পুনৰ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান। সোমবাৰে পুৱা আফগানিস্তানৰ অন্যতম বৃহৎ চহৰ মাজাৰ-ই-শ্বৰীফৰ সমীপত ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩।
বালখ প্ৰদেশৰ ৰাজ্যপালৰ মুখপাত্ৰ হাজী জায়েদে নিশ্চিত কৰিছে যে ভূমিকম্পৰ পিছত এতিয়ালৈকে চাৰিজন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ১৫০ জন লোক আহত হৈছে। অৱশ্যে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। অসমৰ্থিত সূত্ৰৰ মতে এতিয়ালৈ মৃত্যুৰ সংখ্যা ১২জন।
প্ৰথমতে জনা যায় যে ভূমিকম্পৰ কেন্দ্ৰবিন্দু বালখ প্ৰদেশৰ ৰাজধানী মাজাৰ-ই-শ্বৰীফ আৰু খুলম চহৰৰ ওচৰত আছিল। ভূমিকম্পৰ গভীৰতা আছিল প্ৰায় ২৮ কিলোমিটাৰ। এই ভূমিকম্পৰ ফলত শ শ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে বুলি আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS) য়ে প্ৰকাশ কৰিছে। ব্যাপক ক্ষতি হোৱাৰ আশংকাও প্ৰকাশ কৰা হৈছে।
আফগানিস্তানৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, দেওবাৰে গভীৰ নিশা (স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১ বজাত) দেশৰ কেইবাটাও স্থানত তীব্ৰ কঁপনি অনুভৱ কৰা হৈছে। এই ভূমিকম্পৰ তীব্ৰতা ইমানেই বেছি আছিল যে আফগানিস্তানৰ উপৰিও চুবুৰীয়া দেশ তাজিকিস্তান, উজবেকিস্তান আৰু তুৰ্কমেনিস্তানকো কঁপাই তুলিছিল।
হাজী জায়েদে কয় যে ভূমিকম্পৰ ফলত মাজাৰ-ই-শ্বৰীফ চহৰৰ বিখ্যাত নীলা মছজিদৰ ব্যাপক ক্ষতিসাধন হয়। সংবাদ মাধ্যমৰ প্ৰতিবেদনত দেখা গৈছে যে মছজিদৰ বাহিৰত ধ্বংসাৱশেষ সিঁচৰতি হৈ আছে। ইউ এছ জি এছৰ অটোমেটিক ৱাৰ্নিং চিষ্টেম পেজাৰ চিষ্টেম (PAGER)ত কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰিছে।
মাজাৰ-ই-শ্বৰীফৰ বাসিন্দা তথা বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী ৰহিমাই সংবাদ মাধ্যমৰ আগত কয় যে ভূমিকম্পৰ পিছত তেওঁৰ পৰিয়ালৰ লোকসকল অতিশয় ভয় খাইছিল। ল’ৰা-ছোৱালীবোৰে চিঞৰি চিৰিৰে নামি দৌৰি যায়। তেওঁ জীৱনত ইমান প্ৰবল ভূমিকম্প অনুভৱ কৰা নাই বুলিও কয়।
ৰহিমাই কয় যে তেওঁৰ ঘৰৰ কিছুমান খিৰিকী ভাঙি গৈছে। দেৱালৰ ক্ষতিসাধন হয়। অৱশ্যে এই ভূমিকম্পৰ পিছত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে তেওঁ উদ্বেগ প্ৰকাশ কৰে।





