অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই আজি বােকাখাতৰ বিভিন্ন উন্নয়ন বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে এখনি পর্যালােচনা সভাত মিলিত হয়।
বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এই সভাত মহকুমাটোৰ কৃষি, পশুপালন, গড়কাপ্তানি, জলসম্পদ, গ্রামােন্নয়ন, জনস্বাস্থ্য-কাৰিকৰী, স্বাস্থ্য, শিক্ষা, বিদ্যুৎ আদি বিভিন্ন বিভাগৰ বিষয়া উপস্থিত থাকে।
আজিৰ বৈঠকত মন্ত্রীগৰাকীয়ে শুৰপােকৰ আক্ৰমণত বােকাখাতৰ বিভিন্ন এলেকাত ক্ষতিগ্রস্ত হােৱা শস্যক্ষেত্র পৰিদৰ্শন কৰি তাৰ ক্ষয়ক্ষতিৰ বুজ লােৱাৰ কথা সভাত উল্লেখ কৰি কৃষি বিভাগক এই ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনায়।
লগতে বিগত বানপানীত মহকুমাটোত হােৱা ক্ষয়ক্ষতিৰ সবিশেষ তথ্য আহৰণ কৰি ক্ষতিগ্রস্তসকলৰ সহায়ৰ বাবে প্রয়ােজনীয় পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে।
তাৰোপৰি শস্যৰ বীজ বিতৰণৰ ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰি যােগ্যসকলক শস্যৰ বীজ বিতৰণ কৰিবলৈ নির্দেশ দিয়ে।
আনহাতে মন্ত্রীগৰাকীয়ে সকলাে বিভাগৰ মুৰব্বীকে নিষ্ঠা সহকাৰে তথা ক্ষীপ্ৰতাৰে উন্নয়নমূলক আঁচনিসমূহৰ কামকাজ সমাপন কৰিবলৈ আহ্বান জনায় । সকলাে উন্নয়ন বিভাগৰ জিলা পৰ্য্যায়ৰ বিষয়াক মহকুমাসমূহ সময়ে সময়ে পৰিদৰ্শন কৰিবলৈয়াে নির্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।
আজিৰ বৈঠকত গােলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে, মহকুমাধিপতি বিবেক শ্যাম, বােকাখাত পৌৰসভাৰ পৌৰপতি চিত্রা কার্ডং, চক্র বিষয়া খনিন্দ্র দাস, সহকাৰী আয়ুক্ত শান্তনু গগৈ উপস্থিত আছিল।