NORTHEAST NOW (Assamese)

বানৰ কবলত দক্ষিণ আফ্ৰিকাৰ ডাৰবান চহৰ: তিনি শতাধিকতকৈও অধিক লোকৰ মৃত্যু

April 14, 2022 10:01 am · এন ই নাও নিউজ, গুৱাহাটী

দক্ষিণ আফ্ৰিকাৰ ডাৰ্বান চহৰত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানে। দীৰ্ঘ সময় ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত তিনি শতাধিকতকৈও অধিক লোকৰ হৈছে বুলি জানিবপৰা গৈছে।

দক্ষিণ আফ্ৰিকাৰ সামৰিক বাহিনীক যোৱা দুটা দিনত বানবিধ্বস্ত ডাৰ্বান আৰু ইয়াৰ চাৰিওফালৰ ইথেকউইনি মহানগৰীয় অঞ্চলত উদ্ধাৰ অভিযানত সহায় কৰিবলৈ নিয়োজিত কৰা হৈছে।

বানৰ কবলত পৰা স্থানীয় লোকসকলৰ আশ্ৰয়ৰ বাবে ইতিমধ্যে স্থানীয় কৰ্তৃপক্ষই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে।

ডাৰবানৰ জৰুৰীকালীন সেৱাৰ মুখপাত্ৰ ৰবাৰ্ট মেকেঞ্জিয়ে সংবাদ মাধ্যমক অৱগত কৰা মতে, জৰুৰীকালীন সেৱাসমূহে বানৰ কবলত পৰা এলেকাসমূত জনসাধাৰণক জৰুৰী সেৱা আগবঢ়াই আহিছে।

আনহাতে চহৰখনৰ প্ৰধান শক্তি কেন্দ্ৰসমূহ বানপানীত প্লাবিত হোৱাৰ ফলত চহৰখনত বিদ্যুতৰ যোগান প্ৰায় বন্ধ হৈ পৰিছে।

অৱশ্যে প্ৰশাসনে ইতিমধ্যে এইক্ষেত্ৰত উপযুক্ত কাৰ্যপন্থা গ্ৰহণ কৰিছে বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

Related News