কৰ’না ভাইৰাছৰ বাবে দেশত ২১ দিনীয় লকডাউন চলি আছে। ইয়াৰ ফলত কোম্পানীবোৰে কামকাজ বন্ধ কৰি দিয়াৰ পাছত ইয়াত কাম কৰা শ্ৰমিকসকল বাধ্য হৈ দিল্লীৰ পৰা খোজকাঢ়ি ঘৰ অভিমুখে যাত্ৰা কৰিবলগীয়া হৈছে।
ইয়াৰে কিছুমানে গৈ ঘৰ পোৱাৰ বিপৰীতে কিছুমানক প্ৰশাসনে মাজবাটতে আৱদ্ধ কৰি কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰিছে।
দিল্লীৰ এখন হোটেলত কাম কৰা নেপালী দম্পতিক উত্তৰ প্ৰদেশৰ ৰামপুৰ প্ৰশাসনে ৰাস্তাৰ পৰা ৰাজকীয় আশ্ৰম পদ্ধতি ইন্টাৰ কলেজত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰলৈ লৈ যায়।
কোৱাৰেন্টাইন চেন্টাৰত থাকিবলৈ লোৱা নেপালৰ মহিলাগৰাকীয়ে ইয়াতেই এটি সন্তানৰ জন্ম দিয়ে। এই সন্তানটোক নাম দিয়া হৈছে কোভিড। প্ৰশাসনে মাক আৰু শিশুৰ চোৱাচিতাৰ বাবে সকলো প্ৰকাৰৰ জৰুৰী ব্যৱস্থাগ্ৰহণ কৰিছে।
জানিব পৰা মতে, নেপালৰ বজাংগ জিলাৰ বাসিন্দা হৰকলা নামৰ মহিলাগৰাকীয়ে তেওঁৰ পতি জীৱনৰ সৈতে দিল্লীৰ এখন হোটেলত কাম কৰি আছিল।
কৰ’নাই তীব্ৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰোতেই দেশত বলবৎ কৰা লকডাউনৰ ফলত হোটেল বন্ধ হৈ পৰে। হোটেলৰ মালিকে কৰ্মচাৰীসকলক যাবলৈ দিয়াৰ পাছত হৰকলাই পতিৰ সৈতে একাংশ বাহনত আৰু পাছত খোজকাঢ়ি ৰামপুৰ পায়গৈ।
ৰামপুৰ প্ৰশাসনে হৰকলা আৰু তেওঁৰ পতিক ৰাজকীয় আশ্ৰম পদ্ধতি ইন্টাৰ কলেজত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰলৈ লৈ যায়।
কোৱাৰেন্টাইন চেন্টাৰত থকাৰ সময়তে হৰকলা হঠাতে অসুস্থ হৈ পৰে। চেন্টাৰৰ কৰ্মচাৰীসকলে ততাতয়াকৈ হৰকলাক হাস্পাতলত ভৰ্তি কৰায় আৰু তাতেই হৰকলাই এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে।
হাস্পাতলৰ কৰ্মচাৰীসকলে নৱজাতকৰ নাম কোভিড ৰাখে। স্বাভাৱিকতে কোভিড-১৯ৰ আতংক চলি থকাৰ মাজতে জন্ম হোৱা নৱজাতকৰ নাম কোভিড দি কৰ্মচাৰীসকলে সময়ৰ স্মৃতি বান্ধি ৰাখিব বিচাৰে।
অৱশ্যে কৰ্মচাৰীসকলে দিয়া এই নামৰ কোনো আনুষ্ঠানিকতা নাই। সন্তানৰ নামকৰণৰ সম্পূৰ্ণ অধিকাৰ অৱশেষত পিতৃ-মাতৃৰহে থাকিব।