NORTHEAST NOW (Assamese)

ট্ৰাকৰ সংঘৰ্ষ, জয়পুৰৰ পেট্ৰল পাম্পত প্ৰচণ্ড বিস্ফোৰণ; কমেও ৫ জনৰ মৃত্যু, আহত ৩০ জন

December 20, 2024 11:07 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাজস্থানৰ জয়পুৰত পুৱতি নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। শুকুৰবাৰে পুৱাই তাত পেট্ৰ’ল পাম্পত ৰৈ থকা এল পি জি ভৰ্তি ট্ৰাকত জুই লগাত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়। পেট্ৰল পাম্পতো বিয়পি পৰে জুই। এই অগ্নিকাণ্ডত এতিয়ালৈকে ৫ জন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ ৩০ জনতকৈও অধিক লোক আহত হয়। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে স্থানীয় প্ৰশাসনে।

সূত্ৰ অনুসৰি ৰাজস্থান-আজমেৰ ঘাইপথৰ কাষৰ পেট্ৰল পাম্পত সংঘটিত হয় এই দুৰ্ঘটনা। পুৱা প্ৰায় ৫:৩০ বজাত তৰল ৰাসায়নিক পদাৰ্থ ভৰ্তি এখন ট্ৰাকে পেট্ৰ’ল পাম্পৰ বাহিৰত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে পথত আন কেইবাখনো ট্ৰাক আৰু গাড়ীত খুন্দা মাৰে। তাৰ পাছত ৰাসায়নিক ভৰ্তি ট্ৰাকখনে পেট্ৰ’ল পাম্পত ৰৈ থকা এল পি জি ভৰ্তি ট্ৰাকখনত খুন্দা মাৰে।

দুৰ্ঘটনাৰ ফলত ৰাসায়নিক পদাৰ্থ ভৰ্তি ট্ৰাকখন  আৰু এল পি জি ভৰ্তি ট্ৰাক দুয়োখন ট্ৰাকতে জুই লাগি বিস্ফোৰণ ঘটে। পেট্ৰল পাম্পতো বিয়পি পৰে অগ্নিকাণ্ড। কেইমুহূৰ্তমানৰ ভিতৰতে জুইয়ে এক বিধ্বংসী ৰূপ লয়।

দুৰ্ঘটনাটোত জড়িত আন বাহনসমূহৰ লগতে পেট্ৰ’ল পাম্পত থকা আন বাহনসমূহতো এই অগ্নিকাণ্ড বিয়পি পৰে। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি কমেও ৪০খন বাহনত অগ্নিকাণ্ড সংঘটিত হয়।

স্থানীয় ভাংকৰ’টা আৰক্ষী থানাৰ অ’চি মনীষ গুপ্তাই সংবাদ মাধ্যমৰ আগত কয় যে বিধ্বংসী অগ্নিকাণ্ডত একাধিক ট্ৰাক জ্বলিছে। বহুত লোক অগ্নিদগ্ধ হৈছে। তেওঁলোকক এম্বুলেঞ্চত স্থানীয় স্বোয়াই মান সিং চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীৰ মতে, বৰ্তমান কিমান ট্ৰাকত জুই লাগিল সেয়া নিশ্চিতভাৱে কোৱা সম্ভৱ নহয়। জুই নিৰ্বাপন কৰা হৈছে। ঘটনাস্থলীত ২৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়। দুৰ্ঘটনা সংঘটিত হোৱা স্থানত দুৰ্যোগ সঁহাৰি দলৰ কৰ্মীও আছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাইও অগ্নিদগ্ধ লোকৰ খবৰ ল’বলৈ চিকিৎসালয়ত উপস্থিত হয়।

Related News