NORTHEAST NOW (Assamese)

অষ্ট্ৰেলিয়ান অ’পেনৰ ডাবলছৰ ছেমিত প্ৰৱেশেৰে ৰেংকিঙৰ শীৰ্ষত বোপান্নাঃ ৰচিলে ইতিহাস

January 24, 2024 11:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 24, 2024 11:35 am

চলিত অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ ডাবলছ্ শাখাত ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ অভিজ্ঞ টেনিছ তাৰকা ৰোহন বোপান্নাই। এই সাফল্যৰে তাৰকাগৰাকীয়ে আন এক ইতিহাস ৰচনা কৰিছে।

অষ্ট্ৰেলিয়ান সংগী মেথিউ এবডেন আৰু বোপান্না যুটীয়ে আজি কোৱাৰ্টাৰ ফাইনেলত মেক্সিমো গঞ্জালেজ আৰু আন্দ্ৰেছ মল্টেনি যুটীক ৬-৪, ৭-৬ (৫) ব্যৱধানত পৰাস্ত কৰি ছেমিৰ পথ প্ৰশস্ত কৰে।

ইয়াৰ লগে লগে বোপান্নাই এটিপি ৰেংকিঙৰ ডাবলছত শীৰ্ষস্থান নিশ্চিত কৰিছে। লগতে বোপান্নাই শীৰ্ষস্থান দখল কৰা আটাইতকৈ বয়স্ক খেলুৱৈ হিচাপে ইতিহাস ৰচিছে। অহা সপ্তাহত এটিপি ৰেংকিং আপডেট হ’লেই তেওঁ শীৰ্ষস্থান আৰোহণ কৰিব।

উল্লেখ্য যে কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়ান অ’পেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে বোপান্নাই। তদুপৰি খিতাপ জয় কৰিবলৈ সক্ষম হ’লে বোপান্নাৰ কেৰিয়াৰত এয়া হ’ব প্ৰথমটো পুৰুষৰ ডাবলছ্ খিতাপ।

এতিয়া ছেমিত বোপান্না-এবডেন যুটী চেক গণৰাজ্য-চীন যুটী অছিড টমাছ মাচাক আৰু ঝিজেন জাঙৰ সন্মুখীন হ’ব। লক্ষণীয়ভাৱে বোপান্নাৰ সংগী এবডেনেও পুৰুষৰ ডাবলছ্ ৰেংকিঙত দ্বিতীয় স্থান নিশ্চিত কৰিছে।

Related News