• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্দেহজনক লোকৰ বসতিক কেন্দ্ৰ কৰি নিশা উত্তপ্ত নগাঁৱৰ বালিজুৰি; পৰিস্থিতি নিয়ন্ত্ৰণ আৰক্ষীৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
February 22, 2020 8:32 am
Nagaon Story

সন্দেহজনক বসতিক কেন্দ্ৰক কৰি সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ দৃশ্য

7.9k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত তথা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বালিজুৰিত বসতি স্থাপন কৰা একাংশ সন্দেহযুক্ত লোকক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশাৰ ভাগত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়।

বহুসংখ্যক সন্দেহযুক্ত লোকে শুকুৰবাৰে বিয়লিৰ ভাগৰপৰা নিশাটোৰ ভিতৰত এখন পথাৰত বাসগৃহ নিৰ্মাণ কৰা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে।

সন্দেহযুক্ত লোকসকলৰ দলটোত অহা প্ৰায় কুৰিজন লোকে গৰু, ছাগলী, কুকুৰা আদি সহ যাৱতীয় সামগ্ৰীৰে নিশাটোৰ ভিতৰতে পথাৰখনত ঘৰ সজাবলৈ চেষ্টা চলোৱাত ওচৰ-পাজৰৰ গাঁৱৰ ৰাইজৰ মনত তেওঁলোক সন্দেহযুক্ত নাগৰিক বুলি সন্দেহ ঘনীভূত হয়।

অঞ্চলটোৰ স্থানীয় ৰাইজে একত্ৰিত হৈ সোধপোছ কৰাত সন্দেহজনক লোককেইজনে নিজৰ কোনো পৰিচয়-পত্ৰ তথা বৈধ নথি-পত্ৰ দেখুৱাব নোৱাৰিলে।

ইয়াৰ বিপৰীতে পুৰণিগুদামৰ চলচলিৰ নেকিব নামৰ এজন লোকে মানুহখিনিক সেই পথাৰখনত নিগাজীকৈ বহিবলৈ মৰিগাঁৱৰ লাহৰিঘাটৰ পৰা মাতি অনাৰ কথা স্পষ্ট কৰে বসতি স্থাপন কৰা সন্দেহজনক লোকসকলে।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত কিছু সময় ধৰি উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰে।

অৱশ্যে স্থানীয় একাংশ ৰাইজে সমগ্ৰ বিষয়টো ততাতৈয়াকৈ চামগুৰি আৰু পুৰণিগুদাম আৰক্ষীক অৱগত কৰিছিল যদিও ঘটনাস্থলীত বহু পলম কৈ উপস্থিত হোৱা পুৰণিগুদাম আৰক্ষী চকীৰ বিষয়া গৰাকীয়ে ঘটনাস্থলীৰ পৰিস্থিতি শান্ত কৰাৰ উপৰিও সন্দেহজনক লোক কেইজনৰ ভিতৰত মহিলাসহ প্ৰায় পাঁচ গৰাকী লোকক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ দলটোৱে পুৰণিগুদামৰ নেকিব নামৰ লোকজনৰ সন্ধানতো তদন্ত আৰম্ভ কৰা দেখা যায়।

আনহাতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হোৱাৰ সময়ত আন কেইবাজনো সন্দেহজনক লোকে আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় বুলি একাংশ স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd