দীঘলীয়া ঘাইপথ, দীঘলীয়া যান-জঁট। হঠাৎ পিছফালৰ পৰা এটা বিকট শব্দ আৰু চিঞৰ-বাখৰ শুনা গ’ল। সন্মুখৰ গাড়ীত বহি থকা যাত্ৰীসকলে পিছলৈ ঘূৰি চাই দেখিলে যে এখন গাড়ীৰ ওপৰত আন এখন গাড়ী উঠি গৈছে। একাধিক বাহনৰ সংঘৰ্ষই সকলো বিধ্বস্ত কৰি পেলাইছে। বগা ধোঁৱা আৰু চিঞৰ-বাখৰে গোটেই অঞ্চলটো আবৰি ধৰিলে। এই মৰ্মান্তিক পথ দুৰ্ঘটনাত ৫১ জন লোকৰ মৃত্যু ঘটিছে।
শুকুৰবাৰে বিয়লি কেনিয়াত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ঘটনাস্থলীত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান।
কেনিয়াৰ এগৰাকী মন্ত্ৰীয়ে কয় যে বিগত কেইবছৰমানৰ ভিতৰত কেনিয়াত এইটোৱেই আটাইতকৈ ভয়াৱহ দুৰ্ঘটনা। শুকুৰবাৰে এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই এখন গাড়ীত খুন্দা মাৰে। তাৰপিছত একেৰাহে একাধিক গাড়ীৰ সংঘৰ্ষ হয়।
পশ্চিম কেনিয়াত সংঘটিত এই পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। এই পৰ্যন্ত ৫১ জন লোকৰ মৃত্যু হৈছে। উদ্ধাৰৰ কাম চলি আছে। গাড়ীৰ ধ্বংসাৱশেষত আৰু বহু লোক আবদ্ধ হোৱাৰ সন্দেহ কৰা হৈছে।
শনিবাৰে কেনিয়াৰ পৰিবহণ মন্ত্ৰী কিপচুম্বা মুৰ্কোমেনে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। তাত উপস্থিত হৈ তেওঁ কয়, “লণ্ডিয়ানীত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত আমি ৫১ জন লোকক হেৰুৱালোঁ।”
বাতৰি অনুসৰি, পশ্চিম কেনিয়াৰ নাকুৰু আৰু কেৰিচোৰ সংযোগস্থলৰ ঘাইপথত সংঘটিত হৈছে এই সংঘৰ্ষ। ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিল। হঠাৎ এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীৰ পিছফালে খুন্দা মাৰে।
সংঘৰ্ষ ইমানেই জোৰেৰে ঘটে যে ইখনৰ পিছত সিখনকৈ গাড়ীৰ সংঘৰ্ষ হয়। কমেও ৩০-৪০খন বাহনৰ সংঘৰ্ষ ঘটে। এই দুৰ্ঘটনাত বৰ্তমানলৈ ৫১ জন লোকৰ মৃত্যু হৈছে। আহত হয় আন কমেও ৩২ জন।