• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেপালৰ নিৰ্বাচন! প্ৰাৰম্ভিক গণনাত আগবাঢ়িছে বলেন্দ্ৰৰ আৰএছপি; বহু পিছ পৰি ৰৈছে অলি-প্ৰচণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2026 1:26 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালত সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পিছত গণনা চলি আছে। জেন জেড (যুৱ প্ৰজন্ম)ৰ পছন্দৰ দল ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি (আৰ এছ পি) প্ৰাৰম্ভিক গণনাত বহু আগবাঢ়ি আছে। সেই দলৰ মুৰব্বী কাঠমাণ্ডুৰ প্ৰাক্তন মেয়ৰ বলেন্দ্ৰ শ্বাহে ঝাপা-৫ সমষ্টিত আগবাঢ়ি আছে। সেই সমষ্টিত দ্বিতীয় স্থানত আছে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা নেপাল কমিউনিষ্ট পাৰ্টিৰ মুৰব্বী কে পি শৰ্মা অলি।

প্ৰাৰম্ভিক গণনাত দেখা গৈছে যে অলিৰ দলটোৱেও নিৰ্বাচনত বিশেষ ছাপ পেলাব পৰা নাই। হিমালয়ৰ বক্ষত সোমাই থকা এই দেশখনত প্ৰত্যক্ষ নিৰ্বাচন অনুষ্ঠিত হোৱা ১৬৫খন আসনৰ ভিতৰত অলিৰ দলটোৱে পাঁচখন আসনত আগবাঢ়ি আছে। ৫০ খন আসনত আগবাঢ়ি আছে বলেন্দ্ৰৰ আৰ এছ পি।

Apply Now

নেপালৰ আটাইতকৈ পুৰণি দল গগন থাপাৰ নেপালী কংগ্ৰেছ পাঁচখন আসনত আগবাঢ়ি আছে। নেপালৰ আন এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্পকাল দহল ওৰফে প্ৰচণ্ডৰ দলে তিনিখন আসনত আগবাঢ়ি আছে। ৰুকুম পূৱ-১ সমষ্টিৰ পৰা নিজে আগবাঢ়ি আছে প্ৰচণ্ড। দ্বিতীয় স্থানত আছে নেপালী কংগ্ৰেছৰ প্ৰাৰ্থী। এই পৰ্যন্ত আন দলে দুখন আসন লাভ কৰিছে।

যোৱা ছেপ্টেম্বৰ মাহত যুৱ প্ৰজন্মৰ (জেন জেড) প্ৰতিবাদৰ বাবে নেপালত প্ৰধানমন্ত্ৰী অলিৰ চৰকাৰৰ পতন ঘটিছিল। ইয়াৰ তিনিদিন পিছতে অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে। বিভিন্ন স্তৰত আলোচনাৰ অন্তত সেই দেশৰ নিৰ্বাচন আয়োগে ৫ মাৰ্চত সংসদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰে। সেই অনুসৰি বৃহস্পতিবাৰে নেপালত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। ৬৫টা ৰাজনৈতিক দলে এই নিৰ্বাচনী যুঁজত অংশ লৈছিল।

নেপালৰ জেন জেডৰ এক বৃহৎ অংশৰ বাছনি আছিল প্ৰাক্তন গায়ক তথা ৰাজধানী কাঠমাণ্ডুৰ প্ৰাক্তন মেয়ৰ বলেন্দ্ৰ শ্বাহ। যোৱা ছেপ্টেম্বৰ মাহত জেন জেড আন্দোলনৰ অন্যতম পৃষ্ঠপোষক আছিল তেওঁ। এইবাৰ ঝাপা-৫ সমষ্টিত ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী তথা নেপাল কমিউনিষ্ট পাৰ্টি অলিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় বলেন্দ্ৰই। ২০২২ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁৰ দল ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিয়ে চতুৰ্থ স্থান লাভ কৰিছিল।

ইপিনে, ৪৯ বছৰীয়া গগন থাপাই সাধাৰণ নিৰ্বাচনৰ পূৰ্বে নেপালী কংগ্ৰেছৰ ভিতৰত অভ্যুত্থান ঘটাই প্ৰবীণ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাক সভাপতি পদৰ পৰা অপসাৰণ কৰিছিল। এইবাৰ প্ৰধানমন্ত্ৰী পদৰ দৌৰত তেওঁ অন্যতম মুখ আছিল। প্ৰাক্তন মাওবাদী গেৰিলা নেতা প্ৰচণ্ডও যুঁজত আছিল।

ছেপ্টেম্বৰ মাহত ছাত্ৰ আৰু যুৱ প্ৰতিবাদত অলি চৰকাৰৰ পতনৰ পিছত বহুতে তাত বাংলাদেশৰ প্ৰভাৱ বিচাৰি পাইছিল। ২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ কাৰণ হোৱা বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতাসকলে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টি (এন চি পি) নামেৰে এটা নতুন দল গঠন কৰে।

কিন্তু ১২ ফেব্ৰুৱাৰীত বাংলাদেশত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ পিছত দেখা গ’ল যে সেই দেশৰ জনসাধাৰণে পৰিচিত দল বিএনপিৰ ওপৰত আস্থা ৰাখিছে। আশাব্যঞ্জক প্ৰদৰ্শন দাঙি ধৰে বিএনপিয়ে।

ইপিনে, প্ৰাথমিক গণনাৰ পিছত দেখা গৈছে যে নেপালে পুৰণি বা পৰিচিত দলৰ ওপৰত নহয়, তুলনামূলকভাৱে নতুন দল আৰু নতুন নেতাৰ ওপৰত বিশ্বাস ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd