অৱনী বৰঠাকুৰঃ এটা সামাজিক সপোনৰ দ্ৰষ্টা

১৯৩৭ চনৰ শিৱসাগৰ চহৰ। ভাৰতবৰ্ষৰ অন্যান্য প্রান্তৰ লগতে অসমতো ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইন অনুসৰি নিৰ্বাচনৰ প্ৰস্তুতি চলিছে। চাৰিওপিনে এক নির্বাচনকেন্দ্রিক খদমদম। নির্বাচননো কি বস্তু তাৰ আওভাও বুজি নোপোৱা সাধাৰণ মানুহৰ মাজত অলেখ প্রশ্ন-নির্বাচন হ’লেনো কি হ’ব? বগা চাহাববোৰে যুদ্ধ-বিগ্রহ নোহোৱাকৈ ইমান সহজতে হুকুম এৰি দিবনে ইত্যাদি ইত্যাদি।

মানুহৰ মনত থকা এনে অলেখ প্রশ্নৰ উত্তৰ দিবলৈ তথা ৰাজনৈতিক নিৰ্বাচনৰ সুবিধা পালে ভাৰতবাসীয়ে কি লাভ কৰিব তাক বিতংকৈ বুজাবলৈ অসমৰ ইতিহাসপ্রসিদ্ধ চহৰখনলৈ আগমন ঘটিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্রণী নায়ক, ভাৰতবৰ্ষৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ। শিৱসাগৰ চহৰৰ পৰা প্ৰায় বাৰ কিলোমিটাৰ নিলগত অৱস্থিত নাজিৰাৰ পৰা ৰামনাথ বৰঠাকুৰে চাইকেল চলাই মিটিং শুনিবলৈ আহিছে। চাইকেলৰ সন্মুখত তেওঁৰ ল’ৰা অৱনী। অৱনী বৰঠাকুৰ। আঠবছৰীয়া ল’ৰাটোৱে ওৰেটো বাট দেউতাকক নানা প্রশ্নৰে ব্যতিব্যস্ত কৰি তুলিলে। জৱাহৰলাল নেহৰু কোন হয়? তেওঁ কিয় আহিছে? মিটিঙত কিমান মানুহ হ’ব? আদি অলেখ প্রশ্ন ৰামনাথ বৰঠাকুৰ কাণত বাজি থাকিল।

অৱনী বৰঠাকুৰ নামৰ আঠবছৰীয়া ল’ৰাটোৱে শিৱসাগৰৰ সেই বিশাল মিটিংখন দেখি হতবাক। কেউপিনে কেৱল মানুহ আৰু মানুহ। দেউতাকৰ হাতত ধৰি তেওঁ ভিন ভিন মুখৰ মানুহবোৰলৈ চাই ৰ’ল। মানুহৰ মাজত থিয় দি থকাৰ বাবে ল’ৰাজনে দূৰৈৰ মঞ্চখনত কি হৈছে একোকে ধৰিব নোৱাৰিলে। অলেখ দেহাবয়ব মাজত শীর্ণ শৰীৰটো যেন হেৰাই থাকিল। দেউতাকে কথাটো বুজিব পাৰি তেওঁক কান্ধত উঠাই ল’লে। দেউতাকৰ কান্ধত উঠি তেওঁ সম্মুখলৈ চালে। গান্ধীটুপী পিন্ধা অলেখ মানুহেৰে পথাৰখন ভৰি পৰিছে। মানুহৰ সেই বিস্তীৰ্ণ ৰাশিৰ অন্তত এখন বহল মঞ্চ। দূৰৰ পৰা কেইবাটাও শাৰীৰিক অৱয়র মঞ্চৰ ওপৰত মূৰ্তমান হ’ল। ল’ৰাজনে দেউতাকক সুধিছিল-“দেউতা, নেহৰু কোনজন বাৰু?”কান্ধত উঠি মিটিংখন চোৱা অৱনীক উদ্দ্যেশ্য কৰি দেউতাকে কৈছিল-” সৌ যে বগা টুপী পিন্ধি বাওঁহাতৰ চকীখনত মানুহজন বহি আছে তেরেই।”

