• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদনৰ ভিত্তিত গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ সৈতে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ পদত্যাগী সদস্যৰ সম্পৰ্ক পোহৰলৈ অহাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2026 5:00 pm
71
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাম মন্দিৰত সংঘটিত চুৰি কাৰ্যৰ তদন্তৰ বাবে গঠিত বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদনৰ ভিত্তিত অযোধ্যাৰ ৰাম মন্দিৰৰ দান হিচাপে লাভ কৰা কোটি কোটি টকা আৰু সোণ আত্মসাৎ কৰাৰ অভিযোগত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে আঠগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। এই গ্ৰেপ্তাৰৰ পাছতেই ‘শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট‘ৰ সাধাৰণ সম্পাদক চম্পত ৰায় আৰু অন্যতম সদস্য অনিল মিশ্ৰই পদত্যাগ কৰাৰ লগে লগে সমগ্ৰ ঘটনাকেন্দ্ৰিক ৰহস্য অধিক ঘনীভূত হৈ পৰিছে। এই বৃহৎ কেলেংকাৰী পোহৰলৈ অহাৰ পাছতে বিৰোধী দলসমূহে প্ৰকৃত দোষীক সুৰক্ষা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্তৰ দাবী জনাইছে।

তদন্তকাৰী দলে দাখিল কৰা প্ৰাথমিক প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি বৃহস্পতিবাৰে ট্ৰাষ্টৰ অন্যতম সদস্য কৃষ্ণ মোহনে আৰক্ষীৰ ওচৰত আনুষ্ঠানিকভাৱে এজাহাৰ দাখিল কৰে। ইয়াৰ ভিত্তিত আৰক্ষীয়ে ধন আৰু সামগ্ৰী গণনাৰ সৈতে জড়িত ৰামশংকৰ যাদৱ ওৰফে টিণ্ণু, ৰমাশংকৰ মিশ্ৰ ওৰফে ৰবি মিশ্ৰ, অনুকল্প মিশ্ৰ, লৱকুশ মিশ্ৰ, অবিনাশ শুক্লা, মণীশ যাদৱ, সুভাষ শ্ৰীবাস্তৱ আৰু কৰুণেশ পাণ্ডেক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি অভিযুক্তসকলৰ কেইবাজনৰো ঠিকনাৰ পৰা প্ৰায় ৮০ লাখ টকাৰ হিচাপ বহিৰ্ভূত ধন উদ্ধাৰ কৰা হৈছে।

Apply Now

সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ একাংশৰ সৈতে সদ্য পদত্যাগী ট্ৰাষ্টীদ্বয়ৰ প্ৰত্যক্ষ যোগাযোগ থকাৰ তথ্য পোহৰলৈ আহিছে। পদত্যাগী সাধাৰণ সম্পাদক চম্পত ৰায়ৰ প্ৰাক্তন বাহন চালক তথা বিশ্ব হিন্দু পৰিষদৰ কৰসেৱকপুৰমৰ সৈতে জড়িত ৰামশংকৰ যাদৱৰ হাতত দান বাকচৰ চাবি থকাৰ লগতে স্বেচ্ছাচাৰীভাৱে কাম কৰাৰ অভিযোগ উত্থাপন হৈছে, অৱশ্যে তেওঁ এই অভিযোগ অস্বীকাৰ কৰিছে। আনহাতে, ধন গণনাৰ দায়িত্বত থকা ৰমাশংকৰ মিশ্ৰ আৰু চিচিটিভিৰ নিৰীক্ষণত বাধা দিয়াৰ অভিযোগত অভিযুক্ত তেওঁৰ পুত্ৰ অনুকল্প মিশ্ৰ হৈছে পদত্যাগী সদস্য অনিল মিশ্ৰৰ আত্মীয়। ৰমাশংকৰৰ জোঁৱায়েক লৱকুশ মিশ্ৰক চুৰি হোৱা ধন আৰু সোণ বাহিৰলৈ পঠিওৱাৰ দায়িত্ব দিয়া হৈছিল।

ইয়াৰ লগতে প্ৰভাৱশালী কৰ্মচাৰী তথা এই চক্ৰটোৰ গুৰুত্বপূৰ্ণ সদস্য বুলি অভিহিত অবিনাশ শুক্লাৰ পৰা আৰক্ষীয়ে পাঁচ লাখ টকা উদ্ধাৰ কৰিছে। দানপাত্ৰৰ নিৰীক্ষণৰ দায়িত্বত থকা ৰামশংকৰ যাদৱৰ ভতিজাক মণীশ যাদৱৰ ঘৰৰ পৰাও চুৰি হোৱা ধন উদ্ধাৰ কৰা হৈছে। আন দুগৰাকী অভিযুক্তৰ ভিতৰত প্ৰাক্তন বেংক কৰ্মচাৰী সুভাষ শ্ৰীবাস্তৱে ধন গণনা আৰু বেংকত জমা দিয়াৰ দায়িত্ব পালন কৰাৰ বিপৰীতে কৰুণেশ পাণ্ডেৰ বিৰুদ্ধে ভক্তক ৰচিদ প্ৰদান কৰাত অনিয়ম কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই সমগ্ৰ ঘটনাক লৈ বিৰোধী দল কংগ্ৰেছ, সমাজবাদী পাৰ্টি আৰু শিৱসেনাই (উদ্ধৱ) তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে শুকুৰবাৰে অভিযোগ কৰে যে তেওঁলোকৰ দলে দান কৰা চাৰি কিলোগ্ৰাম ওজনৰ ৰূপৰ ইটা আৰু দলপতি উদ্ধৱ ঠাকৰেই দান কৰা এক কোটি টকাৰ কোনো ৰচিদ আজিলৈকে লাভ কৰা নাই। তেওঁ লগতে ৰাম মন্দিৰৰ পৰা চুৰি হোৱা দুই হাজাৰ কোটি টকাৰে তৃণমূল আৰু শিৱসেনাৰ (উদ্ধৱ) সাংসদ ক্ৰয় কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছ দলে অভিযোগ কৰিছে যে যিটো ট্ৰাষ্টৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে, সেই একেই ট্ৰাষ্টৰ এজাহাৰৰ ভিত্তিত তদন্ত হ‘লে প্ৰকৃত অপৰাধী সাৰি যোৱাৰ সম্ভাৱনা আছে। সেয়েহে দলটোৱে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰাক্তন বিষয়া তথা ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰৰ লগতে ট্ৰাষ্টৰ অন্যান্য বিষয়ববীয়াসকলৰ বিৰুদ্ধেও তদন্তৰ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd