বাবা ৰাম ৰহিমৰ অনলাইন ক্লাছ : উপস্থিত বিজেপিৰ মন্ত্ৰী বিধায়ক

কেক কটাৰ পিছতেই ৰাম-ৰহিমে অনলাইন যোগে সম্পূৰ্ণ পাঁচঘন্টা অনলাইনযোগে সৎসংগ কৰে। এই সৎসংগত তেওঁ অনলাইন ক্লাছৰ দৰে অনুৰাগীসকলক বিভিন্ন জ্ঞান আৰু পৰামৰ্শ প্ৰদান কৰে।

ধৰ্ষণ আৰু হত্যাৰ গোচৰত কাৰাবন্দী হৈ থকা ভণ্ড বাবা ৰাম ৰহিমে পুনৰ এবাৰ লাভ কৰিছে পেৰেল। পেৰেলত মুক্ত হৈ আহিয়েই নিজৰ কাৰ্য-কলাপ আৰম্ভ কৰিছে ৰাম-ৰহিমে।

লগতে পঢ়কঃ বহু বছৰলৈকে শাসনত থাকিব হিমন্ত বিশ্ব – ২০২৩-২৪ ৰ পঞ্জীকাৰ ভৱিষ্যত বাণী

কেইবাটাও গুৰুত্বপূৰ্ণ অপৰাধৰ লগতে হত্যা আৰু ধৰ্ষণৰ গোচৰত ২০ বছৰৰ বাবে কাৰাদণ্ড লাভ কৰা বাবা ৰাম-ৰহিমে প্ৰায়েই পেৰেলত ওলাই আহে কাৰাগাৰৰ পৰা। যোৱা ২২ জানুৱাৰীৰ দিনা ৪০ দিনৰ পেৰেল লাভ কৰি জেলৰ পৰা ওলাই আহিছে অপৰাধীজন। বিগত ১৪ মাহত এনেদৰে চাৰিবাৰ পেৰেল লাভ কৰিছে ৰাম-ৰহিমে।

এইবাৰ পেৰেলৰ পৰা ওলাই আহিয়েই তৰোৱালেৰে কেক কাটিছে ৰাম-ৰহিমে। নিজৰ এজন সতীৰ্থ সন্ত ছাহ সৎৰামৰ জন্মদিন উপলক্ষ্যে হাতত প্ৰকাণ্ড তৰোৱাল লৈ কাটিছে কেক। ইতিমধ্যেই এই ফটো সামাজিক মাধ্যমত বিয়পি পৰিছে।

লগতে পঢ়কঃ ইউক্ৰেইনত দুৰ্নীতিৰ অভিযোগত মন্ত্ৰীসহ নিলম্বন শীৰ্ষ বিষয়াক

এইদৰে কেক কটাৰ পিছতেই ৰাম-ৰহিমে অনলাইন যোগে সম্পূৰ্ণ পাঁচঘন্টা অনলাইনযোগে সৎসংগ কৰে। এই সৎসংগত তেওঁ অনলাইন ক্লাছৰ দৰে অনুৰাগীসকলক বিভিন্ন জ্ঞান আৰু পৰামৰ্শ প্ৰদান কৰে। এই অনলাইন সৎসংগত উপস্থিত থাকে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ অ’ এছ ডি লগতে বিজেপিৰ কেইবাজনো সাংসদ আৰু বিধায়ক।