• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিনেতা-ৰাজনীতিক বিজয়ৰ সমাৱেশত মৰ্মান্তিক দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৩৮ জন লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2025 8:08 am
87
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ দক্ষিণৰ চলচ্চিত্ৰ জগতৰ তাৰকাৰ অনুষ্ঠানৰ মাজত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে। অভিনেতা-ৰাজনীতিক বিজয়ৰ ৰাজনৈতিক বিজয় সমাৱেশত গৈ হেঁচা-ঠেলাত এক মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি হয়।

শনিবাৰে তামিলাগা ভেত্ৰী কাঝাগামৰ মুৰব্বী বিজয়ৰ এই বিজয় সমাৱেশত প্ৰায় ৩০ হাজাৰ লোক সমবেত হৈছিল। এতিয়ালৈকে সেই সমাৱেশত হোৱা পদপিষ্টৰ এই দুৰ্ঘটনাত প্ৰায় ৩৮ জন লোকৰ মৃত্যু হৈছে।

Apply Now

তামিলনাডুৰ কাৰুৰত অভিনেতা তথা টিভিকেৰ প্ৰতিষ্ঠাপক বিজয়ৰ ৰাজহুৱা সমাৱেশত এই পৰ্যন্ত ৩৮ জন লোকে প্ৰাণ হেৰুৱাইছে। নিশ্চিত নোহোৱা সূত্ৰৰ মতে, মৃত্যুৰ সংখ্যা ৩৯ লৈ বৃদ্ধি পাইছে। প্ৰথমতে জনা গৈছে যে মৃতকৰ ভিতৰত ১৬ গৰাকী মহিলা আৰু ৮ গৰাকী শিশুও আছে। সংকটজনক অৱস্থাত বহু লোক চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শনিবাৰে সেই সমাৱেশত অভিনেতা-ৰাজনীতিক বিজয়েও ভাষণ দিছিল। ভাষণ শেষ হোৱাৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ পিছত বিজয়ে বুজি পালে যে পৰিস্থিতি মৰ্মান্তিক হৈ পৰিছে। সমাৱেশত ক্ষতিগ্ৰস্ত লোকসকলে আৰক্ষীৰ পৰা সহায় বিচাৰিছিল। বিজয়ে নিজেই ভিৰৰ মাজত আহতসকলক পানীৰ বটলেৰে সহায় কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ এম্বুলেন্সৰো ব্যৱস্থা কৰে, কিন্তু তাতো শেষ ৰক্ষা নহ’ল।

ইতিমধ্যে তামিলনাডু চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে মৃত আৰু আহতসকলৰ কাষত থিয় দি তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰি, সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ চেষ্টা কৰিছে। লগতে জনসমাগম নিয়ন্ত্ৰণ কৰি পৰিস্থিতি যিমান পাৰি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ পূৰ্বেও আল্লু অৰ্জুনৰ অনুষ্ঠানত একেধৰণৰ ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিজয়ৰ সমাৱেশৰ এই ঘটনাই সেই স্মৃতি ঘূৰাই আনিলে।

ইপিনে, নিজৰ প্ৰথম প্ৰতিক্ৰিয়াত অভিনেতা বিজয়ে কয়, “মোৰ হৃদয় ভাঙি গৈছে। মই ইমানেই অসহ্যকৰ যন্ত্ৰণাত ছটফটাই আছো যে শব্দৰে প্ৰকাশ কৰাটো অসম্ভৱ।”

তেওঁ লগতে লিখিছে, “কাৰুৰত প্ৰাণ হেৰুৱাই পেলোৱা মোৰ মৰমৰ ভাই-ভনীসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাসকলৰ আশু আৰোগ্য কামনা কৰিছো।”

জানিব পৰা মতে বিজয়ে দুপৰীয়া ১২ বজাত ৰেলী অনুষ্ঠিত কৰাৰ কথা আছিল যদিও সন্ধিয়া ৬ বজাৰ ভিতৰত বিজয়ে উপস্থিত হয়। তেতিয়ালৈকে সভাস্থলীত মানুহৰ আগমনৰ বাবে ৰাস্তা-ঘাট, বেৰিকেড, আনকি প্ৰচাৰ বাছসমূহো বন্ধ হৈ পৰিছিল। হয়তো এই দীঘলীয়া বিলম্বক লৈয়েই আৰম্ভ হৈছে ৰাজনৈতিক উত্তেজনা।

এই সন্দৰ্ভত ডি এম কেৰ মুখপাত্ৰ সাৰাভানন আন্নাদুৰাইয়ে সংবাদ সংস্থাক কয় যে, “এয়া পৰিকল্পিতভাৱে কৰা হৈছে। জনসমাৱেশ বৃদ্ধিৰ বাবে ইচ্ছাকৃতভাৱে পলম কৰা হৈছে। এয়া সস্তীয়া ৰাজনৈতিক কৌশল। বিজয়ে দায়িত্ব এৰাই চলিব নোৱাৰে। দোষীসকলক গ্ৰেপ্তাৰ কৰিবই লাগিব।”

আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ষ্টেলিনে সমগ্ৰ ঘটনাৰ তদন্ত আৰু ক্ষতিপূৰণ আয়োগ ঘোষণা কৰিছে। এক বিবৃতিত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে মৃতকৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব বুলি জানিবলৈ দিয়ে। আহতসকলৰ বাবে উত্তম চিকিৎসা সুবিধা নিশ্চিত কৰাৰ নিৰ্দেশ দিছে। তদুপৰি এই ভয়াবহ কাণ্ডত উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুণা জগদীশনৰ নেতৃত্বত এজনীয়া সদস্যৰ আয়োগ গঠন কৰা হৈছে।

তেওঁ কয়, “এই হৃদয় বিদাৰক ঘটনাত আমি সকলোৱে স্তম্ভিত হৈছো।মই কাৰুৰলৈ যাম, মৃতকৰ পৰিয়ালক লগ কৰি হস্পিতাললৈ গৈ আহতসকলৰ অৱস্থাৰ বুজ লম।”

ইপিনে, সমগ্ৰ ঘটনাই কাৰুৰ জিলাৰ চিকিৎসালয় আৰু প্ৰশাসনিক মহলত চৰম আতংক আৰু বিশৃংখলতাৰ সৃষ্টি কৰিছে। বহু পৰিয়াল এতিয়াও নিজৰ আপোনজনৰ সন্ধানত উদ্বিগ্ন। কেইবাজনো প্ৰত্যক্ষদৰ্শীৰ মতে, “বেৰিকেডবোৰ ভাঙি পৰাৰ পিছত মানুহে ইজনে সিজনক পিষ্ট কৰি পলাবলৈ চেষ্টা কৰিছিল।”

এই ঘটনাৰ ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ সমান্তৰালকৈ এটা ডাঙৰ প্রশ্ন উত্থাপন হৈছে– ইমান বৃহৎ সমাৱেশত নিৰাপত্তা আৰু জনসমাগম নিয়ন্ত্রণৰ ব্যর্থতাৰ দায়িত্ব শেষত কোনে ল’ব?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd