গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত আগষ্টৰ ২৫ৰ পৰা ২৮ তাৰিখলৈ অনুষ্ঠিত হোৱা ২০১৮ বৰ্ষৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত বজালী মহাবিদ্যালয়ৰ পৰা অংশগ্ৰহণকৰী দলটো ২য় সৰ্বোৎকৃষ্ট দলৰ সন্মান লাভ কৰিছে। যুৱ মহোৎসৱত বজালী মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা দলটোক বজালী মহাবিদ্যালয় পৰিয়ালে উষ্ম আদৰণি জনায়।
যুৱ মহোৎসৱত বজালী মহাবিদ্যালয়ৰ দলটোৱে বিভিন্ন ইভেণ্টত অংশগ্ৰহণ কৰে। দলটোৱে মুঠতে ১৫টা পদক লাভ কৰে।বজালী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদক ৰাকেশ তালুকদাৰৰ নেতৃত্বত যুৱ আন্তঃমহাবিদ্যালয় মহোৎসৱত অংশগ্ৰহণ কৰা দলটোৱে ৬টা সোণ, ৬টা ৰূপ আৰু ৩টা ব্ৰঞ্জৰ পদক লাভ কৰে।
অংশগ্ৰহণকাৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ চন্দনা শৰ্মাৰ অধ্যক্ষতাত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। এই সভাত পদক বিজয়ী সকলক মহাবিদ্যালয়খনৰ অধ্যাপক মণ্ডলী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত সম্বৰ্ধনা জনোৱা হয়।