• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাবাৰ জেপত মোদীৰ চৰকাৰ! কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ উপস্থিতিতে ৰামদেৱে পুনৰ মুকলি কৰিলে ক’ৰ’ণাৰ দৰৱ কৰ’নিল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 19, 2021 3:32 pm

2 min read

a baba
172
VIEWS
Share on FacebookShare on Twitter

দৰৱ বিহীন ৰোগ কোভিডৰ দৰৱ আবিষ্কাৰ কৰা বুলি প্ৰচাৰ চলাই সৌসিদিনা দেশৰ আয়ুষ দপ্তৰৰ লগতে ৰাজস্থান চৰকাৰৰো ৰোষত পৰিবলগীয়া হৈছিল বাবা ৰামদেৱ।

ৰামদেৱৰ পতঞ্জলিয়ে আৱিষ্কাৰ কৰা বুলি দাবী কৰা ক’ৰনিল দৰৱে সাত দিনৰ ভিতৰতে ক’ৰ’ণা ৰোগীক ৰোগ মুক্ত কৰিব পাৰে বুলি ৰামদেৱে দাবী কৰিছিল।

কিন্তু সেই সময়ত আয়ুষ দপ্তৰে ক’ৰনিলক কোভিডৰ দৰৱ হিচাবে প্ৰচাৰ নচলাবলৈ ৰামদেৱক সকিয়াই দিছিল।

ইয়াৰ কেইমাহমানৰ পিছতে আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধন আৰু কেন্দ্ৰীয় পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত ৰামদেৱে ক’ৰ’ণা নিৰ্মূল কৰিব পৰা এবিধ নতুন দৰৱ মুকলি কৰে।

লক্ষ্যণীয় ভাবে এই নতুন দৰৱ বিধৰ নামো ৰখা হৈছে ক’ৰনিল।অনুষ্ঠানত ৰামদেৱে কয় যে বিদেশত গৱেষণা ন’হল বুলিয়েই ভাৰতীয় আয়ুৰ্বেদিকক অস্বীকাৰ কৰাটো উচিৎ নহয়।

আয়ুৰ্বেদ আৰু ৰামদেৱৰ ওপৰত আস্থা ৰাখিবলৈ ৰামদেৱে দেশবাসীক আহ্বান জনায়।উক্ত অনুষ্ঠানতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধনে ৰামদেৱক উচ্চ প্ৰশংসা কৰাৰ লগতে ৰামদেৱৰ ওপৰত বিশ্বাস ৰাখিবলৈ সকলোকে আহ্বান জনায়।

তেওঁ কয় যে বাবা ৰামদেৱৰ স্বপ্নই ভাৰত চৰকাৰৰো স্বপ্ন।

উল্লেখ্য কিছুদিন পূৰ্বে যোগগুৰু ৰামদেৱ নেতৃত্বাধীন পতঞ্জলিয়ে ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা মহৌষধ কৰনিল আৱিষ্কাৰ কৰা বুলি ঢাক-ঢোল বজাই প্ৰচাৰ কৰিছিল।

পতঞ্জলিয়ে আনকি ক’ৰনিল দৰৱ বিধৰ বিপণনৰ বাবেও প্ৰস্তুত হৈছিল।

কিন্তু আয়ুষ বিভাগৰ হস্তক্ষেপত প্ৰথম পদক্ষেপতে থমকি ৰ’ৱলগীয়া হৈছিল পতঞ্জলি।

ক’ৰ’ণাৰ দৰৱৰ নামত ভুৱা প্ৰচাৰ চলোৱাৰ বাবে ৰামদেৱ নেতৃত্বাধীন পতঞ্জলিক মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ১০ লাখ টকাৰ জৰিমনা বিহিছিল।আয়ুষ বিভাগেও ক’ৰনিল ক’ৰ’ণা ভাল কৰিব পৰা দৰৱ নহয় বুলি ঘোষণা কৰিছিল।

পতঞ্জলিয়ে ক’ৰ’ণাৰ প্ৰতিষেধক হিচাবে দাবী কৰা ক’ৰনিল নামৰ দৰৱ এবিধৰ পেটেণ্ট ১৯৯৩ চনতে চেন্নাইৰ অৰুদ্ৰা ইঞ্জিনিয়াৰিং নামৰ প্ৰতিষ্ঠানটোৱে লাভ কৰি থৈছে।

উক্ত প্ৰতিষ্ঠানটোৱে অম্ল পিত্তৰ দৰৱ হিচাবে কৰনিল ৯২-বি নামৰ দৰৱ বিধৰ পেটেণ্ট লাভ কৰিছিল।

ইমানৰ পিছতো পতঞ্জলিয়ে একে নামেৰে  পুনৰ দৰৱ উলিয়াই ক’ৰ’ণাৰ প্ৰতিৰোধী দৰৱ বুলি প্ৰচাৰ চলাই খোদ স্বাস্থ্যমন্ত্ৰীৰ উপস্থিতিতে আজি মুকলি কৰাৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে।কিন্তু ৰামদেৱে কি যাদুৰে চৰকাৰক মুহিলে সেয়াহে সন্দেহৰ বিষয় হৈ পৰিছে।

Recent News

IMG_20210226_131204(1)

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

b0b53582-1390-4d8f-88bb-9bbf5e7bcf98

দুৰন্ত হিমা! অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান ধিং এক্সপ্ৰেছৰ

WhatsApp Image 2021-02-26 at 12.44.26 PM

ভাৰতীয়সকলৰ বাবে সুখৱৰ! গ্ৰীণ কাৰ্ডক লৈ ট্ৰাম্পৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে জো বিডেনে

কৃষক আন্দোলন : তৃতীয়টো গোচৰত শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰৰ জামিন লাভ

কৃষক আন্দোলন : তৃতীয়টো গোচৰত শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰৰ জামিন লাভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd