NORTHEAST NOW (Assamese)

টাৰ্নিং পইণ্ট! ৰোহিতৰ কেচটোৰ বাবে ভগৱানক ধন্যবাদ; ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ ট্ৰেভিছ হেডৰ সৰল স্বীকাৰোক্তি

November 20, 2023 11:27 am · এন ই নাও নিউজ, গুৱাহাটী
বিশ্বকাপ ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ ট্ৰেভিছ হেড।

এটা সময়ত এনে লাগিছিল যেন তেওঁ বিশ্বকাপ খেলিব নোৱাৰিব। আঘাতৰ বাবে তেওঁ বিশ্বকাপৰ আৰম্ভণিতে খেলিবও পৰা নাছিল। তাৰ পৰা ছেমি ফাইনেল, আৰু ফাইনেলত মেন অৱ দ্য মেচ। অষ্ট্ৰেলিয়াক দিলে ষষ্ঠ এদিনীয়া বিশ্বকাপৰ জয়। কেৱল সেয়াই নহয়। বিশ্বকাপৰ ফাইনেলৰ ইতিহাসত সপ্তম বেটছমেন হিচাপে তেওঁ শতকৰ গৰাকীও।

অৱশ্যে একাংশ বিশেষজ্ঞৰ মতে ৰোহিত শৰ্মাৰ কেচটোৱেই আছিল ফাইনেল মেচখনৰ টাৰ্নিং পইণ্ট। সেই কেচটোৰ বিষয়ে ট্ৰেভিছ হেডৰ সৰল স্বীকাৰোক্তি, ‘সেই কেচৰ বাবে ভাগ্যকটো কিছু কৃতিত্ব দিবই লাগিব।’

ইয়াৰ আগতেও হেডৰ হাতত অসহায় হবলগীয়া হৈছিল ভাৰত। হেডৰ শতকেই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো ভাৰতক পৰাস্ত কৰিছিল। দেওবাৰে মোটেৰাত এদিনীয়া বিশ্বকাপত জয়লাভ কৰাৰ পিছত উল্লাসিত হেডে কয়, ‘এটা ডাঙৰ দিন। এনে এটা মুহূৰ্তত থাকি মোৰ ৰোমাঞ্চ অনুভৱ হৈছে।’

ট্ৰেভিছ হেডে ধৰা ৰোহিত শৰ্মাৰ কেচটো।

আঘাতৰ কথাটো আনন্দৰ দিনটোতো মনৰ পৰা আঁতৰি যোৱা নাছিল। সেয়ে লগতে তেওঁ ক’লে, ‘এই দিনটো উপভোগ কৰিছো। সঁচাকৈয়ে এই মুহূৰ্তটো আঘাত পাই ঘৰত বিচনাত বহি চোৱাতকৈ বহুত বেছি আনন্দদায়ক।’

তেওঁৰ শতকেৰে অষ্ট্ৰেলিয়াই বিশ্ব জয় কৰিছে। কিন্তু হেডে নিজতকৈ সতীৰ্থসকলক বেছি কৃতিত্ব দি কয়, ‘মই অলপ নাৰ্ভাছ আছিলো। কিন্তু মাৰ্নাছ (লাবুচেন) এক কথাত ক’বলৈ গ’লে অসাধাৰণ। তেওঁ গোটেই চাপটো কান্ধত লয়।’

ফাইনেলত নিজস্ব ছন্দত ট্ৰেভিছ হেড।

অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে টছত জয়লাভ কৰি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। খেলখনৰ আৰম্ভণিতে এই সন্দৰ্ভত বিভিন্ন মতামত প্ৰকাশ পাইছিল। যদি অষ্ট্ৰেলিয়া পৰাস্ত হ’লহেঁতেন তেন্তে হয়তো এই কাৰণতে কামিন্সক জবাবদিহি কৰা হ’লহেঁতেন।

জয়ী হোৱাৰ পাছত অৱশ্যে হেডে কয়, ‘প্ৰথমে টছত জিকি বল কৰাটো এটা ডাঙৰ সিদ্ধান্ত আছিল। পিছলৈ বেটছমেনৰ বাবে উইকেট সহজ হৈ পৰিছিল। আমি সুবিধা পাইছো।’

ফাইনেলত শতক অৰ্জনৰ পিছত ট্ৰেভিছ হেড।

বিগত সময়ত বিশ্বকাপৰ ফাইনেলত ৰিকি পণ্টিং আৰু এডাম গিলক্ৰিষ্টে মেন অৱ দ্য মেচ হিচাপে পৰিগণিত হৈছিল। এইবাৰ হ’ল ট্ৰেভিছ হেড। সেই বিষয়টো টানি আনি তেওঁ ক’লে, ‘মই কঠোৰ পৰিশ্ৰম কৰিছিলোঁ। হয়তো তাৰেই মূল্য পালো। কিন্তু ইমান দৰ্শকৰ সন্মুখত দলটোৰ বাবে কিবা এটা কৰিব পৰাটো এটা ডাঙৰ অনুভৱ।’

মাৰ্নাছ লাবুচেনে যদি হেডৰ সৈতে থিয় নহ’লহেঁতেন তেন্তে মেচখনৰ ফলাফল কি হ’লহেঁতেন সেয়া ক’ব নোৱাৰি। মেচৰ পিছত লাবুচেনে কয়, ‘মোৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ দিন। শ্ৰেষ্ঠ মুহূৰ্ত। দলৰ বাবে যিখিনি কৰিলোঁ মই কেতিয়াও পাহৰিব নোৱাৰো। মই নিজৰ আৰু ঈশ্বৰক বিশ্বাস কৰোঁ। তাৰ পৰাই আমাৰ এই বিশ্বকাপ জয়ৰ সাফল্য।’

Related News