প্ৰথম দুখন খেলত তেওঁ তেনেদৰে দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল। বাদ দিয়াৰ কথাও চৰ্চালৈ আহিছিল। কিয়নো উমৰাণ মালিক, অৰ্শদীপ সিঙৰ দৰে তৰুণ যোদ্ধা বহি আছে। কিন্তু আৱেশ খানে শুকুৰবাৰে ৰাজকোটত তেওঁৰ প্ৰদৰ্শনেৰে দেখুৱাই দিলে যে দলটোৱে কিয় তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।
শুকুৰবাৰে আবেশ খানে ৪ টা উইকেট লৈ জিলিকি উঠিল। ভাৰতে দক্ষিণ আফ্ৰিকাক ৮২ ৰাণত পৰাস্ত কৰি শৃংখলাটো ২-২ ত সমতা স্থাপন কৰে।
ভাৰতে বান্ধি দিয়া ১৭০ ৰাণৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাৰ ইনিংছ ১৬.৫ অভাৰতে মাত্ৰ ৮৭ ৰাণত তাচপাতৰ দৰে খহি পৰে। ৰাচী ভান ডাৰ ডুছেনৰ ২০ ৰাণটো নোহোৱাহেঁতেন দক্ষিণ আফ্ৰিকা আৰু অধিক লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’লহেঁতেন।
অৱশ্যে দক্ষিণ আফ্ৰিকাই ভাৰতৰ ৰাণ অনুসৰণ কৰি বেয়া আৰম্ভণি কৰা নাছিল। ডিকক-বাভুমা যুটিটোৱে ভাল আৰম্ভণিয়ে কৰিছিল। কিন্তু ৰাণ লোৱাৰ সময়ত বাভুমা ডাইভ দি হাতত আঘাত পোৱাত ক্ৰীজ এৰিবলৈ বাধ্য হয়। তাৰ পিছতে দক্ষিণ আফ্ৰিকাৰ ইনিংছত বিপৰ্যয় আৰম্ভ হয় ।
কুইন্টন ডিকক আৰু ডোৱেন প্ৰিটোৰিয়াছ একেৰাহে দুটা অভাৰত আউট হয়। নিজৰ মাজত ভুল বুজাবুজিৰ বাবে ডিককে ৰাণ আউট হৈ উভতি আহিব লগা হয়। পৰৱৰ্তী অভাৰত আৱেশ খানৰ বলত পন্থৰ হাতত কেচ দি বিদায় লয় প্ৰিটোৰিয়াছ।
তাৰ পিছত আৰু পিছলৈ ঘূৰি চাব লগা নাছিল। ক্ৰীজত খোপনি পোতা ভান ডাৰ ডুছেনেই নহয় মাৰ্কো জনশ্যেন, কেশৱ মহাৰাজো আৱেশৰ চিকাৰ হয়। ৪ অভাৰত মাত্ৰ ১৮ ৰাণ দি ৪টা উইকেট দখল কৰে আৱেশে। চাহালেও দুটা উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰা ভাৰতো প্ৰথমতে বিপদত পৰিছিল। পাৱাৰ প্লেৰ সমাপ্তি নোহোৱাতে ভাৰতে তিনিজন শীৰ্ষ বেটাৰক হেৰুৱাই সংকটত পৰিছিল। ৰিতুৰাজ গায়কোৱাড় (৫), শ্ৰেয়াস আয়াৰ (৪)ক আৰম্ভণিতে এনগিডি আৰু মাৰ্কো জেনশ্যনে আউট কৰি ভাৰতক শলঠেকত পেলাইছিল। অধিনায়ক পন্থো মাত্ৰ ১৭ ৰাণত আউট হয়। কিন্তু দীনেশ কাৰ্তিক আৰু হাৰ্দিক পাণ্ডিয়াই পঞ্চম উইকেটৰ যুটীত ভাৰতক উদ্ধাৰ কৰে।
কাৰ্তিকে বিস্ফোৰক বেটিঙেৰে ৯টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ২৭ টা বলত ৫৫ ৰাণ সংগ্ৰহ কৰে। হাৰ্দিকে ৩১ টা বলত ৪৬ ৰাণ কৰে। তেওঁ তিনিটাকৈ চাৰি আৰু ছয় কোবায়।
আই পি এলত দুৰ্দান্ত ফৰ্মত থকা দুয়োগৰাকী তাৰকাই ৬৫ ৰাণ যোগ দি খেলখনত পাৰ্থক্য গঢ়ি তোলে। অৱশেষত, হাৰ্দিক আৰু কাৰ্তিকে একেৰাহে দুটা অভাৰত আউট হয় যদিও ই ভাৰতক বৃহৎ ৰাণ সংগ্ৰহ কৰাত বাধা দিব পৰা নাছিল।
সংক্ষিপ্ত স্ক’ৰ:
ভাৰত ১৬৯/৬
দক্ষিণ আফ্ৰিকা ৮৭/৯