• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জলসিঞ্চনৰ কেলেংকাৰিৰ তদন্ত বিচাৰি আৰক্ষীৰ অপৰাধ শাখাত গোচৰ আসাম পাব্লিক ৱৰ্কছৰ

মন্ত্ৰী ভৱেশ কলিতাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি জলসিঞ্চন বিভাগৰ দুৰ্নীতিৰ তথ্য দাঙি ধৰিলে অসম পাব্লিক ৱৰ্কছে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 18, 2019 8:39 am
Abhi-Bhabe

মন্ত্ৰী ভৱেশ কলিতা আৰু পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মা। ফাইল ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ সম্পৰ্কত অসম পাব্লিক ৱৰ্কছে গৌৰী সদনত ২৭ এপ্ৰিল ২০১৯ত অনুষ্ঠিত কৰা সংবাদমেলত উত্থাপন আৰু অভিযোগ তোলা বিষয়ৰ সন্দৰ্ভত ২৯ এপ্ৰিলৰ দিনা বিভাগীয় মন্ত্ৰী ভৱেশ কলিতাই এই অভিযোগ ভিত্তিহীন আৰু মনেসজা বুলি দাবী কৰিছিল। লগতে এই দুৰ্নীতিৰ তথ্য ৰাজহুৱা কৰিবলৈ আসাম পাব্লিক ৱৰ্কছক প্ৰত্যাহ্বান জনাইছিল।

মন্ত্ৰী কলিতাৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰি শুকুৰবাৰে মহানগৰীৰ গৌৰীসদনত এক সংবাদমেল সম্বোধন কৰি সভাপতি অভিজিৎ শৰ্মা আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে বিভাগীয় কেলেংকাৰিৰ কেতবোৰ তথ্য ৰাজহুৱা কৰে।

Apply Now

ইপিনে, যোৱা ৪ মে’ত “নিয়মীয়া বাৰ্তা” বাতৰি কাকতখনত মন্ত্ৰী ভৱেশ কলিতাই বিভাগটোৰ মুখ্য অভিযন্তাৰ স্বাক্ষৰিত এক স্পষ্টীকৰণত কৈছিল যে সংবাদমেলত অনা অভিযোগ সমূহ মনেসজা ,ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত । লগতে গন্ধমৌ, শৰাইঘাট আৰু পাকৰকোণা আঁচনিৰ বিপৰীতে ৮৩.০৩ লাখ টকা মুকলি কৰি দিয়া হৈছে বুলিও তেওঁ কৈছিল।

উক্ত স্পষ্টীকৰণৰ ওপৰত ভিত্তি কৰি মন্ত্ৰী ভৱেশ কলিতালৈ প্ৰশ্ন অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ, ‘‘৮৩.০৩ লাখ টকা তেওঁ পৈত্রিক সম্পত্তি বেছি দিছিল নে চৰকাৰৰ ৰাজকোষৰ পৰা দিছিল ? যদি ৰাজকোষৰ পৰা দিছিল তেন্তে তাৰ বিনিময়ত ৰাইজে কি পালে? যদি ৰাইজে একো পোৱা নাই তেন্তে তেওঁৰ এই দম্ভালি কিহৰ ? ৰাইজে কিবা পালেনে নাই এবাৰ চৰজমিন অধ্যয়ন কৰিলেই সকলো পৰিস্কাৰ হৈ যাব।‘’

আনহাতে, উক্ত সংবাদ মেলতে সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে কয়, ‘’জলসিঞ্চন বিভাগৰ ফালৰ পৰা ২০১৮ চনতে বিধায়ক নুৰুল হুডাৰ এক লিখিত প্ৰশ্নৰ উত্তৰত সদনক জনাইছিল যে অসমত জলসিঞ্চনৰ মুঠ ৩০৩৩ খন আঁচনি আছে, ইয়াৰ সম্পূৰ্ণ হৈছে ১৬৩২ খন আৰু ১৪০১ খন অসম্পূৰ্ণ হৈ আছে । সম্পূৰ্ণ হোৱা ১৬৩২ খন আঁচনিৰ মাত্ৰ ৪৪৬ খন আঁচনি কাৰ্যক্ষম, ৭৪৬খন আংশিকভাৱে কাৰ্যক্ষম, ২১৫ খন আঁচনি মেৰামতি কৰিব নোৱাৰাকৈ অকার্যক্ষম আৰু ২০৭ খন আঁচনি মেৰামতি কৰিব নোৱাৰাকৈ বিকল।‘’

‘’বিভাগীয়ভাৱে জনপ্ৰতিনিধিক দিয়া এই তথ্যও মুখ্য অভিযন্তাৰ ভাষাত মনেসজা , ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত নেকি ? যদি পাৰে তেওঁ এই তথ্যৰ বিগত বছৰত কিমান পৰিৱৰ্তন আহিল তাক ৰাজহুৱা কৰক,‘’-মন্ত্ৰীলৈ এই আহ্বান তালুকদাৰৰ।

