বাঘজান গেছখাদৰ বিস্ফোৰণ: গুৱাহাটীত উপস্থিত ছিংগাপুৰৰ বিশেষজ্ঞৰ দল

Baghjan gas well blowout: Experts from Singapore arrive in Guwahati

তিনিচুকীয়াৰ বাঘজানত যোৱা দহদিনধৰি চলি থকা গেছখাদৰ নিৰ্গমন ৰোধ কৰিবলৈ অহা তিনিজনীয়া বিশেষজ্ঞৰ দলটো গুৱাহাটীত আহি উপস্থিত হৈছে।

ছিংগাপুৰৰ এখন ইমাৰ্জেন্সী মেনেজমেণ্ট ফাৰ্মৰ পৰা এই বিশেষজ্ঞকেইজন আহিছে।

জানিব পৰা মতে, তেওঁলোকে দেওবাৰৰ ৰাতিৰ পৰাই কাম আৰম্ভ কৰাৰ কথা।

ছিংগাপুৰত ক’ভিড-১৯ সম্পৰ্কীয় নীতি-নিয়মৰ বাবে বিশেষজ্ঞকেইজনৰ অহাত পলম হোৱা বুলি জানিব পৰা গৈছে।

ছিংগাপুৰৰ পৰা অহা বিমানখন দেওবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হয়। বিশেষজ্ঞকেইজন গুৱাহাটীৰ পৰা গাড়ীৰে বাঘজানলৈ যাব।

যোৱা ২৭ মে’ত বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ উক্ত খাদটোৰ পৰা গেছ নিৰ্গত হৈছিল।

তাৰ পিছত গাওঁখনৰ ৬৫০ পৰিয়ালৰ প্ৰায় ২৫০০ লোকক তিনিটা সাহায্য শিৱিৰলৈ স্থানান্তৰিত কৰা হয়।

অইল ইণ্ডিয়া লিমিটেডে তাৎক্ষণিক সাহায্য হিচাপে প্ৰতিটো পৰিয়ালক ৩০হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰিব।

শুকুৰবাৰে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ত বাঘজান গাওঁ মিলনজ্যোতি যুৱ সংঘৰ প্ৰতিনিধি আৰু অইলৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।