NORTHEAST NOW (Assamese)

পৰ্যটন, তথ্য প্ৰযুক্তি আদি বিষয় লৈ আজাৰবাইজানৰ ৰাষ্ট্ৰদূতে সাক্ষাৎ কৰিলে মুখ্য মন্ত্ৰীক

May 18, 2019 10:12 am ·
আজাৰবাইজানৰ ৰাষ্ট্ৰদূতৰ সৈতে সোণোৱাল

আজাৰবাইজান গণৰাজ্যৰ ৰাষ্ট্ৰদূত ড০ আশ্ৰফ শিখালিয়েভে ১৭ মে’ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ত সাক্ষাৎ কৰি অসমৰ আৰু আজাৰবাইজানৰ পৰস্পৰ স্বাৰ্থ জড়িত বিভিন্ন বিষয় সামৰি আলোচনা কৰে।

অসমৰ চাহ উদ্যোগে বহন কৰা বৃহৎ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আজাৰবাইজানৰ ৰাষ্ট্ৰদূত গৰাকীয়ে অসমৰ চাহ খণ্ডত তেওঁৰ দেশে বিনিয়োগৰ বাবে আগ্ৰহী বুলি মত প্ৰকাশ কৰাৰ লগতে সেই দেশৰ উপভোক্তা সকলৰ বাবে অসমৰ চাহ আমদানিৰ ওপৰতো দেশখন আগ্ৰহী বুলি কয়।

আজাৰবাইজানৰ বৃহৎ সংখ্যক লোকে পানীয় হিচাপে চাহ পছন্দ কৰে বুলি উল্লেখ কৰি ৰাষ্ট্ৰদূত গৰাকীয়ে তথ্য প্ৰযুক্তি আৰু পৰ্যটন এই দুয়োটা খণ্ডতে অসম আৰু আজাৰবাইজানে উমৈহতীয়াভাৱে কাম কৰাৰ যথেষ্ট থল আছে বুলি মত প্ৰকাশ কৰে।

অসমত থকা ব্যৱসায় বাণিজ্যৰ বৃহৎ সম্ভাৱনীয়তাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুয়োটা ভূখণ্ডৰ প্ৰতিনিধিয়ে পৰস্পৰে দুয়োটা ভৌগলিক এলেকা পৰিদৰ্শন কৰি এই দিশত সুফল লাভ কৰাৰ সম্ভাৱনীয়তা আছে বুলি কয়।

ৰাজ্যখনৰ আমিষ আৰু নিৰামিষ আহাৰৰ বিবিধতাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি মুখ্য মন্ত্ৰীয়ে আজাৰবাইজানৰ ৰাষ্ট্ৰদূত গৰাকীক তেওঁলোকৰ দেশৰ ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে পুনৰ অসম ভ্ৰমণ কৰাৰ বাবে আমন্ত্ৰণ জনায়।

ৰাজ্যখনৰ জনসাধাৰণৰ আতিথ্যৰ দিশত থকা আন্তৰিকতাৰ শলাগ লৈ আজাৰবাইজানৰ ৰাষ্ট্ৰদূত গৰাকীয়ে দুয়োটা ভৌগলিক এলেকাৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰদূত গৰাকীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁৰ দেশ ভ্ৰমণ কৰাৰ বাবেও আমন্ত্ৰণ জনায়।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰদূতগৰাকীয়ে সাক্ষাতৰ সময়ত শক্তি বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী তপন কুমাৰ গগৈ, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী উপস্থিত আছিল।

Related News