সেই ল’ৰাজনে হৈছে অসমৰ বামপন্থী আন্দোলনৰ এগৰাকী পুৰোধা ব্যক্তি তথা বৰ্তমানৰ নাজিৰা মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ অবনী বৰঠাকুৰ। অৱনী বৰঠাকুৰৰ জন্ম নাজিৰা চহৰৰ নিকটৱৰ্তী কালুগাঁৱত। ১৯২৯ চনত জন্ম গ্ৰহণ কৰা অৱনী বৰঠাকুৰৰ পিতৃ-মাতৃ আছিল ক্রমে ৰামনাথ বৰঠাকুৰ আৰু ভৱানী দেৱী। কালুগাঁৱৰ পৰা ৰজাপুললৈ উঠি অহা অৱনী বৰঠাকুৰৰ ককাদেউতাক নাজিৰা মৌজাৰ মৌজাদাৰ আছিল যদিও পাছলৈ খাজনা দিব নোৱৰাৰ দায়ত ব্ৰিটিছ চৰকাৰে বৰঠাকুৰ পৰিয়ালৰ পৰা নাজিৰা মৌজাখন কাঢ়ি ল’লে। মৌজাখন গুচি যোৱাৰ পিছত বৰঠাকুৰ পৰিয়াললৈ আর্থিক দুর্যোগ নামি আহিল। ঘৰখনৰ সমগ্র দায়িত্ব ৰামনাথ বৰঠাকুৰৰ কান্ধত পৰিল। বৰঠাকুৰ তেতিয়া নাজিৰা হাইস্কুলত শিক্ষকৰূপে কাম কৰি আছে।

অন্বেষণৰ যাত্রা: যোৱা ২৩ জুলাই তাৰিখে মৃত্যুবৰণ কৰা পর্যন্ত ওৰেটো জীৱন বামপন্থী আদৰ্শৰ প্রতি অবিচলিত হৈ থকা অৱনী বৰঠাকুৰ আছিল এগৰাকী নিৰবিচ্ছিন্ন জ্ঞানসাধক। আজিৰপৰা তিনিবছৰমান আগতে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত খবৰ ল’বলৈ যোৱাৰ পৰত কৈছিল “বুইছা, গান্ধীৰ ওপৰত এখন কিতাপ লিখিম বুলি ভাবিছো। অলপ বিস্তৃতভাৱে লিখিম। কেনে দেখা।” পাছলৈ যিমানবাৰ তেখেতৰ খবৰ ল’বলৈ যাও প্রতিবাৰে কিতাপখন লিখা প্রক্রিয়াটো কিমান আগবাঢ়িল সেই বিষয়ে সোধো। উত্তৰত কয়” বুইছা গান্ধীৰ বিষয়ে লিখি দেখো শেষেই কৰিব নোৱাৰি। এনে এজন মানুহৰ জীৱনৰ বিষয়ে লিখিবলৈ গৈ মৰসাহেই কৰিছো নেকি!।” দুখৰ কথা যে জীবিত অৱস্থাতে অৱনী বৰঠাকুৰে ৰচনা কৰি যোৱা প্রায় সাতশ পৃষ্ঠাৰ গান্ধী সম্পৰ্কীয় এই বিশাল গ্ৰন্থখনৰ ছপাৰূপ তেখেতে চাই যাব নোৱাৰিলে। স্বাস্থ্যজনিত কাৰণত বিছনাত অলৰ হৈ নপৰালৈকে আমি অৱনী বৰঠাকুৰৰ মাজত দেখা পাইছিলো সামাজিক, ৰাজনৈতিক ঘটনাপ্রবাহক জল্-পল্পকৈ চাবলৈ বিচৰাৰ দুর্দান্ত হাবিয়াস। প্রতিটো ঘটনা-পৰিঘটনাক মার্ক্সীয় দৃষ্টিভংগীৰে বিচাৰ কৰাৰ বস্তুনিষ্ঠ প্রয়াসক আমৃত্যু পর্যন্ত সজীৱ কৰি ৰাখিছিল অৱনী বৰঠাকুৰে।

