাৰত নিৰাপত্তাৰক্ষীৰ হাতত ৫ মাওবাদী নিহত হৈছিল। কাংকেৰ আৰু নাৰায়ণপুৰ জিলাৰ সীমান্তত আৰু উত্তৰ আবুঝমাৰেত মাওবাদী আন্দোলনৰ বিষয়ে নিৰ্দিষ্ট তথ্য লাভ কৰে নিৰাপত্তা বাহিনীয়ে। সেই তথ্যৰ ভিত্তিত আৰক্ষীৰ ৰিজাৰ্ভ গাৰ্ড, বিশেষ টাস্ক ফ’ৰ্চ আৰু বি এছ এফৰ জোৱানসকলে যৌথ অভিযান চলায়। কেইবাঘণ্টা ধৰি দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়। যৌথ অভিযানত কমেও পাঁচজন মাওবাদী নিহত হয়।

যোৱা অক্টোবৰ মাহত দান্তেৱাড়া-নাৰায়ণপুৰ সীমান্তৰ সমীপত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বন্দুকৰ যুঁজত ৩৮জন মাওবাদী নিহত হৈছিল। নিহত মাওবাদীসকলৰ মূৰৰ মুঠ মূল্য আছিল ২ কোটি ৬২ লাখ টকা।

সংবাদ সংস্থাৰ অক্টোবৰ মাহত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষত ২৩০ জনতকৈ অধিক মাওবাদীক হত্যা কৰা হৈছে। ৮১২ জনক গ্ৰেপ্তাৰ কৰা হৈছে। আত্মসমৰ্পণ কৰিছে ৭২৩জন মাওবাদীয়ে। প্ৰতিবেদন অনুসৰি দেশৰ ৩৮খন জিলাত এতিয়াও মাওবাদী সক্ৰিয় হৈ আছে।

কিন্তু চৰকাৰী চৰকাৰী সূত্ৰ অনুসৰি ২০১০ চনৰ তুলনাত ২০২৩ চনত হিংসাৰ সংখ্যা ৭২ শতাংশ হ্ৰাস পাইছে। মৃত্যুৰ সংখ্যাও প্ৰায় ৮৬ শতাংশ হ্ৰাস পাইছে। প্ৰসংগক্ৰমে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ পৰা মাওবাদী হিংসা নিৰ্মূল কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াক লৈ সৰৱ হৈছে।

Related News