• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰীক্ষা চলি থকাৰ মাজতে আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ; কমেও ২ জনৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2025 10:10 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ শিক্ষানুষ্ঠানত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ। ব্ৰাউন বিশ্ববিদ্যালয়ত পৰীক্ষাৰ সময়ত নিৰ্বিচাৰ গুলীচালনাৰ অভিযোগ উত্থাপন হৈছে। ক’লা পোছাক পৰিহিত বন্দুকধাৰীৰ গুলীচালনাত কমেও দুজন লোক নিহত হোৱাৰ বিপৰীতে ৮জন গুৰুতৰভাৱে আহত হয়। বৰ্তমান বন্দুকধাৰীজন পলাতক। তেওঁৰ সন্ধানত অভিযান চলি আছে।

জানিব পৰা মতে, স্থানীয় সময় অনুসৰি শনিবাৰে বিশ্ববিদ্যালয়খনৰ অভিযান্ত্ৰিক আৰু পদাৰ্থ বিজ্ঞানৰ ভৱনত এজন বন্দুকধাৰীয়ে প্ৰৱেশ কৰি গুলীচালনা আৰম্ভ কৰে। সেই সময়ত ছাত্ৰ-ছাত্ৰীসকলে ছেমিষ্টাৰৰ চূড়ান্ত পৰীক্ষা দি আছিল। লগে লগে সমগ্ৰ কেম্পাছতে আতংক বিয়পি পৰে।

Apply Now

ঘটনাৰ তিনি ঘণ্টাৰো অধিক সময়ৰ পাছতো সন্দেহজনক লোকজনক এতিয়াও বিচাৰি পোৱা নাই। উপ আৰক্ষী অধীক্ষক টিমোথি অ’হাৰাৰ মতে, সন্দেহযুক্ত লোকজন আছিল ক’লা কাপোৰ পিন্ধা এজন লোক। এই আক্ৰমণৰ পিছত শেষবাৰৰ বাবে অভিযান্ত্ৰিক ভৱনৰ পৰা ওলাই অহা দেখা গৈছিল সন্দেহজনক লোকজনক। কিন্তু তাৰ পিছত তেওঁ ক’লৈ গ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সমগ্ৰ কেম্পাছত তলা লগাই দিয়া হৈছে।

মেয়ৰ স্মাইলীয়ে কয়, ‘আঘাতপ্ৰাপ্ত আঠজনৰ অৱস্থা গুৰুতৰ যদিও সুস্থিৰ। নিহতসকল ছাত্ৰ-ছাত্ৰী নে সেই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে মেয়ৰগৰাকীয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্ববিদ্যালয়খনত গুলীচালনাৰ বিষয়ে অৱগত কৰা বুলি জানিবলৈ দিয়ে। তেওঁ কয়, “এতিয়া আমি মাত্ৰ ভুক্তভোগীৰ বাবে প্ৰাৰ্থনা কৰিব পাৰো।এয়া অতি দুখজনক।”

ইপিনে, ৰোড আইলেণ্ডৰ গৱৰ্ণৰ ডেন মেকিয়ে কয়, “এটা অকল্পনীয় ঘটনা ঘটিছে। তেওঁৰ কাৰ্যালয় গুলীচালনাৰ সন্দৰ্ভত হোৱাইট হাউছৰ সৈতে যোগাযোগত আছে।”

বিশ্ববিদ্যালয়খনৰ ৱেবছাইট অনুসৰি এই আক্ৰমণ সংঘটিত হোৱা অট্টালিকাটোত ১০০টাতকৈও অধিক লেব, কেইবা ডজন শ্ৰেণীকোঠা আৰু কাৰ্যালয় আছে। গুলীচালনাৰ সময়ত তাত অভিযান্ত্ৰিক ডিজাইন পৰীক্ষা চলি আছিল।

অভিযান্ত্ৰিক বিভাগৰ গৱেষক ছাত্ৰ চিয়াংহেং চিয়েনে কয় যে ওচৰৰ লেবত থকা ছাত্ৰ-ছাত্ৰীসকলে গুলীচালনাৰ শব্দ শুনি ডেস্কৰ তলত লুকাই লাইট বন্ধ কৰি দিয়ে। নিউয়ৰ্ক চহৰৰ ২০ বছৰীয়া জুনিয়ৰ মেৰী কেমাৰাই পুথিভঁৰালৰ পৰা ওলাই আহি আশ্ৰয় বিচাৰি টেকেৰিয়াত (মেক্সিকান ৰেষ্টোৰা) সোমাইছিল। আৰক্ষীয়ে কেম্পাছত তালাচী চলাই থকাৰ সময়ত তিনি ঘণ্টাৰো অধিক সময় মেৰী তাত আবদ্ধ হৈ আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd