১৮ হাজাৰ সংস্কৃত শ্লোক অসমীয়া গদ্য সাহিত্যলৈ অনুবাদ কৰা বিনন্দ শৰ্মা পুজাৰীক দামোদৰ দেৱ বঁটা প্ৰদান

নিজ প্ৰতিভাৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়াই অসমীয়া সমাজখনত সাংস্কৃতিক, শৈক্ষিক দিশত উৎকৰ্ষ সাধন কৰা অসমৰ এজন বৰেণ্য সংস্কৃতিৰ সাধকক প্ৰতিবছৰে শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ উদ্যোগত শ্ৰীশ্ৰী দামোদৰ দেৱ বঁটা প্ৰদান কৰা হয়।

২০১২ বৰ্ষৰ পৰাই শ্ৰীশ্ৰী আউনীআটি সত্ৰই আগবঢ়াই অহা শ্ৰীশ্ৰীদামোদৰ দেৱ বঁটা ২০২২ বৰ্ষত যোৰহাট জিলাৰ পকামৰা গাঁওৰ অৱসৰপ্ৰাপ্ত শিক্ষক, অসমীয়া সংস্কৃতিৰ সাধক, ১৮ হাজাৰ সংস্কৃত শ্লোক অসমীয়া গদ্যলৈ ৰূপান্তৰিত কৰা সাংস্কৃতিক কৰ্মী বিনন্দ শৰ্মা পূজাৰীক প্ৰদান কৰা হয়।

লগতে পঢ়ক: বোকাখাতৰ পৰা সংগোপনে নিয়া অতি বিৰল প্ৰজাতিৰ চানা বাৰ্কা মাছ সহ এজন লোকক জখলাবন্ধাত কৰায়ত্ত

১৮ হাজাৰ সংস্কৃত শ্লোক অসমীয়া গদ্য সাহিত্যলৈ অনুবাদ কৰাৰ বাবে দামোদৰ দেৱ বঁটা বিনন্দ শৰ্মা পুজাৰীলৈ আগবঢ়োৱা হয় l

দেওবাৰে টীয়কৰ কলীয়াপানীস্থিত শ্ৰীশ্ৰী আউনীআটি সত্ৰত সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বিনন্দ শৰ্মা পূজাৰীক শ্ৰীশ্ৰী দামোদৰ দেৱ বঁটা প্ৰদান কৰা হয়। 

লগতে পঢ়ক: Linthoi Chanambam: ঐতিহাসিক! জুডোৰ বিশ্ব চেম্পিয়ন মণিপুৰৰ কিশোৰী লিন্থই চানম্বাম; লক্ষ্য এইবাৰ অলিম্পিক

এই সভাত ৰ’দালি সাহিত্য সভাৰ সম্পাদক প্ৰতাপ শৰ্মা, মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।