এক ৰাজনৈতিক আৰু শৈক্ষিক পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা অৱনী বৰঠাকুৰে ১৯৪৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত শেহৰটো মেট্রিক পৰীক্ষাত অৱতীর্ণ হৈ প্রথম বিভাগ লাভ কৰিছিল। তাৰ পাছত তেওঁ কটন মহাবিদ্যালয়ত নামভর্তি কৰে আৰু সেই সময়তে ভাৰতৰ কমিউনিষ্ট দলৰ ছাত্র ফেডাৰেচন লগত জড়িত হৈ পৰে। বিভিন্ন ধৰণৰ ৰাজনৈতিক সক্ৰিয়তাৰ অন্ততঃ ১৯৪৯ চনত তেওঁ আই এ চি পৰীক্ষা দিলে আৰু পৰীক্ষা দি উঠাৰ কিছুদিন পাছতে যোৰহাটত অৱস্থিত এটা মেছ ফেক্টৰীত চলা ধর্মঘটত অংশগ্ৰহণ কৰি চাৰিমাহ জেল খাটিব লগা হ’ল। আই এ চিপৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত তেওঁ পার্টীৰ কাম-কাজত পূর্ণকালীন সদস্য হিচাপে লাগি গ’ল। ১৯৫১-৫২ চনত তেওঁ কলেজত নামভৰ্তি কৰাৰ বাবে চেষ্টা চলালে যদিও পার্টীৰ ওপৰত নিষেধাজ্ঞা উঠি যোৱাৰ পাছতো কলেজ কর্তৃপক্ষই তেওঁক বি এ ত নামভৰ্তি কৰাবলৈ দিয়া নাছিল। অৱশেষত গোচৰ তৰাৰ ভাবুকি দিয়াত তেওঁৰ নামভর্তি হ’ল যদিও কলেজত ক্লাছ কৰাৰ পৰ্ব অন্ত পৰিল। ভাৰতবৰ্ষৰ কমিউনিষ্ট পার্টীয়ে ইতিমধ্যে অরনী বৰঠাকুৰক গুৱাহাটী টাউন কমিটিৰ ছেক্রেটাৰী পাতিছিল আৰু ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত গৌৰী শংকৰ ভট্টাচাৰ্যই চি পি আই দলৰ হৈ গুৱাহাটী সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাত তেওঁ সেই নির্বাচনত লাগি পৰিল। ১৯৫৫ চনত বি এ আৰু ১৯৬৩ চনত প্রাইভেটকৈ বুৰঞ্জী বিভাগত স্নাতকোত্তৰ পৰীক্ষাত উত্তীর্ণ হোৱা বৰঠাকুৰে কমিউনিষ্ট পার্টীৰ বিভিন্ন দায়িত্ব পূর্ণকালীন সদস্য হিচাপে লোৱাৰ উপৰি পাৰ্টীৰ প্ৰেছৰ পৰা প্ৰকাশিত ‘নতুন অসম’ খন প্রকাশ কৰা লগতে পাছলৈ হেমাংগ বিশ্বাস আৰু কেশৱ মহন্তৰ লগ হৈ ‘প্রৱাহ’ উলিয়াই।

নাজিৰা মহাবিদ্যালয় প্রতিষ্ঠাঃ আজিব নাজিৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অৱনী বৰঠাকুৰে এই মহাবিদ্যালয়খন স্থাপনৰ জৰিয়তে অসমত সামাজিক সপোন দেখা পৰম্পৰাটোৰ এগৰাকী বাটকটীয়ালৈ ৰূপান্তৰিত হৈছিল। ১৯৮২ চনৰ ৩ ছেপ্টেম্বৰত কলেজখনৰ স্থায়ী অধ্যক্ষৰ দায়িত্ব লোৱাৰ পাছত ১৯৯২ চনত ৯০-৯১ শিক্ষাবর্ষৰপৰা কাৰ্যকৰী হোৱাকৈ মহাবিদ্যালয়খনৰ বিশ্ববিদ্যালয়ৰ অন্তর্ভুক্তি (affiliation) লাভ কৰে। তাৎপর্যপূর্ণ কথাটো হ’ল ১৯৯৩ চনত ছেপ্টেম্বৰ মাহত অনুষ্ঠিত নবাগত আদৰণী সভাৰ সামৰণি অনুষ্ঠানলৈ তদানীন্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ আগমন ঘটিল আৰু উক্ত সভাতে মহাবিদ্যালয়খনক ১৯৯৪ চনৰ এপ্রিল মাহৰপৰা ঘাটি মঞ্জুৰীত অন্তৰ্ভূক্ত কৰাৰ ঘোষণা দিলে। এই ঘোষণাৰ পাছতে ১৯৯৪ চনৰ ২৪ মাৰ্চত তেওঁ অধ্যক্ষ পদৰ দায়িত্বৰ পৰা অব্যাহতি লয়। প্রায় বাৰ বছৰধৰি নিৰৱিচ্ছিন্নভাবে কষ্ট স্বীকাৰ কৰি গঢ়া মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ৰাজকোষৰপৰা দৰমহা লাভ কৰাৰ আগতেই অৱনী বৰঠাকুৰে অধ্যক্ষৰ পদটি এৰি দি সেই পদবীটো উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা চৈয়দ মবিদুল ইছলামক এৰি দিলে। এনে উদাহৰণ অসমৰ শৈক্ষিক ইতিহাসতে বিৰল বুলি ক’ব পাৰি।

