গাখীৰৰ টেংকাৰত যাত্ৰীবাহী বাছৰ প্ৰচণ্ড খুন্দা; কমেও ১৮ জনৰ মৃত্যু, ৩০জন গুৰুতৰভাৱে আহত

ফটোঃ সংগ্ৰহীত।

উত্তৰ প্ৰদেশৰ উন্নাওত পুৱাৰ ভাগত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ঘাইপথত গাখীৰৰ টেংকাৰত খুন্দা মাৰি বাগৰি পৰে এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হৈছে ৩০ জনতকৈ অধিক লোক। তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰে পুৱা প্ৰায় ৫ বজাত লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেৰ বেহতামুজাৱা অঞ্চলত এখন ডাবল ডেকাৰ বাছে গাখীৰৰ কন্টেইনাৰত খুন্দা মাৰে। বিহাৰৰ শিৱগড়ৰ পৰা দিল্লীলৈ গৈ আছিল দুৰ্ঘটনা সংঘটিত হোৱা শ্লীপাৰ বাছখন। ৰাতিপুৱা বাছখনৰ যাত্ৰীসকল গভীৰ টোপনিত আছিল। হঠাতে এটা ভয়ংকৰ জোকাৰণিত সাৰ পাইয়ে সকলো শেষ!

লগতে পঢ়কঃ বানত বিধ্বস্ত অসম! আৰু সাতজন লোকৰ মৃত্যু, এতিয়াও ১৭ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

স্থানীয় ৰাইজে দুৰ্ঘটনাৰ খবৰ পাইয়ে ততাতৈয়াকৈ উপস্থিত হয়। পথত সিঁচৰতি হৈ পৰি থকা যাত্ৰীৰ মৃতদেহবোৰ প্ৰত্যক্ষ কৰে। লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেৰ বেহতামুজাৱা অঞ্চল চকুৰ পলকতে মৃত্যুপুৰীলৈ পৰিণত হয়। তাৰ পাছতেই আৰক্ষী বাহিনীৰ এটা বৃহৎ সেই স্থানত উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। ইয়াৰে কিছুমানৰ অৱস্থা সংকটজনক।

উদ্ধাৰকাৰী দলটোৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বাছখনৰ খিৰিকী ভাঙি যাত্ৰীসকলক উদ্ধাৰ কৰে। দুৰ্ঘটনাস্থলীত উপস্থিত হৈ এছডিএম নম্ৰতা সিঙে কয় যে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল তাৰ তদন্ত কৰা হ’ব। আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা বাছ চালকজন টোপনি যোৱা বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। মৃত আৰু আহতসকলক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।