প্ৰধানমন্ত্ৰী মোডীক ‘সমালোচনা’ কৰি ৰাজৰোষত সাংবাদিক; ভাৰত এৰি যাব লগা হ’ল গুচি!

অষ্ট্ৰেলিয়াৰ এবিচি নিউজৰ ভাৰতত দক্ষিণ এছিয়াৰ ব্যুৰো চীফ অভনী ডায়াছ। ফটোঃ সংগ্ৰহীত।

সমালোচনা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। গতিকে ৰাজৰোষত পঢ়িব লগা হ’ল। এনে অভিযোগ সাংবাদিকগৰাকীৰ। তেওঁ ভাৰত এৰি গুচি যাব লগা হ’ল। চৰ্চাৰ মাজলৈ অহা এই সাংবাদিকগৰাকী হৈছে অভনী ডায়াছ।

৩২ বছৰীয়া এইগৰাকী মহিলা অষ্ট্ৰেলিয়াৰ বাসিন্দা। সেই দেশৰ এবিচি নিউজৰ কৰ্মী। তেওঁ ভাৰতত দক্ষিণ এছিয়াৰ ব্যুৰো চীফ হিচাপে নিযুক্তি লাভ কৰিছিল। এপ্ৰিল মাহৰ তৃতীয় সপ্তাহত তেওঁ ভাৰত এৰি অষ্ট্ৰেলিয়ালৈ উভতি যায়।

ঘৰলৈ উভতি গৈ মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল। প্ৰতিবেদনত নৰেন্দ্ৰ মোডীক সমালোচনা কৰাৰ বাবেই তেওঁ ভাৰত এৰিবলগীয়া হোৱা বুলি অভিযোগ কৰে। ভাৰত চৰকাৰে তেওঁৰ ভিছাৰ ম্যাদ বৃদ্ধি কৰা নাছিল।

লগতে পঢ়কঃ IPL 2024: অধিনায়ক সঞ্জুৰ বেটিং বিক্ৰমত ধৰাশায়ী লক্ষ্ণৌ; প্লে অফৰ দৌৰত সবাতোকৈ আগত ৰাজস্থান

অভনীয়ে দাবী কৰিছে যে তেওঁ লোকসভা নিৰ্বাচনৰ বাবে ২ মাহৰ ভিছা বৃদ্ধিৰ বাবে আবেদন কৰিছিল। ভাৰত চৰকাৰে তাত অনুমোদন দিয়া নাছিল। অভনীয়ে ছচিয়েল মিডিয়াত লিখিছে, ভাৰত চৰকাৰে দাবী কৰিছে যে মোৰ ৰিপ’ৰ্টিঙে সীমা অতিক্ৰম কৰিছে। সেয়ে মোৰ ভিছাৰ ম্যাদ বৃদ্ধি কৰা নহ’ব।

১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোতে অভনীয়ে ভাৰত এৰি গুচি যায়। ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ। লোকসভা নিৰ্বাচন এই দেশৰ গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ। সেই ভোটৰ বাতৰি প্ৰকাশ কৰাটো বিশ্বৰ বহু সাংবাদিকৰ সপোন। সেই সপোনৰ ওচৰলৈ অহাৰ পিছতো অভনী ঘূৰি যাব লগা হ’ল। ইয়াৰ বাবে তেওঁ বিশ্বৰ গণতন্ত্ৰৰ প্ৰশাসনিক মুৰব্বীকে কাঠগড়াত তুলিছে।

লগতে পঢ়কঃ মিছলীয়া প্ৰধানমন্ত্ৰীৰ কথাত এতিয়া দেশৰ জনতাই গুৰুত্ব নিদিয়ে : মল্লিকাৰ্জুন খাৰ্গে

ইয়াৰ পূৰ্বে বিবিচি মোডী চৰকাৰৰ ৰোষৰ সন্মুখীন হৈছিল। ইংলেণ্ডৰ চৰকাৰী সংবাদ মাধ্যম। ২০০২ চনত গুজৰাটত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ ওপৰত তেওঁলোকে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। সেই সময়ত নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল। বিবিচিয়ে তেওঁক সমালোচনা কৰি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। এই সন্দৰ্ভত তীব্ৰ বিতৰ্ক চলিছিল।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দিল্লীত থকা বিবিচিৰ কাৰ্যালয়ত তালাচী চলায়। শেহতীয়াকৈ শুনা গৈছে যে বিবিচিয়ে ভাৰতৰ পৰা ব্যৱসায় তুলি নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।