ঋষভ পন্তক নিৰ্বাসনত পঠিয়ালে বিচিচিআইয়ে! দিল্লী কেপিটেলছৰ নতুন নেতাৰ সন্মুখত প্ৰত্যাহ্বান

দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্তক এখন মেচৰ বাবে নিৰ্বাসিত কৰিলে বিচিচিআইয়ে! ৭ মে’ত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে লেহেমীয়া অভাৰৰেটৰ বাবে এই ঋষভক দিয়া হৈছে এই নিদান। কেৱল এখন মেচত নিৰ্বাসিত কৰাই নহয়, দিল্লীৰ অধিনায়কগৰাকীক ৩০ লাখ টকাৰ আৰ্থিক জৰিমনাও ভৰিব লাগিব।

ৰাজস্থানৰ বিৰুদ্ধে ফাইনেল অভাৰত বলিং কৰাৰ সময়ত ১০ মিনিট পিছ পৰি আছিল ঋষভৰ দল। এতিয়া প্ৰশ্ন হয় মন্থৰ অভাৰৰেটৰ বাবে দিল্লীৰ শাস্তি কিয় ইমান কঠোৰ! তাৰ উত্তৰ মাত্ৰ এটাই। চলিত আই পি এলত ঋষভৰ দলটোৱে এবাৰ বা দুবাৰ নহয় তিনিবাৰ এই ভুল কৰিছিল। অতিৰঞ্জিত হোৱাৰ বাবে ঋষভ বাহিনীক ৰেহাই নিদিলে বিচিচিআইয়ে।

লগতে পঢ়কঃ IPL 2024: বৰ্ষাবিঘ্নিত মেচত ইডেনত সেমেকিল মুম্বাই; প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে

কেৱল ঋষভই নহয়, দিল্লী দলৰ ইমপেক্ট চাবষ্টিটিউটকে ধৰি সকলোৱে ১২ লাখ টকা বা মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা ভৰিব লাগিব। এই ক্ষেত্ৰত যিটো কম হ’ব সেইটোৱে নিয়ম অনুসৰি নিৰ্ধাৰণ কৰা হ’ব। দিল্লীয়ে মেচ ৰেফাৰীৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই এই সিদ্ধান্ত পুনৰীক্ষণৰ বাবে আবেদন জনাইছিল। অৱশ্যে ভাৰ্চুৱেল শুনানিৰ সময়ত বিচিচিআইৰ ন্যায়পালকে স্পষ্ট কৰি দিয়ে যে মেচ ৰেফাৰীৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক।

দেওবাৰে সন্ধিয়া দিল্লীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে খেলিব। ঋষভৰ সলনি অধিনায়কৰ দায়িত্ব ল’ব উপ-অধিনায়ক অক্ষৰ পেটেলে। এই মেচখন ঋষভৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ দলটো এতিয়াও প্লে অফৰ দৌৰত আছে। এনে এখন মেচত ঋষভক নোপোৱাটো নিঃসন্দেহে এটা ডাঙৰ আঘাত। কিয়নো এই ছিজনত দিল্লীৰ হৈ সৰ্বাধিক স্ক’ৰ কৰিছে ঋষভ। তেওঁ ১৫৬.৪৩ ষ্ট্ৰাইক ৰেটত ৪১৩ ৰান সংগ্ৰহ কৰে।

লগতে পঢ়কঃ “এই বছৰেই মোৰ শেষ”, ইডেনত ৰোহিতৰ ভিডিঅ’ই সূচনা কৰিলে নতুন বিতৰ্কৰ

আৰচিবিৰ পিছত লক্ষ্ণৌৰ বিৰুদ্ধে খেলিব দিল্লীয়ে। একেৰাহে খেল দুখনত জয়লাভ কৰিলে দিল্লীয়ে ১৬ পইণ্ট লাভ কৰিব। প্লে অফৰ নিশ্চয়তা নাথাকিলেও পথ বহুখিনি প্ৰশস্ত হ’ব। আনহাতে, চেন্নাই, হায়দৰাবাদ আৰু লক্ষ্ণৌৱে লীগৰ বাকী তিনিখন মেচত জয়ী হ’লে ১৮ পইণ্ট লাভ কৰিব৷ তেনে ক্ষেত্ৰত ১৬ পইণ্ট লাভ কৰিও দিল্লীয়ে শেষ চাৰিটা স্থানত প্ৰৱেশ কৰিব নোৱাৰিব।