তদুপৰি, বিভাগীয় অভিযন্তাসকলে অপ্ৰয়োজনীয়ভাৱে আঁচনি বনাই চৰকাৰী ধন শৰাধ কৰাৰ তথ্যসমৃদ্ধ তথা ভাৰতীয় দণ্ডবিধিৰ আই পি চি ১২০বি/৪০৯/৪২০/৪৬৮/৪৭১ আৰু ধাৰা নং ১২ এণ্ড ১৩ অফ প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টৰ অধীনত ঠিকাদাৰ, মুখ্য অভিযন্তা, জলসিঞ্চন বিভাগ, ডিজাইন ডাইৰেক্টৰ, জলসিঞ্চন বিভাগ, কাৰ্যবাহী অভিযন্তা, গোৱালপাৰা ডিভিজন, জলসিঞ্চন বিভাগৰ ওপৰত যোৱা ১৫ মে’ৰ দিনা অসম আৰক্ষীৰ অপৰাধ আৰু অনুসন্ধান শাখাত এখন এজাহাৰ দিছে অসম পাব্লিক ৱৰ্কছে।

উক্ত আঁচনিখনৰ নাম ‘জুৰিগাঁও এফ আই এছ এট গোৱালপাৰা ডিষ্ট্ৰিক্ট’ বুলি সংবাদমেলত তালুকদাৰে জানিবলৈ দি লগতে কয়, ‘’এইখন  গোৱালপাৰা জিলা জলসিঞ্চন বিভাগৰ অধীনৰ আৰু এই আঁচনিৰ বাবদ অনুমোদিত ধন ৰাশি আছিল ৯ কোটি ১৯ লাখ ৬৬ হাজাৰ টকা।‘’

উক্ত ধন ৰাশিৰ পৰা ২ কোটি ২১ লাখ টকাহে মুকলি কৰি দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰি লগতে কয় যে একেখন আঁচনিকেই ৰূপায়নৰ নামত অনুমোদিত ৰাশিৰ পৰিমাণ ২২ কোটি টকালৈ বঢ়াই দিয়া হৈছে।

আনহাতে, উক্ত বিভাগটোৰ নিযুক্তিৰ প্ৰাৰম্ভিক পৰ্য্যায়তে দুৰ্নীতি হোৱা বুলি উল্লেখ কৰি তালুকদাৰে কয়, ‘’এই সম্পৰ্কত বিভাগীয় প্ৰক্ৰিয়া চলোৱাৰ বাবে এজেন্সি বিচাৰি আবেদন কৰা হৈছিল চলিত বৰ্ষৰ ১৯ ফেব্ৰুৱাৰিত। আমি পোৱা খবৰ অনুসৰি এই প্ৰক্ৰিয়া ই-টেণ্ডাৰৰ জৰিয়তে হ’ব লাগিছিল যদিও নহ’ল। প্ৰী বিড মিটিং অনুষ্ঠিত কৰাটো যিকোনো নিবিদা আহ্বানৰ এক গতানুগতিক প্ৰক্ৰিয়া। কিন্তু এই বিভাগত কোনো প্ৰী-বিড মিটিং অনুষ্ঠিত নহ’ল।‘’

তেওঁ লগতে কয় যে যোৱা ২৬ ফেব্ৰুৱাৰিৰ দিনা নিবিদা খুলিব লাগিছিল যদিও নুখুলি এই প্ৰক্ৰিয়া ৫ মাৰ্চলৈ পিছুৱাই দিয়া হ’ল। পাছৰবাৰ আগৰ নিবিদাৰ চৰ্তসমূহ কিছু সাল-সলনি কৰা হয় বুলিও তেওঁ উল্লেখ কৰে।

‘’নিৰ্দিষ্ট দিনত নিবিদা নুখুলি পিছুৱাই দি পিছদিনা বাতৰি কাকতত নিবিদাৰ চৰ্ত সলনি কৰাৰ আৰঁত কি আছিল? APTECH Limited নামৰ বিশেষ এজেন্সিৰ সুবিধা হোৱাকৈ এই নিবিদাৰ চৰ্ত সমূহ সাল সলনি কৰা হৈছিল নেকি?’’ বিভাগীয় মন্ত্ৰীৰ প্ৰতি প্ৰশ্ন তালুকদাৰৰ।

নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই এই বিষয়টো উচ্চ ন্যায়ালয়ৰ পৰ্য্যায় পায়গৈ বুলি সদৰী কৰি লগতে কয়, ‘AMTRON, APTECH LIMITED আৰু AMAIN TECH LIMITED ৰ উপৰিও পাছলৈ পাঁচখন ফাৰ্মৰ নিবিদা গ্ৰহণ কৰা হয় য’ত দুখন নিবিদাত যাৱতীয় বিভাগীয় চীল মোহৰ নাছিল। গতিকে সম্প্ৰতি বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন।‘‘

ইপিনে, জলসিঞ্চন বিভাগত কোনো নতুন পদৰ সৃষ্টি হোৱা নাই বুলি দাবী কৰা মন্ত্ৰী ভবেশ কলিতাৰ বিপৰীতে তালুকদাৰে কয়, ‘‘Sub Engineer(Civil) grade-1 ৰ বাবে ২১ টা পদ, Mechanichel ৰ ১ টা, Junior Assistant (HOD) ১৫৯ টা পদ, Section Assistant 397 টা পদ, PPO ৪১ টা পদ, primary Investigator ১ টা পদ, Statistical Assistant ১ টা পদত নিযুক্তি আৰম্ভ হোৱাৰ কথা আছিল যদিও বিষয়টো ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে বন্ধ হৈ ৰ’ল।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd