• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ আমেৰিকাৰ বিদ্যালয়ত বন্দুকধাৰীৰ আক্ৰমণ; ৩জনৰ মৃত্যু, ঘটনাত নিহত কিশোৰীলৈ সন্দেহৰ আঙুলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2024 11:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত পুনৰ এক বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এইবাৰ এই আক্ৰমণ সংঘটিত হয় উইচকনচিন প্ৰদেশৰ মেডিচন অঞ্চলত। ঘটনাটো সংঘটিত হৈছে এখন বিদ্যালয়ত। কোৱা হৈছে যে এই আক্ৰমণত বন্দুকধাৰীকে ধৰি কমেও ৩ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত শিশুও থকাৰ খবৰ পোৱা গৈছে।  এই আক্ৰমণত কমেও আন ৫ জন লোক আহত হয়।

মেডিচন আৰক্ষী বিভাগে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা অনুসৰি ব্যক্তিগত শিক্ষানুষ্ঠান এবাণ্ডেণ্ট লাইফ খ্ৰীষ্টান স্কুলত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা। কিণ্ডাৰগাৰ্টেনৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰায় ৪০০ ছাত্ৰ-ছাত্ৰীয়ে এই বিদ্যালয়খনত অধ্যয়ন কৰে।

Apply Now

মেডিচনৰ আৰক্ষী অধীক্ষক শ্বাউন বাৰ্নছে সংবাদমেলৰ সময়ত কয় যে এই কাণ্ডত সন্দেহযুক্ত বন্দুকধাৰীকে ধৰি কমেও পাঁচজন লোক নিহত হৈছে। কিন্তু পিছত একাধিক বাতৰিত তিনিজন লোকৰ মৃত্যু হোৱা বুলি দাবী কৰা হয়। চিকিৎসালয়ত দুজনৰ অৱস্থা সংকটজনক।

লগতে পঢ়কঃ আজি সংসদত দাখিল কৰা হ’ব ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক; হুইপ জাৰি বিজেপিৰ, সাজু বিৰোধীও

ইফালে এই ঘটনাত আক্ৰমণকাৰী এগৰাকী কিশোৰী বুলি কোৱা হৈছে। আক্ৰমণকাৰীৰ বয়স ১৭ বছৰ। আৰক্ষী বিষয়াসকলে বিদ্যালয়খনত উপস্থিত হোৱাৰ সময়ত বন্দুকধাৰীক মৃত অৱস্থাত উদ্ধাৰ কৰা বুলি আৰক্ষী বিষয়াগৰাকীয়ে দাবী কৰে। ঘটনাৰ তদন্ত অব্যাহত থকা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ লগে লগে আৰক্ষীৰ গাড়ী আৰু এম্বুলেন্স বিদ্যালয়ত উপস্থিত হোৱা দেখা যায়। আহতসকলক উদ্ধাৰ কৰি এম্বুলেন্সেৰে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে আমেৰিকাত বন্দুক নিয়ন্ত্ৰণ আৰু বিদ্যালয়ৰ সুৰক্ষাৰ বিষয়বোৰ ৰাজনৈতিক আৰু সামাজিক বিষয়ত পৰিণত হৈছে। যোৱা কিছু বছৰত বিদ্যালয়ত এনেধৰণৰ গুলীচালনাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। কেৱল এই বছৰতে আমেৰিকাত ৩২২খন স্কুলত গুলীচালনাৰ ঘটনা হৈছে। ১৯৬৬ চনৰ পিছত এই সংখ্যা দ্বিতীয় সৰ্বাধিক। ২০২৩ চনত আমেৰিকাৰ বিদ্যালয়ত ৩৪৯টা এনে আক্ৰমণ সংঘটিত হৈছিল।

আনহাতে, আমেৰিকাত বাৰে বাৰে কেৱল বিদ্যালয়তে নহয়, অন্যান্য ৰাজহুৱা স্থানো এনে আক্ৰমণৰ সাক্ষী হৈ আহিছে। ইয়াৰ পূৰ্বে ২০২২ চনত সমগ্ৰ আমেৰিকাত ৬৪৭টা এনে গুলীচালনা সংঘটিত হৈছিল।

লগতে পঢ়কঃ জৰ্জিয়াৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে ১১ জন ভাৰতীয়ৰ মৃতদেহ

ইয়াৰ পূৰ্বে ২০২৩ চনৰ ২৫ অক্টোবৰত আমেৰিকাৰ মেইনৰ সৰু চহৰ লুইষ্টনত বন্দুকধাৰীৰ আক্ৰমণত প্ৰায় ২০ জন লোকে প্ৰাণ হেৰুৱাইছিল। তাৰ আগেয়ে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত বন্দুকধাৰীৰ আক্ৰমণত কমেও ৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। সেই কাণ্ড সংঘটিত হৈছিল আমেৰিকাৰ মিচিচিপি ৰাজ্যৰ আৰ্কাবুটলা অঞ্চলত।

তাৰো পূৰ্বে ২০২৩ চনৰ ২৩ জানুৱাৰীত তিনিটা পৃথক চহৰত বন্দুকৰ আক্ৰমণত ৮ জন লোকে প্ৰাণ হেৰুৱাইছিল। সেইদিনা কেলিফৰ্ণিয়াৰ হাফ মুন বে’ত সংঘটিত আক্ৰমণত কমেও ৪ জন লোক নিহত হয়। সেইদিনা ডেছ মইনেছৰ এখন শিক্ষানুষ্ঠানত বন্দুকধাৰীয়ে দুটি শিশুক হত্যা কৰিছিল। আনহাতে একেদিনাই চিকাগোত সংঘটিত ডকাইতিৰ ঘটনাত দুজন লোকৰ মৃত্যু হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd