• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ট্ৰাকৰ সংঘৰ্ষ, জয়পুৰৰ পেট্ৰল পাম্পত প্ৰচণ্ড বিস্ফোৰণ; কমেও ৫ জনৰ মৃত্যু, আহত ৩০ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2024 11:07 am
242
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ জয়পুৰত পুৱতি নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। শুকুৰবাৰে পুৱাই তাত পেট্ৰ’ল পাম্পত ৰৈ থকা এল পি জি ভৰ্তি ট্ৰাকত জুই লগাত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়। পেট্ৰল পাম্পতো বিয়পি পৰে জুই। এই অগ্নিকাণ্ডত এতিয়ালৈকে ৫ জন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ ৩০ জনতকৈও অধিক লোক আহত হয়। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে স্থানীয় প্ৰশাসনে।

সূত্ৰ অনুসৰি ৰাজস্থান-আজমেৰ ঘাইপথৰ কাষৰ পেট্ৰল পাম্পত সংঘটিত হয় এই দুৰ্ঘটনা। পুৱা প্ৰায় ৫:৩০ বজাত তৰল ৰাসায়নিক পদাৰ্থ ভৰ্তি এখন ট্ৰাকে পেট্ৰ’ল পাম্পৰ বাহিৰত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে পথত আন কেইবাখনো ট্ৰাক আৰু গাড়ীত খুন্দা মাৰে। তাৰ পাছত ৰাসায়নিক ভৰ্তি ট্ৰাকখনে পেট্ৰ’ল পাম্পত ৰৈ থকা এল পি জি ভৰ্তি ট্ৰাকখনত খুন্দা মাৰে।

দুৰ্ঘটনাৰ ফলত ৰাসায়নিক পদাৰ্থ ভৰ্তি ট্ৰাকখন  আৰু এল পি জি ভৰ্তি ট্ৰাক দুয়োখন ট্ৰাকতে জুই লাগি বিস্ফোৰণ ঘটে। পেট্ৰল পাম্পতো বিয়পি পৰে অগ্নিকাণ্ড। কেইমুহূৰ্তমানৰ ভিতৰতে জুইয়ে এক বিধ্বংসী ৰূপ লয়।

দুৰ্ঘটনাটোত জড়িত আন বাহনসমূহৰ লগতে পেট্ৰ’ল পাম্পত থকা আন বাহনসমূহতো এই অগ্নিকাণ্ড বিয়পি পৰে। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি কমেও ৪০খন বাহনত অগ্নিকাণ্ড সংঘটিত হয়।

স্থানীয় ভাংকৰ’টা আৰক্ষী থানাৰ অ’চি মনীষ গুপ্তাই সংবাদ মাধ্যমৰ আগত কয় যে বিধ্বংসী অগ্নিকাণ্ডত একাধিক ট্ৰাক জ্বলিছে। বহুত লোক অগ্নিদগ্ধ হৈছে। তেওঁলোকক এম্বুলেঞ্চত স্থানীয় স্বোয়াই মান সিং চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীৰ মতে, বৰ্তমান কিমান ট্ৰাকত জুই লাগিল সেয়া নিশ্চিতভাৱে কোৱা সম্ভৱ নহয়। জুই নিৰ্বাপন কৰা হৈছে। ঘটনাস্থলীত ২৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়। দুৰ্ঘটনা সংঘটিত হোৱা স্থানত দুৰ্যোগ সঁহাৰি দলৰ কৰ্মীও আছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাইও অগ্নিদগ্ধ লোকৰ খবৰ ল’বলৈ চিকিৎসালয়ত উপস্থিত হয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd