কেইমাহমানৰ আগতে ‘কেডি: দ্য ডেভিল’ৰ ‘সৰকে চুনৰ তেৰী সৰকে’ গীতটোক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছিল নোৰা ফাতেহী। এইবাৰ চাৰ্টাৰ্ড বিমানক ‘পুতলা বিমান’ বুলি অভিহিত কৰি নতুন বিতৰ্কৰ মাজত সোমাই পৰিছে মৰক্কোৰ এই সুন্দৰীগৰাকীয়ে। সংশ্লিষ্ট বিমান সংস্থাটোৱে তেওঁৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে।
গান্ধীনগৰ আদালতত দাখিল কৰা এক দেৱানী গোচৰত কোম্পানীটোৱে অভিযোগ কৰে যে নোৰাৰ মন্তব্যই কোম্পানীটোৰ সুনাম ক্ষতিগ্ৰস্ত কৰিছে, যাৰ ফলত কোম্পানীটোৰ ব্যৱসায়তো প্ৰভাৱ পৰিছে।
এই গোচৰৰ শুনানিৰ দিন ২৫ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছে।কোম্পানীটোৱে দাবী কৰিছে যে ২০১৫ চনৰ ডিচেম্বৰ মাহত মুম্বাইৰ পৰা জয়পুৰলৈ উৰাজাহাজেৰে গৈ থকা অৱস্থাত এখন চাৰ্টাৰ্ড বিমানৰ ভিতৰত নোৰাই ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল। তাত তেওঁ ধেমালিতে বিমানখনক ‘মিনিয়েচাৰ টয়’ বুলি অভিহিত কৰিছিল, যাৰ অৰ্থ অসমীয়াত পুতলা বিমান। ছ’চিয়েল মিডিয়াত ভিডিঅ’টো পোষ্ট কৰাৰ লগে লগে নেটিজেনসকলে ৰসিকতা কৰে।
কোম্পানীটোৱে অভিযোগ কৰে যে নোৰাৰ মন্তব্যৰ বাবে বিমানখনৰ বুকিং বাতিল হ’বলৈ আৰম্ভ কৰে। ব্যৱসায়িক কাৰ্যকলাপ ব্যাপকভাৱে প্ৰভাৱিত হয়। ছ’চিয়েল মিডিয়াত নোৰাৰ বিশাল ফেন ফ’ল’ৱাৰৰ বাবে এই ভিডিঅ’টো দ্ৰুত গতিত ভাইৰেল হৈ পৰে। ফলত কোম্পানীটোৰ ব্যৱসায়ত বিশেষ প্ৰভাৱ পৰে। যোৱা এপ্ৰিল মাহত দাখিল কৰা গোচৰটোত কোম্পানীটোৱে কৈছিল যে নোৰাৰ মন্তব্য অতি দায়িত্বজ্ঞানহীন আৰু তৰল।
কাৰিকৰী জ্ঞান অবিহনে পাতল মন্তব্য কৰিছে। কোম্পানীটোৰ ভাবমূর্তি ক্ষতি কৰাৰ উপৰিও ইয়াৰ বাণিজ্যিক কাম-কাজতো প্রভাৱ পৰিছে৷ এবাৰতে বুকিং প্ৰায় পোন্ধৰৰ পৰা বিশ শতাংশ হ্ৰাস পাইছে। বুকিং কৰাৰ পিছত বাতিলৰ প্ৰৱণতাও যথেষ্ট বৃদ্ধি পাইছে। কোম্পানীটোৰ স্থিতি স্পষ্ট। কোম্পানীটোৰ মতে, প্ৰশ্ন কৰা বিমানখন সম্পূৰ্ণ স্বাভাৱিক আৰু নিৰাপদ আৰু সেই যাত্ৰাৰ বাবে উপযুক্ত আকাৰৰ আছিল।এন এছ অ’ পিৰ অধীনত বিমান চলাবলৈ ই আইনীভাৱে উপযুক্ত আছিল আৰু ডি জি চি এৰ অনুমোদন লাভ কৰিছিল।
তিনি কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰাৰ উপৰিও কোম্পানীটোৱে আদালতত আবেদন জনাইছে যে বিমানখনৰ সন্দৰ্ভত নোৰাৰ বিতৰ্কিত মন্তব্যকে ধৰি ছ’চিয়েল মিডিয়াৰ সকলো পোষ্ট আৰু ছ’চিয়েল মিডিয়া কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ দিব লাগে। এই বিষয়ত নোৰাই এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।