এটা অন্তহীন সামাজিক সপোন: আজীৱন বাঁও আদৰ্শৰ প্ৰতি উৎসর্গিত এইজন শিক্ষকে এটা সময়ত আদর্শগত দ্বন্দ্বৰ বাবে ভাৰতবৰ্ষৰ কমিউনিষ্ট দলৰ পৰা ওলাই গৈ AICP (All India Communist Party)ত যোগ দিছিল যদিও সেই দলটোত সৰহদিন নিটিকিল। নাজিৰা মহাবিদ্যালয়ত যোগ দিয়াৰ পিছৰে পৰা সাংগঠনিকভাৱে তেওঁ পাৰ্টীৰ কামৰ সৈতে জড়িত হৈ নাথাকিল যদিও লেখা-মেলা, চিন্তা-ভাবনা আদিৰে এক সক্রিয় ভূমিকা লৈ থাকিল।২০১০ চনত প্রকাশিত তেওঁৰ গ্ৰন্থ ‘নব্য উদাৰতাবাদ আৰু অন্যান্য প্রবন্ধ’ শীর্ষক গ্রন্থখনিক অসমৰ সমাজ বিজ্ঞানৰ বাগধাৰালৈ এক অনন্য অৱদান বুলি ক’ব পাৰি। অসমৰ জাতীয় অস্তিত্বৰ কাৰণে সদায় মাত মাতি অহা অৱনী বৰঠাকুৰে ‘অভিজ্ঞতাৰ আলোকত এজন কমিউনিষ্ট কর্মীৰ সস্মৃতিকথা’ শীর্ষক ২০১৮ চনত প্রকাশিত গ্রন্থখনত প্রকাশ কৰিছে নতুন আশা আৰু প্রত্যাশা। তেওঁ লিখিছে” যি সময়ত দেশৰ আন আন জাতিবোৰে নিজা সংস্কৃতিৰ আধাৰত একোখন বাসভূমি পাব সেইসময়ত অসমীয়াসকলৰ কাৰণে কোনো বাসভূমি নাথাকিব। ভাৰতীয় জনতা পাৰ্টিৰ হিন্দুৰাষ্ট্ৰ গঠনৰ লক্ষ্য কাৰ্যকৰী কৰাৰ প্ৰয়াসত আমাৰ জাতীয় অস্তিত্বক বলি দিয়াৰ ব্যৱস্থা। কমিউনিষ্ট দলবোৰে যদি উদ্যোগ লৈ যি প্রতিবাদী আন্দোলন বিভিন্ন সংগঠনৰ নেতৃত্বত সুকীয়া সুকীয়াকৈ গঢ়ি উঠিছে তাক এক বহল ঐক্যবদ্ধ ৰাজ্যজোৰা আন্দোলনলৈ ৰূপায়িত কৰিব পাৰে তেন্তে ভা.জ.পাৰ জনবিৰোধী নীতি প্রতিহত কৰি গণতান্ত্রিক অগ্রগতি নিশ্চিত কৰিব পৰা হ’ব।” জীৱনৰ সমগ্র আশা-আকাংক্ষাক সামাজিক এটা সপোন পূৰণ কৰাৰ স্বাৰ্থত বিসর্জন দিয়া এনে এক মহান জীৱন আমাৰ সকলোৰে বাবে অনুকৰণীয় হওক।