খকুৱাৰ বিড়ম্বনা! লকডাউনত বাটাৰ চিকেন খাবলৈ গৈ ভৰিলে ১.২৩ লাখ টকা জৰিমনা

2020_7image_04_33_47191356905-ll

প্ৰতিনিধিত্বমূলক ফটো।

লোভ সম্বৰণ কৰিব নোৱাৰিলে কেতিয়াবা যে বিপদত পৰিবলগীয়া হয় সেই কথা বহুসময়ত প্ৰমানিত হৈ আহিছে।

অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চহৰৰ এনেকুৱা এটা আমোদজনক অথচ আজৱ ঘটনা পোহৰলৈ আহিছে যিটো শুনি আপোনাৰ হয়তো চকু কপালত উঠিব।

সমগ্ৰ বিশ্ব কৰ’না ভাইৰাছৰ আতংকত লকডাউনৰ দৰে পৰিস্থিতি চলি আছে। হোটেল-ৰেষ্টুৰেন্টসমূহ বন্ধ ৰখা হৈছে।

ইয়াৰ মাজতে যদিহে আপোনাৰ কিবা পছন্দৰ খাদ্য খোৱাৰ মন জাগে তেতিয়া আপুনি কি কৰিব। আপুনি ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পৰা নিজকে বিৰত ৰাখি সম্ভৱ হ’লে সেয়া ঘৰতে ৰান্ধি খোৱাৰ দিহা কৰিব।

কিন্তু মেলবৰ্ণত এগৰাকী ব্যক্তিয়ে লোভ সম্বৰণ কৰিব নোৱাৰি গোটেইখন উলট-পালট কৰি দিলে।

মেলবৰ্ণৰ এগৰাকী ব্যক্তিয়ে নিজৰ অতি প্ৰিয় বাটাৰ চিকেন খোৱাৰ বাবে ৩২ কিলোমিটাৰ দূৰলৈ গুচি গ’ল।

ব্যক্তিগৰাকীয়ে সেই বাটাৰ চিকেন খোৱাৰ বাবে ভৰিবলগীয়া হ’ল ১.২৩ লাখ টকা। কিন্তু কিয় ইমান মহঙা হৈ পৰিল এই বাটাৰ চিকেন?

বাতৰি অনুসৰি, বাটাৰ চিকেন খোৱাৰ বাবে ব্যক্তিগৰাকীয়ে মেলবৰ্ণৰ ছিবিডিৰ পৰা ৩০কিলোমিটাৰ দক্ষিণ-পশ্চিমত অৱস্থিত বেব্ৰিয়েৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰে।

লকডাউনৰ বাবে ব্যক্তিগৰাকীৰ ওপৰত ১৬৫২ডলাৰৰ জৰিমনা লগোৱা হ’ল।

ভাৰতীয় টকাৰ হিচাপত ১৬৫২ডলাৰ হৈছে প্ৰায় ১লাখ ২৩ হাজাৰ টকা। মেলবৰ্ণ আৰক্ষীৰ মতে যোৱা সপ্তাহৰ অন্তত ৭৪গৰাকী লোকে লকডাউন অমান্য কৰাৰ বাবে জৰিমনা ভৰিবলগীয়া হৈছে।

মেলবৰ্ণত যোৱা বৃহস্পতিবাৰৰ পৰা নতুনকৈ লকডাউন আৰম্ভ হৈছে। নতুন নীতি-নিৰ্দেশনা অনুসৰি ব্যায়াম কৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু বিদ্যালয়লৈ যাবলৈ বাহিৰলৈ ওলালে জৰিমনা বিহা নহয়।