ভোট জলকীয়াৰ পৰা তৈয়াৰী চিপছ খাই চিকিৎসালয়ত ভৰ্তি কমেও ১৪ গৰাকী জাপানী ছাত্ৰ-ছাত্ৰী

ফটোঃ সংগ্ৰহীত।

জাপানৰ কমেও ১৪ গৰাকী হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অসমৰ প্ৰসিদ্ধ ভোট জলকীয়া বা ভূত জলকীয়া ব্যৱহাৰ কৰি তৈয়াৰী আলুৰ চিপছ খাই চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। স্থানীয় খবৰ অনুসৰি এই অত্যন্ত জলা চিপছ খাইছিল প্ৰায় ৩০ জন ছাত্ৰ-ছাত্ৰীয়ে।

যোৱা ১৬ জুলাইত এজন ছাত্ৰই নিজৰ টকিঅ’ স্কুললৈ “কেৱল মজাৰ বাবে” ভোট জলকীয়াৰ চিপছৰ পেকেটটো লৈ আহিছিল। যদিও চিপছত ১৮ বছৰৰ তলৰ লোকে এই সামগ্ৰীটো খাব নালাগে বুলি সতৰ্কবাণী দিয়া হৈছে, তথাপিও প্ৰায় ৩০ জন ছাত্ৰই সেই চিপছ খোৱাৰ চেষ্টা কৰিছিল।

তেওঁলোকৰ বহুতেই অতি সোনকালেই বমি আৰু মুখৰ বিষৰ অভিযোগ কৰিবলৈ ধৰিলে। বিদ্যালয়খনে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক সতৰ্ক কৰি দিয়ে যে চিপছ খোৱাৰ পিছত কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হৈছে। এগৰাকী ছাত্ৰীকে ধৰি কমেও ১৪ গৰাকী ছাত্ৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইপিনে, এই চিপছ নিৰ্মাণ কৰা কোম্পানী ইছ’য়ামা কৰ্পে এই কাণ্ডৰ পিছত এক বিবৃতিত ১৮ বছৰৰ ওপৰৰ সতৰ্কবাণীৰ কথা পুনৰবাৰ উল্লেখ কৰে।

‘দ্য ইণ্ডিপেণ্ডেণ্ট’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চিপছ নিৰ্মাতা কোম্পানীটোৱে কয় যে, “১৮ বছৰৰ তলৰ লোকে এই সামগ্ৰী খোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ ই অতি জলা। কেৱল জলা খাদ্য ভাল নোপোৱা লোকেই নহয়, জলা খাদ্য ভাল পোৱাসকলেও এই সামগ্ৰী খাওঁতে সাৱধান হোৱাটো প্ৰয়োজন।”

কোম্পানীৰ এজন প্ৰতিনিধিয়েও এই ঘটনাৰ বাবে ক্ষমা বিচাৰি ছাত্ৰ-ছাত্ৰীসকলৰ আশু আৰোগ্য কামনা কৰে।

বিতৰ্কৰ কেন্দ্ৰবিন্দু এই চিপছটো হৈছে ইছ’য়ামা কৰ্পৰ “আৰ ১৮+ কাৰি চিপছ (R 18+ Curry Chips)।” কোম্পানীটোৱে নিজৰ ৱেবছাইটত ১৮ বছৰৰ তলৰ লোকক এই চিপছ খোৱাৰ চেষ্টা কৰাৰ পৰা “নিষেধ” কৰিছে। ইয়াত কোৱা হৈছে যে চিপছবোৰ “ইমান জলা যে ই আপোনাৰ বিষ তুলিব পাৰে”। লগতে কোম্পানীটোৱে দুৰ্বল পেট আৰু উচ্চ ৰক্তচাপ থকা লোকসকলক এই সামগ্ৰীৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে।

ভোট জলকীয়া পৃথিৱীৰ অন্যতম জলা থকা জলকীয়া। ইয়াৰ উৎপত্তি উত্তৰ-পূব ভাৰতত, বিশেষকৈ অসম, নাগালেণ্ড, আৰু মণিপুৰৰ আশে-পাশে থকা অঞ্চলত। ২০০৭ চনৰ পৰা ২০১১ চনলৈকে বিশ্বৰ আটাইতকৈ তীব্ৰ জলা জলকীয়াৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছিল।