• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“বদৰুদ্দিন আজমল কোনো কালেই কোনো পৰিস্থিতিতে মুখ্য মন্ত্ৰী হ’ব নোৱাৰে”, কংগ্ৰেছ

হিমন্ত বিশ্ব শৰ্মাক বদৰুদ্দিন আজমলৰ ব্ৰেণ্ড এম্বেছেদৰ আখ্যা অপূৰ্ব ভট্টাচাৰ্য্যৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 11, 2020 5:52 pm
Apurba Bhattacharya

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্য (সোঁফালে)।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বদৰুদ্দিন আজমল অসমত কোনো কালেই কোনো পৰিস্থিতিতে মুখ্য মন্ত্ৰী হ’বগৈ নোৱাৰে” বুলি আজি মন্ত্ৰী হিমন্ত বিশ্বৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিছে প্ৰদেশ কংগ্ৰেছে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সভা-সমিতিত যোৱা কেইটামান দিন CAA নানিলে বদৰুদ্দিন আজমল এদিন মুখ্য মন্ত্ৰী হ’ব বুলি ভয় দেখুৱাই অহা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Apply Now

ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই কয়, “বৰ্তমানৰ জনগাঁথনি আৰু পৰিসংখ্যাই তেনে কথা নকয়। কেইজনমান মুছলমান বিধায়ক থাকিল বুলিয়ে বদৰুদ্দিন আজমল অসমৰ ভাগ্য নিয়ন্ত্ৰক হ’ব নেকি?”

তেওঁ হিমন্ত বিশ্বক কটাক্ষ কৰে আৰু কয়, “এখন নাটক আৰম্ভ হৈছে আৰু সেইখন হৈছে গেৰুৱাকৰণৰ নাটক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সভাই-সমিতিয়ে যেনেকুৱাকৈ চিঞৰিছে যেন বদৰুদ্দিন আজমল আহি দিচপুৰত আহি মুখ্য মন্ত্ৰীৰ চকীখনত বহিলহি। তেওঁক এতিয়া মুছলমানৰ ভূতে খেদি আছে।”

আনহাতে, কেন্দ্ৰই নিশাটোৰ ভিতৰতে একপক্ষীয় পদক্ষেপ গ্ৰহণ কৰি CAA-খন বলৱৎ কৰি চৰম নিন্দনীয় কাম কৰিলে বুলি মন্তব্য কৰে ভট্টাচাৰ্য্যই।

“CAA-ৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। উচ্চতম ন্যায়ালয়ে এক সঠিক ৰায় দিব বুলি দৃঢ় বিশ্বাস। আইন বাতিল নোহোৱালৈকে কংগ্ৰেছে তীব্রতৰ আন্দোলন কৰিব”, ভট্টাচাৰ্য্যৰ মন্তব্য।

ভট্টাচাৰ্য্যৰ মতে কংগ্ৰেছ কৰ্মীসকলক ভুৱা গোচৰ জাপি দি জেইললৈ প্ৰেৰণ কৰা হৈছে। দুলীয়াজানত আৰক্ষী বুলি পৰিচয় দি কংগ্ৰেছ কৰ্মী ধ্ৰুৱ গগৈক কালি ঘৰৰ পৰা চোঁচৰাই আনি লুকুৱাই ৰাখিছে বুলি ভট্টাচাৰ্য্যই দাবী কৰে। তেওঁৰ প্ৰশ্ন, “এয়া গুপ্তহত্যাৰ পৰিকল্পনা নেকি?”

“প্ৰতিশোধ লোৱাৰ মানসিকতাৰে গুপ্তহত্যাৰ পাতনি মেলিব বুলি আমাৰ সন্দেহ হৈছে। দমন নীতি চলালে ইয়াৰ পৰিণাম শুভ নহ’ব”, ৰাজ্যৰ পৰিস্থিতি অধিক অৱনতি নঘটাবলৈ সকীয়নি দি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰজনে কয়।

চৰকাৰখনে শিল্পীকো এতিয়া “লক্ষ্য” কৰি লৈছে বুলি উল্লেখ কৰি তেওঁ কয়, “CAA-ৰ বিৰুদ্ধে শিল্পীসমাজ ওলাই অহাটোৱেই অপৰাধ নেকি যে তেওঁলোকৰ অনুষ্ঠানক লৈয়ো ১৮ শতাংশ GST লগাই দিলে? ইমান নিকৃষ্ট মানসিকতাৰে শিল্পীক জুখিবলৈ চেষ্টা নকৰিব।”

চাবুৱাৰ হিংসাত্মক ঘটনাত বিজেপি কৰ্মী জড়িত থকাৰ তথ্য ফাদিল হোৱা সন্দৰ্ভত ভট্টাচাৰ্য্যই কয়, “জোলোঙাৰ মেকুৰী ওলাবই। চাবুৱাৰ সকলো হিংসাত্মক কাৰ্য্যকলাপত বিজেপি কৰ্মী জড়িত থকা বুলি আমি আগতেই কৈছো। কংগ্ৰেছ কৰ্মীয়ে গণতান্ত্ৰিক আন্দোলন কৰে, কোনো হিংসাত্মক কাৰ্যকলাপত কংগ্ৰেছ জড়িত নহয়।”

উল্লেখযোগ্য যে শিল্পীৰ জি এছ টি সন্দৰ্ভত অপপ্ৰচাৰ চলি আছে বুলি অভিযোগ কৰি আজি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদমেল দি স্পষ্ট কৰি দিছে যে পেচাদাৰী শিল্পীসকলে নিজৰ আয়ৰ ভিত্তিত জি এছ টি দিয়াৰ নিয়ম আগৰ পৰাই আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd