চামগুৰিত বিজেপিৰ জিলা সভাপতিৰ গাড়ীলৈ দুৰ্বৃত্তৰ শিলাবৰ্ষণ; এজন আহত

BJP kaliabar

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ লাওখোৱাত আজি বিয়লি কলিয়াবৰ জিলা সমিতিৰ বিজেপিৰ সভাপতি অনিল শইকীয়াৰ গাড়ীলৈ দুৰ্বৃত্তয়ে শিলাবৰ্ষণ কৰে। এই ঘটনাত এজন বিজেপিকৰ্মী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে, বিজেপিৰ দলীয় নিদেৰ্শনা অনুসৰি সঘনাই গৰাখহনীয়া হোৱা ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চল লাওখোৱাৰ চাৰি নং ভূৰবন্ধালৈ পৰিদৰ্শনৰ উদ্দেশ্যে আজি বিয়লি কলিয়াবৰ জিলা সমিতিৰ বিজেপিৰ সভাপতি অনিল শইকীয়াসহ কেইবাজনীয়া কৰ্মী দল গৈছিল।

কিন্তু উক্ত স্থানৰ পৰা গাড়ীসহ দলটো ঘুৰি আহি লাওখোৱা শান্তি বজাৰ পোৱাৰ সময়তে পূৰ্বৰ পৰা খাপপিতি থকা কেইবাজনীয়া দুৰ্বৃত্তৰ দলে গাড়ীখনলৈ শিলগুটি নিক্ষেপ কৰি শিলাবৰ্ষণ কৰাত বিজেপিৰ জাকিৰ হুছেইন নামৰ কৰ্মীজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে বাহনখনৰো ক্ষতি সাধন হয়।

অৱশ্যে উক্ত শিলাবৰ্ষণৰ পৰা সভাপতি অনিল শইকীয়াৰ প্ৰাণ ৰক্ষা পৰে। আনহাতে, পিছত গাড়ীখন ঘটনাস্থলীত ৰখাই দিয়াত দা, শিলগুটি, লাঠী আৰু চোকা অস্ত্ৰ লৈ থকা দুৰ্বৃত্তৰ দলটো তাৰ পৰা পলাই যায়। পৰৱৰ্তী সময়ত সভাপতি গৰাকীয়ে ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষী চকীত মজিবুৰ ৰহমান, ওমৰ আলী, আবুজাৰ ৰহমান আৰু নবি হুছেইন নামৰ চাৰিগৰাকী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে আহত জাকিৰক নগাঁও অসামৰিক চিকিত্সালয়লৈ প্ৰেৰণ কৰে। আনহাতে, আমবাগান আৰু ৰূপহী আৰক্ষীয়ে অভিযান চলাই দুজন দুষ্কৃতিকাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকে নিজে তদন্ত চলোৱা বুলি জানিব পৰা গৈছে।