NORTHEAST NOW (Assamese)

‘বি’ ডিভিজন ফুটবল প্ৰতিযোগিতাত বৰপেটা চিকিৎসা মহাবিদ্যালয় একাদশ চেম্পিয়ন

September 14, 2018 7:38 pm · পুলেন্দ্ৰ দাস
Updated: September 14, 2018 9:47 pm

চিকিৎসা শাস্ত্ৰৰ লগতে  ক্ৰীড়াক্ষেত্ৰতো উন্নত প্ৰদৰ্শন দাঙি ধৰিছে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছাত্ৰ সকলে ৷

বৰপেটা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত টিকেন্দ্ৰ নাথ দাস আৰু বিজয় চন্দ্ৰ দাস সোঁৱৰণী আন্ত ক্লাৱ “বি” ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ ছাত্ৰসকলে উন্নত প্ৰদৰ্শন দাঙি ধৰি চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি অনুষ্ঠিত চূড়ান্ত খেলখনত  বৰপেটা চিকিৎসা মহাবিদ্যালয় একাদশে চেঙা ক’চিং চেণ্টাৰক চাডেন ডেথৰ সহায়ত সামগ্ৰিকভাবে ৬- ৫ গ’লত পৰাজিত কৰে ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ হৈ লিয়ন চাকাচেপে খেলৰ ১৩ মিনিটত গ’ল স্কৰ কৰি দলক অগ্ৰগতি প্ৰদান কৰে যদিও চেঙাৰ চিচিনাম থাপাই খেলৰ অন্তিম মিনিটত এটা গ’ল দি খেলখনত সমতা স্থাপন কৰে ৷ নিৰ্ধাৰিত সময়ত খেলখন  ১- ১ গ’লত অমীমাংসিতভাবে সামৰণি পৰাত খেল পৰিচালক আলতাফ হুছেইনে ট্ৰাইবেকাৰৰ সহায় লয় ৷

চাডেন ডেথত  ৫- ৪ আৰু সামগ্ৰিকভাবে ৬- ৫ গ’লৰ ব্যৱধানত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালে একাদশ বিজয়ী হৈ  “বি” ডিভিজনৰ চেম্পিয়নৰ খিতাপ লাভ কৰে ৷

Related News